বেটুপাত

বেটুপাত

Thursday, 13 July 2017

তুমি বিহীন কলেজখন

                                                                                                             সুবাস  জুলাই ,২০১৭

আজি এমাহ বিৰতিৰ অন্তত পুনৰ কলেজলৈ যাত্ৰা কলেজৰ গেটৰ সন্মুখৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ হেঁচা-ঠেলা বৰপাত্ৰ কুটীৰৰ সন্মুখতো দেখিছো বহু কেইখন চিনাকী-অচিনাকী নতুন মুখৰ ছবি তাৰ মাজৰে দুই-এজনৰ লগত কথা পাতিছো আৰু অডিটেৰিয়ামৰ দীঘলীয়া বাৰান্দাত --- তাতো বহুকেইটা প্ৰেমিক-প্ৰেমিকাৰ যুতি আকৌ সেই আমলখি গছজোপাৰ তলতো পুৰণি ৰা মখাৰ দৈনন্দিনৰ আড্ডা  

এই এমাহৰ বিৰতিৰ পাছতো বৰপাত্ৰ কুটীৰ, অডিটেৰিয়াম একে আছে গছ কেইজোপাও আগতকৈ বেছি সেউজীয়া হৈছে কলেজৰ চৌপাশে প্ৰতিধ্বনিত হৈছে নতুনকৈ আগমন ঘটা এজাক তেজাল যৌৱনৰ হাঁহি-ধেমালী আজি জে.বি কলেজত চিনাকী-অচিনাকী বহুতো মুখ দেখিছো কিন্তু তাৰ মাজতো এখন চিনাকী চিনাকী লগা মুখৰ গৰাকীক মোৰ দুচকুৱে বিচাৰি হাহাকাৰ কৰিছে নেদেখো বুলি জানিও মোৰ চকুৱে তোমাকেই বিচাৰি ফুৰিছে  

সদায় কলেজৰ চৌপাশে নাচি থকা মোৰ উকা মন আজি কলেজত নাই আজি এবছৰে কম কম বুলি ভাবিথকা কথাষাৰ কোৱাৰ আগতেই তুমি আঁতৰি লা, এই কলেজৰ বুকুৰ পৰা তুমি কলেজ এৰি যোৱাৰ কথা মোক এবাৰো জানিবলৈ নিদিলা সেইদিনা তোমাৰ বন্ধুৰ পৰা জানিব পাৰিলো তুমি যে জে.বি কলেজৰ বুকুৰ পৰা বিৰতি লা এতিয়া তুমি বিহীন কলেজত মোৰ মন নবঢ়ে পাছকৰ্চৰ শ্ৰেণীকক্ষত কাৰণ পূৰ্বতে তোমাৰ মুখখন এবাৰ চোৱাৰ আশাতে হেঁপাহেৰে গৈছিলো ক্লাছলৈ বুলি আজিও মোৰ সেই গতানুগতিক কলেজলৈ যাত্ৰা, কাৰণ আমি পিঠিত যে কঢ়িয়াই ফুৰিছো চি.বি.চি.এছ. নামৰ এটা গধুৰ বস্তা  তুমি চাগে এই বস্তা কঢ়িওৱাৰ ভয়তে একেবাৰে কলেজেই ত্যাগ কৰিলা  

 ৰিম্পী গগৈ 

জগন্নাথ বৰুৱা মহাবিদ্যালয়