বেটুপাত

বেটুপাত

Thursday, 13 July 2017

অপেক্ষা মাথো তোমাৰেই

সকলোবোৰ শুই পৰে                                                              সুবাস  জুলাই ,২০১৭
  দিনটোৰ ব্যস্ততাৰ অন্তত..
 তাৰ পৰাই আৰম্ভ হয় মোৰ অপেক্ষা
    তোমাৰ বাবে...
কি কৰিবা হৃদয়খনেটো
  নুবুজে তোমাৰ ব্যস্ততা
তোমাৰ এটি মেচেজৰ আশাতেই পাৰ হৈ যায়....
 ছেকেণ্ড..মিনিট আৰু মিনিটৰ পাছৰ ঘণ্টাবোৰো...
   হঠাৎ .....!!!
ফোনটো বাজি উঠে
  উৎকন্ঠা ক্ৰমে বাঢ়ি আহে
     আঃ নাই তুমি নহয়
হাঁহিবোৰ যেন হেৰাই যাব খোজে
   বিলীন হব খোজে 
মোৰ দুই ওঁঠৰ ভাঁজে
   চেপি ধৰোঁ সিহঁতকো
মাজৰাতি উক দিয়া 
  যন্ত্ৰণা বোৰক কিমাননো আৰু 
  হাঁহিৰে ঢাকিম
কিমাননো আৰু নিশব্দে শুৱাই ৰাখিম
 অভিমান বোৰক 
দুবাহুৰ মাজত
 দুচকুৰে বৈ অহা চকুপানীবোৰৰ
কিমান নো আৰু সমাধি পাতিম
 জানা ৰাতিৰ এন্ধাৰত
প্ৰায়ে
জোনাকী বোৰে মোক ইতিকিং কৰি যায়
কৰিব দিয়া
   এইয়াতো তোমাৰ
নামৰেই যন্ত্ৰণা
হে প্ৰিয়তম প্ৰহেলিকা নহবা
  হেৰাই নাযাবা সময়ৰ সতে
বুকুৰ বালিচৰ উকা হৈয়ে ৰব
  তুমিয়ে নহলে
অভিমানৰ প্ৰাচীৰ আৰু 
    নাসাজিবা
পাৰিলে আমাৰ সপোনতোকেই দিঠক কৰা
    তুমি মই আৰু আমাৰ ভালপোৱা
    সপোন সপোন আৰু সপোন
এতিয়াতো তুমিয়ে মোৰ
   মনৰ দাপোন
আবেগ সানি মৰম দিম
   ভালপোৱাৰ কাৰেং সাজিম...
   উৰি যাম সুদূৰ পৰা সুদূৰলৈ
গভীৰৰ পৰা গভীৰলৈ
ভালপোৱাৰ দেশলৈ....!!!!!



তৃপ্তিবন্যা