বেটুপাত

বেটুপাত

Thursday, 13 July 2017

মুখ্য সম্পাদকৰ কলমত

                                                                                                            সুবাস  জুলাই ,২০১৭
  

"অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশত সূৰ্য্য উঠা দেশ"

শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে ঠিকেই কৈ গৈছিল। অসম আমাৰ ৰূপহী আছিল আৰু ৰূপহী হৈয়ে থাকিব। কিন্ত গুণবোৰ কৰবাত কমি অহা যেন অনুভৱ হয়। লাহে লাহে যেন নুমাই আহিছে সূৰুযৰ সেই ৰঙীন আশীষবোৰ। আত্মঘাতী সিন্ধান্তত বাৰে বাৰে থমকি ৰব লগা কিয় হয় অসম আৰু অসমীয়া ?? অসংখ্য শ্বহীদৰ বলিদানেৰে  ভাষা আন্দোলন কৰি সন্মান ঘূৰাই অনা অসমীয়া ভাষা আজি বিপৰ্য্যস্ত। প্ৰায়ে অগ্ৰজসকলে দোষ দিয়ে নৱপ্ৰজন্মক। কিন্ত মূল কথাতো হ'ল সেই অগ্ৰজসকলে কিয় হেৰুৱাই পেলালে মূলসুতি??
শিপাক পাহৰি কিয় ৰঙা দলিচা পাৰি কিয় আগবঢ়াই দিলে নিজৰ সন্তানক অনা অসমীয়া শিক্ষানুষ্ঠানত শিক্ষা লবলৈ?? কিয় ক্লাবঘৰৰ চাহমেলত অসমীয়া মাতৃগৰাকীয়ে নিজৰ সন্তানে অসমীয়া ভাষা কব নাজানে বুলি গৌৰবাম্বিত হ'ল?? হয়তো উত্তৰ নোলোৱা প্ৰশ্ন এইবোৰ। কিন্ত তেওঁলোকে হয়তো কব নোৱাৰাকৈ এইবোৰৰ যোগেদিয়েই বীজৰুপণ কৰিছিল ভাষা ধংব্বস অভিযানৰ। কব নোৱাৰাকৈ।
আৰু তাৰ ফলশ্ৰুতিত আজি লজ্জানত অসমীয়া জাতি। আজি কিন্ত সুদুত্তৰ কাৰো হাতত নাই , কাৰো হাতত নাই!! এটা মেৰুদণ্ডবিহীন ভৱিষ্যতৰ ফালে ধাৱমান আমি নৱপ্ৰজন্ম। উপায়হীন আমি। এপদ দুপদকৈ খুলি পেলাবলৈ বাধ্য আমি আমাৰ সপোনৰ মুকুতাবোৰ। সমাজে বেয়া বুলি কব, চুবুৰিয়ে হাহিব। আৰু সেইবাবেই সমাজৰ ভয়ত আমি আজিও নিষ্কৰ্মাহৈয়ে বহি আছো এটি চৰকাৰী চাকৰিৰ আশাত। চাকৰি ওলাব, আবেদন কৰিম, চাকৰি পাম……এই আশাতেই কতজনে চাগে জীৱনৰ আটাইতকৈ মূল্যবান সময়খিনি পাৰ কৰিলে তাৰ হিচাপ নাই । কিন্ত প্ৰশ্ন হয় কিয় ??? কিয় এই মানসিকতা। কিয় চাকৰিবিহীন জীৱন কল্পনা কৰিয়েই ভীতিগ্ৰস্ত হয় আজিৰ নৱপ্ৰজন্ম। কোনে সৃষ্টি কৰিলে এই মানসিকতাৰ। ভাৰতৰ সকলো দিশতে আগবঢ়া ৰাজ্যসমূহৰ দৰে কিয় আমি ভাবিব নোৱাৰো ?? দোষ কাৰ গাত?? কথাই কথাই আন্দোলন, ধৰ্ণা, প্ৰতিবাদ এইবোৰ কৰি কৰ্মসংস্কৃতি কিয় বিনাশ কৰা হ’ল  অসমৰ?? কিয় পদক্ষেপ লোৱা ন’হল স্বাবলম্বিতাৰ। অসমৰ বনজ সম্পদ, খনিজ সম্পদক সদ ব্যৱহাৰ কৰি কিয় সৃষ্টি কৰিব পৰা নগল স্বমুখী বিভিন্ন প্ৰকল্প। যত আপোনমনে কৰ্মমুখী হলহেতেন লাখ লাখ নিবনুৱা যুৱক। সৃজনীশীল কথাবোৰত কিয় মৌন  আমি সকলো ?? আনক দাবি ধমকি দি এটি সৰু অংশৰ কমিছন লোৱাতকৈ কিয় আমি সকলোৱে লগ হৈ সম্পদৰ সঠিক প্ৰয়োগ কৰিবলৈ চেষ্টা নকৰো।
সমালোচনা কৰি শেষ হ'লে আত্মসমালোচনা কৰাৰ স্বভাবটো গঢ় দিবৰ সময় সমাগত। আত্মসমালোচনাই মানুহক শুদ্ধ কৰে। প্ৰকৃত পথ দেখুৱাই ।
আন্দোলন কৰিবলৈ উচটনি দিয়াসকল আমাৰ শুদ্ধ পথ পৰ্দশক হওক , মোৰ সেয়াই কামনা। ধংব্স কৰাতকৈ সৃষ্টি কৰাত গুৰুত্ব দিয়ক।
অসমৰ প্ৰাকৃতিক সৌন্দ্যৰ্যক আগস্থান দি অসমৰ প্ৰতিটো চুক কোণ  পৰ্যটকৰ কেন্দ্ৰবিন্দু কৰি তোলা হওক।  চাহ, বাঁহ, বেত আদি অতি সহজে পোৱা বনজ সম্পদসমূহক ব্যৱহাৰ কৰি অসমৰ যুৱকসকলক কৰ্মমুখী কৰি তোলক। দ্বায়িত্ব চৰকাৰৰ, দ্বায়িত্ব দল সংগঠনৰ, দ্বায়িত্ব অগ্ৰজসকলৰ।
আমি নৱ প্ৰজন্মই আপোনালোকৰ  মুখলৈ আশাৰে বাট চাই ৰলো। আশাকৰো আপোনালোকে সৃষ্টিৰে সংস্কাৰ কৰিব চুবুৰীৰ, সমাজৰ তথা দেশৰ।

শেষত “সুবাস”ৰ মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা প্ৰতিটো অজ্ঞাত ভূলৰ বাবে পাঠকবৃন্দৰ ওচৰত ক্ষমা ভিক্ষা কৰি সম্পাদনা তথা আলোচনীখনৰ বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ দি আমাক উপকৃত কৰা প্ৰতিজন শুভাকাংক্ষীলৈ সেৱা  আৰু ধন্যবাদ জনাই আপোনালোকৰ হাতত তুলি দিলো “সুবাস”ৰ জুলাই মাহৰ সংকলনটি।
ধন্যবাদেৰে

দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক

সুবাস

No comments:

Post a Comment