বেটুপাত

বেটুপাত

Thursday, 13 July 2017

বৰষুনৰ তিনিটা স্তৱক

                                                                                                    সুবাস  জুলাই ,২০১৭

( এক )
এজাক বৰষুন.....
আৰু ভিজা ভিজা সেই আবেলিতো স্মৃতিৰ দুৱাৰ খুলি সন্তপৰ্ণে থিয় দিয়েহি আকুলসনা এযুৰি চকু,
যিয়ে খহাইছিল মোৰ মনৰ গঢ়াহ বিয়পাইছিল প্ৰেমৰ সুগন্ধি,
আৱেগৰ তাড়নাত কপি উঠিছিল শব্দহীন দুই ওঠ
সহাৰি দিছিল মাথো দুচকুৱে....
(
দুই )
এজাক বৰষুন......
নূপুৰৰ ধ্বনি তুলি
তালে তাল মিলাইছে সমীৰনৰ সৈতে, তোমাৰ অনামিকা আঙুলিত বান্ধখাই গৈছে মোৰ অনামিকা।
আমাৰ প্ৰতিটো খোজত
সচকিত হৈছে দূবৰি বন,
তোমাৰ সান্নিধ্যত শিহৰিত মোৰ সত্বা যেন তুমিয়ে সেই বৰষুনজাক চুই গৈছা মোৰ দেহৰ ভাজ।
(
তিনি )
এজাক বৰষুন.....
অপেক্ষাৰত মই
সোৱৰণিৰ দস্তাবেজ খুলি, অনুভৱিত হবলৈ প্ৰতিটোপাল বৰষুনত তোমাৰ প্ৰমৰ স্পৰ্শ, মনস্বৰত বাজি উঠে
তুমি কোৱা কথাষাৰ
"
আনৰ আগত বৰষুনত নিভিজিবা চকুত পৰিব তোমাৰ যৌৱনৰ চঞ্চলতা"
আজি তুমি নাই
খিৰিকিৰে দেখিছো এজাক বৰষুন
উত্তাল হৈ পৰিছে মোৰ হৃদয়ৰদৰে সমস্ত চৌপাশ,
নাই তাত প্ৰেমৰ শিহৰিত গান অথবা আলিংগনৰ আস্বাদ,
আস্, বুকুখন মোচৰ খাই গৈছ হেৰুৱাৰ ভয়ত
মোক, তোমাক আৰু সেই বৰষুনজাক.....

পল্লৱী খাটনিয়াৰ