বেটুপাত

বেটুপাত

Thursday, 13 July 2017

উদ্বেগ আধুনিক সমাজৰ এক অভিশাপ

                                                                                                         সুবাস  জুলাই ,২০১৭


 দ্ৰুতগতিত বৃদ্ধি পোৱা মানুহৰ ভিন্নমূখী আশা- আকাংক্ষাক পাৰ্যমানে পূৰণ কৰিবলৈ বৰ্তমান সমাজৰ প্ৰতিজন ব্যক্তিয়ে এক অঘোষিত প্ৰতিযোগিতামূলক মানসিকতাৰ আশ্ৰয় লৈছে ৷ ফলত এনে মানসিকতাই আজিৰ উঠি অহা যুৱ প্ৰজন্মৰ মাজত উদ্বেগ বা উত্তেজনাৰ সৃষ্টি কৰিছে ৷এটা কথা সঁচা যে মানুহৰ সকলো আশা- আকাংশা সমানে কেতিয়াও পূৰণ নহয় ৷ যেতিয়া এনে আশা- আকাংশা পূৰণত ব্যৰ্থ হয় তেতিয়াই মানুহৰ মনত হীনমন্যতাৰ জন্ম হয় আৰু ই ব্যক্তি মনত গভীৰ উদ্বেগৰ সৃষ্টি কৰে ৷ উদ্বেগ বৰ্তমান আধুনিক সমাজ ব্যৱস্থাৰ বিশেষকৈ যুৱ প্ৰজন্মৰ এক স্বভাৱসূলভ বৈশিষ্টলৈ পৰিণত হৈছে ৷

বৰ্তমান যুৱ প্ৰজন্মৰ মাজত বাঢ়ি অহা উদ্বেগৰ কাৰণসমূহক দুটা দিশৰ পৰা বিবেচনা কৰিব পাৰি ৷ এটা মনস্তাত্ত্বিক আৰু আনটো সমাজিক ৷প্ৰত্যেকৰে স্বভাৱজাত যুযুৎসু প্ৰবৃত্তিয়ে ব্যক্তিক স্বভাৱগতভাৱে উত্তেজিত কৰি তোলে ৷ ব্যক্তিৰ স্বভাৱত অন্তনিৰ্হিত হৈ থকা এই যুযুৎসু প্ৰবৃত্তি বহু সময়ত ৰোধ কৰিব পৰৰিলেও সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব নোৱাৰি ৷ কিয়নো সম্পূৰ্ণ নিৰ্মূল কৰিবলৈ চেষ্টা কৰিলে ই ব্যক্তিৰ ব্যক্তিত্বত বিসংগতিৰ সৃষ্টি কৰে ৷ উদ্বেগ সৃষ্টিৰ অন্যান্য মনস্তাত্ত্বিক কাৰণসমূহৰ ভিতৰত এটা গুৰুত্বপূৰ্ণ কাৰণ হ’ল- মাত্ৰাধিক অৱদমন ৷ মাত্ৰাধিক আৱেগ, অনুভূতিৰ অৱদমনেও ব্যক্তিৰ উৎসা- উদ্দীপনাৰ সজীৱতা নষ্ট কৰি উদ্বেগৰ সৃষ্টি কৰি ব্যক্তিত্ব বিকাশত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰে ৷ তদপৰি নিৰাপত্তাহীনতা, নিঃসংগতা, নেতিবাচক চিন্তাধাৰা, অত্যাধিক মাদকদ্ৰৱ্য সেৱন আদিয়েও উদ্বেগ সৃষ্টিত প্ৰভূত অৰিহণা যোগায় ৷
,
পংকজ বৰা 
সৃজনাত্মক অথবা অগতানুগতিক কাৰ্য সম্পাদনৰ ক্ষেত্ৰত উদ্বেগে কামৰ গতি বেগ হ্ৰাস কৰে ৷ ব্যক্তিৰ সংবোধনৰ ক্ষেত্ৰ সংকুচিত কৰে ৷ ফলত ফলপ্ৰসূ সমস্যা সমাধানৰ উপায় নিৰ্বাচনত ব্যৰ্থ হয় ৷ তদুপৰি উচ্চ পৰ্যায়ৰ বৈচিত্ৰ্যপূৰ্ণ আচৰণ প্ৰদৰ্শন কৰিব নোৱাৰি নিজৰ প্ৰতিভাৰ গঠনাত্মক ৰূপ দিয়াত অকৃতকাৰ্য হয় ৷ অৱশ্যে  যিকোনো সমস্যাক প্ৰত্যাহ্বান হিচাপে গ্ৰহন কৰি তাক প্ৰতিৰোধ কৰিব পাৰিলে ব্যক্তিয়ে বিকাশৰ সুযোগ লাভ কৰিব পাৰে ৷ সেয়ে সেই দিশৰ পৰা এটা  কথা স্বীকাৰ কৰিব পাৰি যে সীমিত পৰিমাণৰ উদ্বেগে ব্যক্তিৰ ব্যক্তিত্ব বিকাশত অৰিহণা যোগায় সঁচা ; কিন্তু মাত্ৰাধিক উদ্বেগে ব্যক্তিৰ দেহ মনৰ ভাৰসাম্য ৰক্ষা কৰি চলাত জটিলতা সৃষ্টি কৰে ৷
,
আজিৰ পৰিৱৰ্তিত সমাজ ব্যৱস্থাত বিশেষকৈ যুৱ সমাজৰ মাজত ভয়ংকৰ ব্যাধিলৈ ৰূপান্তৰিত হোৱা উদ্বেগ সীমিত কৰিবলৈ হ’লে প্ৰথমে আমি দ্ৰুতগতিত পৰিৱৰ্তিত সমাজ ব্যৱস্থাৰ লগত তাল মিলাবলৈ গৈ যি প্ৰতিযোগিতামূলক মানসিকতাৰ সৃষ্টি কৰিছোঁ তাক সীমিত কৰিব লাগিব ৷ বস্তুবাদী মানসিকতাক সম্পূৰ্ণৰূপে ত্যাগ কৰি জীৱন সম্পৰ্কে সুস্থ দৃষ্টিভংগী গঢ়ি তুলিব লাগিব ৷ সকলো সময়তে আত্মসংযমী হৈ আত্মবিশ্লেষণেৰে নিজৰ শক্তি সামৰ্থৰ ওপৰত বিশ্বাস ৰাখি, একে সময়তে একাধিক চিন্তাৰ পৰা বিৰত থাকি সুস্থ আৰু শুদ্ধ সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মানসিকতা গঢ়ি তুলিব পাৰিব লাগিব ৷ তেতিয়াহে আমি উদ্বেগ সীমিত কৰি নিজকে সুস্থ, সমতাপূৰ্ণ আৰু আকৰ্ষণীয় ব্যক্তিত্বৰ গৰাকী ৰূপে গঢ়ি তুলিব পাৰিম ৷

পংকজ বৰা ( সন্দিকৈ )
 মুদৈজান,টীয়ক
যোৰহাট ৷ 
মঃ ৯৮৫৯২১০৮২২