বৰ আচৰিত তুমি সুবাস জুলাই ,২০১৭
অৱচেতন মনত দুপাখি মেলি
কি দৰে যে ধৰা দিয়াহি…..
নিশাৰ অন্ধকাৰত
যেতিয়া নিস্তব্ধ হয় মেদিনী,
এখুজি দুখুজিকৈ দুচকুলৈ
নামি আহা তুমি...
এনিশাৰ বাবে ৰচি দিয়া
মনোৰম সৰগ এখনি..
দিঠকৰ কিছু প্ৰিয় চৰিত্ৰৰে
ৰচা এখন সুন্দৰ নাটিকা
যাৰ যৱনিকা পৰে
ৰ'দালিৰ আগমনত,
দুটোপাল অশ্ৰু সাক্ষী হৈ ৰয়
নয়নৰ কোনোবা কোণত...
সপোন...
আকৌ কেতিয়া আহিবা তুমি,
হৃদয়ৰ জপনা খুলি............
ময়ূঁৰ কাশ্যপ
তেজপুৰ বিশ্ববিদ্যালয়