বেটুপাত

বেটুপাত

Thursday, 13 July 2017

নৃতাত্বিক

                                                                                  সুবাস  জুলাই ,২০১৭

শিল ' এসময়ত 
মোৰ মৰমৰ মানুহবোৰ 
সিহঁতে বোকা ' মই 
পানী '
দেহ ' পথাৰ
এমুঠি কুৱলীয়ে আহি
আমাক সাৱটিব 
অন্তহীন সম্পৰ্ক
মোৰ আৰু কুৱলীৰ  |

শিল ' এসময়ত 
মোৰ মৰমৰ মানুহবোৰ 
কপৌ চৰাই হৈ আহ 
তোমালোক 
প্ৰজ্বলিত কৰা চকুত 
মাথোঁ শান্তি 
কল্পনাৰ ৰাজআলিৰে
মই শান্তিক বিচাৰি
গৈ আছোঁ  
তিৰবিৰাই উঠা মোৰ 
কপনিয়ে আনিলে
আশাৰ সেউজী গান  |

শিল ' এসময়ত 
মোৰ মৰমৰ মানুহবোৰ 
সুখে-দুখে কটাব জীৱনৰ
প্ৰতিটো ক্ষণ
সেউজী গানবোৰ ভগ্নাংশ '
দুখে তালে তালে 
আৱহ সংগীতৰ লহৰ দিব
সুখে মেঘ বৰন
চুলিটাৰিৰ দৰে
ঢৌ খেলি 
জীৱন বাট বুলিব
জোন-তৰাই ভ্ৰমণশীল '
নিৰস্ত্ৰ আকাশে তপত
চকুপানী টুকিব  |

শিল ' এসময়ত 
মোৰ মৰমৰ মানুহবোৰ 
নিষ্টুৰ, পাষণ্ড 
অশিষ্ট ' সিহত
কেচাঁ মাটিৰ হেফাজাত 
সিহঁত হয়  ক্ষয়
অলৌকিক মই
আৰু সকলোৱে 
বিকলাংগ ' পৃথিবীৰ 
সমস্ত পৰিধি 
উপলব্ধিত এজাক 
কপৌ চৰাই মাথোঁ 
অস্বাভাৱিক শান্তিৰ 
সুৰৰ গাত |


বাবুল চান্নী