বেটুপাত

বেটুপাত

Thursday, 13 July 2017

পূৰঠ বাঁহীৰ সীমনা

এখন মহাজীৱনৰ শীৰ্ণ তোৰণ                                               সুবাস  জুলাই ,২০১৭

এই তোৰণেদি সোমাই আহিছোঁ ক্ৰমশ: 

 চলাথ কৰিছোঁ ডাৱৰৰ ফাঁকে ফাঁকে দুবৰিৰ পাতে পাতে 

নাইবা পিতাইৰ লেকেচীপতীয়া এছাৰী লিৰিকি বিদাৰী 

আইৰ আঁচলৰ বিশ্বমুখী হাঁহিটিৰ আঁৰে আঁৰে

 কত কতই ডকাফুটা বুকুত জিৰাই
 পাতিলে মহামিলনৰ উমাল বিশ্বাস 

নিৰ্বোধ নিৰ্ভেজাল ক্লান্তিৰ জোখত  

'মই' নামৰ সত্তাটোৰ ওপৰত 

কিয় উতপীড়নৰ দস্তাবেজে অগা-ডেৱা কৰে

 পূৰঠ বাঁহীটিৰ সীমনাই সীমনাই

 সোণবৰণীয়া সপোনৰ ভাঁজে ভাঁজে এদিনটো নিজে নিজক জ্বলাই জ্বলিম

 উচপিচ ভাৱনাৰ লাজুক লাজুক খোজেৰে 

মনৰ কুঠৰীৰ ৰোগক্লিষ্ট অস্বচ্ছ পৃষ্ঠাবোৰতেই সেমেনা সেমেনিকৈ লুকাই আছে মণি মুকুতাৰ ঐক্যতান

আমি লগ দিম জীৱনৰ অলিয়ে গলিয়ে 

বাজি উঠিম তোমাৰ অথবা মোৰ মনৰ মাজুলিত 
ধিনদাও ধিনদাও গোমগোমনীৰে

উজনি নামনিৰ বুকুৰ আঁচলে আঁচলে.
       

শ্ৰী ৰাজেন দাস