শেষ নিশা মোৰ সপোনত আহিছিলা তুমি ....!! সুবাস জুলাই ,২০১৭
মোক মাতিছিলা তুমি , আইজনী অ' !
ক'ত আছা ?
চাওঁ এইখিনি লোৱা ....
মই দৌৰি গৈ দেউতাৰ হাতৰ পৰা জোলোঙাখন লৈ আনিব দিয়া বস্তুটো আনিছে নে ?
আগ্ৰহেৰে চালোঁ !!!
হয় আনিছে মোৰ বাবে মিঠাই...
অ' দেউতা আৰু কি আনিছা ?
ইমান কিয় দেৰি?
হাজাৰ প্ৰশ্ন কৰিছো .।
নাই দেউতাৰ মাত নাই !!!
অ' দেউতা কি হল ??
মাত নাই যে??
হঠাতেই চকু খোল খালে !!
নাই চোন দেউতা !!
দেউতা তোমাৰ স্মৃতিবোৰে আজিও ৰিঙিয়াই ..!
তোমাৰ অবিহনে কিবা খালী লাগে ...
নিয়তিক প্ৰশ্ন কৰো কি ভূল কৰিছিল দেউতাই ?
যাৰ বাবে আমাৰ বুকুৰ মাজৰ পৰা কাঢ়ি লৈ গলি চিৰদিনৰ বাবে !!??
দেউতা আজিও অনুভৱ হয় ....
তুমি আহিবা !
পদুলীমুখত ৰৈ মাতিবা মোক..
আইজনী অ' বুলি !!
দুগালেদি বৈ যায় মোৰ অশ্ৰু দুধাৰি.....!!!!
পাপৰি মেধী