বেটুপাত

বেটুপাত

Thursday, 13 July 2017

প্ৰাপ্তি

                                                                                                    সুবাস  জুলাই ,২০১৭
"তোমাৰ মৰমে মোক
  দেহত তুলিলে ঢৌ 
কিযে মোহনীয়া"
অপূৰ্ব শব্দবোৰে গীটাৰৰ সুৰৰ সৈতে বতাহত লাগি  আকাশ চুইছিল গৈ,তেতিয়া আবেলি হেঙুলীয়া বেলিটো লুকাই পৰিছিল সিপাৰৰ পাহাৰখনৰ আঁৰত |লাহে লাহে আন্ধাৰবোৰ নামি আহিছিল পৃথিৱীৰ বুকুলে |ভাললগা আকাশখনো তেতিয়া আৱৰি ধৰিছিল ডাৱৰে বৰষুণ অহাৰ সম্ভাৱনা আছে |তৰাবোৰো নাই আকাশত|
    মায়াৰ মনটো বিষন্নতাৰে আগুৰি ধৰিলে,জোনাক আঁতৰি যোৱাৰো পৰা তাই ভাগৰি পৰিছে | জীয়াই থকাৰ হাবিয়াসকনো হেৰুৱাই পেলাইছে তাই,সি হয়তো সুখী হোৱাৰ চেষ্টা চলাইছে নতুন প্ৰেয়সী লগত,ৰঙা সেন্দুৰে জিলিকি থাকিব মায়াৰ কপাল,ৰাতিপুৱাই উঠি  আপোনজনক জগাব লাগিব,মাক দেউতাকৰ আলপৈচান ধৰিব লাগিব,নতুন ঘৰখনৰ সকলোকে সুখী কৰিব লাগিব তাই | তাই পাৰিব,নোৱাৰাৰ কোনো কথাই নাই তাই সিমানখিনি সহ্য কৰিব পাৰিব|
    জোনাকক এৰি অহাৰ পৰা তাই যেন সকলো হেৰুৱাই পেলাইছে অন্যমনস্ক হৈ থাকে, তাই নিজেই অনুভৱ কৰিছে  এই সকলোবোৰ|
তাই বহুত চেষ্টা কৰিছে সকলো সহজভাৱে লোৱাৰ কিন্তু তাই নোৱাৰে
  জোনাকৰ মৰমলগা শান্ত মুখখন,মৰমলগা কথাবোৰ,তাইক আমনি কৰিছে বাৰুকৈয়ে,
    এমাহে ' জোনাকক লগ নোপোৱা বিয়ালৈকো নাহিল সি,কেনেকৈ আছে ,কি কৰিছে একো  নাজানে তাই | শেষবাৰৰ বাবে লগ পাইছিল কলেজ জীৱনৰ শেষৰটো দিনত
        দুয়োটাৰ চকুত বৈ পৰিছিল চকুলোৰ জীয়াঢল...
:জোনাক,তুমি মোৰ পৰা আঁতৰি যাবা?
:তোমাৰ সুখৰ বাবে এইখিনি মোৰ কৰিবলগীয়া
     তোমাক এৰি সপোন চাব পৰা শক্তি মোৰ নাই মায়া,তথাপিও মই এটাই বিচাৰো
" তুমি সুখী হোৱা"
:কবলে একোৱেই নাথাকিল......জোনাক |
     সেইদিনাই শেষ দেখা আৰু কাহানিও দেখা কৰা নহল,হুমুনিয়াহবোৰে স্মৃতিবোৰ সামৰি জীয়াই থকাৰ মেপ এখন আকিলে মায়াই ,তাকে চাই আজি স্বামী অনুৰাগ সৈতে শাহু,শহুৰৰ ভাললগা বেয়ালগাবোৰৰ মাজকে জীৱনটো চলাই থাকিল |
        এনেকৈয়ে দুখৰ দিনবোৰত  হৃদয়ত এলয়সোপামান দুখ লৈ এগৰাকী নাৰীয়ে সুখী হোৱাৰ সপোন ৰচে ,কোনে জানো কৈছিল নাৰীৰ পানীৰ দৰে,যি পাত্ৰতে থোৱা হয় তাৰে আকাৰ লয়,আৰু মায়াই তাকে কৰিছে সকলো বাধা নেওঁচি সুখী হোৱাৰ আৰু সুখী কৰাৰ চেষ্টা চলাইছে,
      খিৰিকিখন খুলি দিলে কোনোবাই 
  পোহৰ এচমকা আহি চুই ' তাইক চকু মুখে |
চকু মেলি দেখিলে অনুৰাগ ,
:আজি সোনকালে উঠিলা যে?
  মায়াই প্ৰশ্ন কৰিলে |
   সি একো নকয় আঠুকাঢ়ি বহি পৰিল হাতত কিবা লুকুৱাই ৰাখিছে অনুৰাগে,জোনাকৰ দৰে নহলেও অনুৰাগ এতিয়া তাইৰ স্বামী,
  " মায়া", 
   অনুৰাগৰ মাতত সম্বিত ঘূৰি আহিল |
অনুৰাগৰ তেনে কামত তাই আচৰিত হৈ পৰিল,
তাই  মনতে এবাৰ জোনাকক ধন্যবাদ দিলে সি আতৰি নোযোৱা হলে তাইৰ জীৱনলে অনুৰাগৰ দৰে ইমান মৰম কৰা স্বামী কাহানিও নাহিল হয় |
জোনাকে মাথো তাইক দুখৰ চোলাটো পিন্ধাই ৰাখিছিল অতদিনে..
 তাইৰ অস্হিৰতাবোৰ লাহে লাহে বুজি উঠিছে অনুৰাগে,সেইবাবে হয়তো ইমান আলসুৱাকৈ ৰাখিব শিকিছে তাইক |

হঠাত দুৱাৰ ঠেলি মাক দেউতাক সোমাই আহিল ,
"হেপ্পী বাৰ্থডে মাজনী"
শাহুৱেকক তাইক সাৱটি ধৰিলে,

   মায়াই যেন সকলো হাততে পালে
তাইৰ দুচকুৰে বৈ পৰিল প্ৰাপ্তিৰ দুটুপি চকুলো!!!


জানমনি নাথ