বেটুপাত

বেটুপাত

Thursday, 13 July 2017

সুখ, দুখ আৰু হাঁহি

                                                                                    সুবাস  জুলাই ,২০১৭

পাহৰো বুলি পাহৰিব নোৱাৰি
সুখ, দুখ আৰু হাঁহি
যি সুখত প্ৰতিফলিত
জীৱনৰ আলফুলীয়া সপোন
দুখত নিৰ্গৰিত
আধা ভঙা সপোনৰ টোপ টোপ চকুলো
হাঁহিত অন্তৰ্নিহিত
সুখৰ ছিটিকনি অথবা
দুখৰ ভাৱনা গধুৰ প্ৰতিচ্ছবি।

সুখ আছে বাবেই অনুভৱ নহয়
নোপোৱাৰ বেদনাৰ প্ৰতিটো স্তৰ
দুখ আছে বাবেই অনুভৱ হয়
যন্ত্ৰণাৰ প্ৰতিটো উশাহ
অনুধাৱন হয় প্ৰতি পলে পলে
সুখৰ আনন্দময় মুহুৰ্ত
হাঁহি আছে বাবেই উপশম হয়
সুখৰ তৃপ্তি অথবা
দুখৰ অসহ্য পৰিতাপ।

পাহৰো বুলি পাহৰিব নোৱাৰি
সুখ, দুখ আৰু হাঁহি
দৰাচলতে এই তিনিও সম্বনিতে
উপলব্ধি হয় জীৱনৰ প্ৰকৃত অনুভৱ
ছন্দোময় হয় গতিশীল জীৱনৰ প্ৰতিটো খোজ।





 মৃণাল কুমাৰ বৰা