বেটুপাত

বেটুপাত

Thursday, 13 July 2017

কৃষ্ণচুড়া

মোৰ সমস্ত ভালপোৱা আজুৰি..                                           সুবাস  জুলাই ,২০১৭
বুকুৰ এটি কোনত এপাহ কৃষ্ণচুড়া ফুলিল....
     লাহে লাহে সাৰ পালে আলসুৱা মৰমে....
মগজুত কিছু নতুন শব্দই ঠাই ললে....
           
    নষ্ট ' দুখবোৰ..
বিষণ্ণ হৃদয়লৈ আতৰিলে দুৰলৈ..
     প্ৰাণ খুলি হাহিলে এধানি সুখে..
দুহাত মেলি সজোৰে সাৱতিলে মোৰ হৃদয়ক...
    
 গধুৰ বাস্তবত প্ৰতিপলে লগৰী হব খোজা ধুমুহাবোৰো পলাল..
    কৃষ্ণচুড়াৰ সুবাসত..

সহ্য নহয় বিষাদৰ..
হাৰি যায় অশ্ৰু...
ভিন্ন সমস্যাই চিঙি নিব খোজে.
তথাপি জিলিকি ৰয়....
হিয়াৰ এটি কোনত..
  এপাহ কৃষ্ণচুড়া...
    

নিবিড় নয়ন