বেটুপাত

বেটুপাত

Thursday, 13 July 2017

শ্ৰীমদ্ ভাগৱত পুৰাণ-একাষাৰ

                                                                                                      সুবাস  জুলাই ,২০১৭

কৃষ্ণ ভক্তিৰসৰ অনুপম সাহিত্য, সৃষ্টিত্বৰ ৰহস্য সৰলীকৃত গ্ৰন্থ, ভগবান শ্ৰীকৃষ্ণৰ মহাজীৱনৰ ৰসভাষ্য, নানান নীতি উপদেশ, কাহিনী আদিৰে পৰিপূৰ্ণ, গভীৰ আধ্যাত্মিকতাৰ প্ৰসিদ্ধ পুৰাণ হৈছে শ্ৰী মদ্ ভাগবত৷ খ্ৰীষ্টীয় নৱম শতাব্দীত এই পুৰাণ ভাগ ৰচিত হৈছিল ভাৰতীয় সাহিত্যত পুৰাণ সমূহৰ অৱদান, জাতীয় জীৱন, সংস্কৃতি আদিত ইয়াৰ প্ৰভাব কেনেধৰণৰ তাক কৈ অন্ত কৰিব নোৱাৰি কুৰ্ম পুৰাণৰ মতে 28 জন ব্যাসে পৃথিৱীত জন্ম গ্ৰহন কৰিছিল আৰু শেষৰ জনৰ নাম হৈছে কৃষ্ণ দ্বৈপায়ন প্ৰবাদ আছে যে পুৰাণ সমূহৰ ৰচক তেওঁৱেই এই পুৰাণ সমূহত সৃষ্টি, সৃষ্টিৰ প্ৰসাৰ আৰু লয়, পুনঃসৃষ্টি, দেৱতা আৰু ঋষিসকলৰ বংশাৱলী, মনুৰ শাসন কাল, সূৰ্য আৰু চন্দ্ৰ বংশীয় ৰজা সকলৰ শাসনৰ বৰ্ণনা, দান-ধৰ্ম, বিধি, ব্যাকৰণ ,জ্যোতিষ, ভূগোল, পদাৰ্থ বিজ্ঞান, সমৰ কলা আদি নানান উপাদেয় পাঠেৰে পৰিপূৰ্ণ ৷পুৰাণসমূহ প্ৰথম অৱস্থাত এখন সংহিতা ৰূপত আছিল সময়ৰ পৰিবৰ্তনত 18 খন পুৰাণলৈ ৰূপ ললে ভাগৱত, পদ্ম,ব্ৰহ্ম, বিষ্ণু, নাৰদ  অগ্নী, মাৰ্কণ্ডেয়, ভবিষ্য, ব্ৰহ্মবাৱৰ্ত, লিংগ, বৰাহ, স্কন্ধ, বামন, বৰুণ, ব্ৰহ্মাণ্ড, শিব আৰু কুৰ্ম পুৰাণ নামেৰে পুৰাণ সমূহ ভাৰতীয় জনজীৱনৰ অংগ হৈ পৰিল

                 এই পুৰাণ সমূহৰ ভিতৰত ভাগৱত পূৰাণ আতাইটকৈ জনপ্ৰিয় আৰু প্ৰসিদ্ধ পুৰাণ ৷আদি নাৰায়ণৰ ওঁম শব্দৰ পৰাই ভাগৱত পুৰাণৰ জন্ম ৷শ্ৰী নাৰায়নে ভাদৱত পুৰাণ পদ্মযোগী ব্ৰহ্মাক কৈছে ব্ৰহ্মাই নাৰদক কৈছে নাৰদে ব্যাসক আৰু ব্যাস সুত শুকে পৰীক্ষিতক কৈছে উগ্ৰশ্ৰৱা সুতে শৌণক  ঋষিক কৈছে অনন্ত নাগে সনত কুমাৰ আদি চাৰি নাগক কৈছে মৈত্ৰেয়ই বিদূৰক কৈছে৷


               গাম্ভীৰ্য ৰচনাশৈলি, প্ৰাঞ্জল ভাষা, কথোপকথন শ্ৰুতা বক্তাৰ কথাৰে বৰ্ণনা, অতি উচ্চখাপৰ আধ্যাত্মিক দৰ্শনেৰে পৰিপূৰ্ণ শ্ৰীমদ্ ভাগৱত গ্ৰন্থৰ ৰসস্বাদৰ বাবে গভীৰ জ্ঞানৰ প্ৰয়োজন জ্ঞান যোগ, কৰ্ম যোগ , ভক্তিযোগ ,সমাজ, ৰাজনীতি, স্ত্ৰীধৰ্ম আদি দিশত এই গ্ৰন্থ ভাগত স্পষ্ট নিৰ্দেশ দেখা পোৱা যায় ৷মানবীয় প্ৰমুল্য বোধৰ নিদৰ্শন থকা বাস্তব ধৰ্মী গ্ৰন্থ খনিৰ উপাদেয় জ্ঞান আহৰণৰ ওপৰত নিৰ্ভৰ কৰে পঠন আৰু শ্ৰৱণৰ সাৰ্থকতা


মানস জ্যোতি চলিহা
গহপুৰ