বেটুপাত

বেটুপাত

Thursday, 13 July 2017

বিবাহৰ প্ৰাকক্ষণত মনৰ বাতৰি

সোণ,                                                                             সুবাস  জুলাই ,২০১৭
পিতায়ে মোৰ বিয়া ঠিক কৰিছে,
আইও অতিশয় সুখী
তেওঁৰ বৰ জীয়ৰীয়ে নৱ জীৱনৰ পাতনি মেলিবলৈ লৈছে।
ভাইটি ভন্টিৰ সুখৰো সীমা নাই,
ঘৰত যে এক উৎসবৰ পৰিৱেশে আৱৰি আছে।
আৰু মই?
মইও সুখী
পিতাইৰ কপালৰ চিন্তাৰ ৰেখাডাল
নাইকীয়া হোৱা যেন দেখি
আইয়ে পিতাইৰ সুখতে সুখী হোৱা যেন দেখি
ভাইটি ভন্টিৰ উচ্ছাহৰ খিলখিলনি শুনি।
সুখৰ সংজ্ঞা সেইদিনাই হেৰুৱালো
যিদিনা বৰজীয়ৰীৰ কৰ্তব্য বুজিলো,
জাতিভেদ প্ৰথাৰ উমান পালো,
এজনী ছোৱালীৰ সীমা শিকিলো,
যৌৱনত ভৰি দিয়েই হিয়াত অঁকা তোমাৰ প্ৰতিচ্ছবি জোৰেৰে মোহাৰিবলৈ চেষ্টা কৰিলো।
গাঁৱৰ মানুহবোৰে যেতিয়া মোৰ মূৰত হাত ফুৰাই পিতাইলৈ চাই কয়,
"তই কিন্তু বৰ জীয়ৰীক ঠিক সংস্কাৰেই দিলি
তেতিয়া অৱশ্যেই পিতাইৰ গৰ্বিত বুকু দেখি
মোৰ মনে সুখৰ বতৰা কঢ়িয়াই।
মোৰ বিয়াৰ ৰজনীত হোমৰ জুইকুৰাতেই
জ্বলি শেষ হব আমাৰ ভালপোৱাৰ চিতা।
হয়তো সেয়াই হব নিয়তিৰ দাবী...
অন্যথা,
কাল ৰাতিক মনত পেলাই দুখ কৰিলে নহবনে এটি সুকোমল পুৱাক অৱমাননা কৰা,
নহবনে বহু লোকে মোক ভাবি দেখা সপোনক পলকতে মুচৰি পেলোৱা....


স্বপ্নালী শইকীয়া
গোলাঘাট