বেটুপাত

বেটুপাত

Thursday, 13 July 2017

অকলশৰীয়া নহয়

                                                                                        সুবাস  জুলাই ,২০১৭
(ৰুবী বাইদেউৰ হাতত আন্তৰিক শ্ৰদ্ধাৰে)


আজি তাৰ ওপজা দিন।আন কেইবছৰৰ দৰেই আয়োজন কৰা হৈছে ।এজাক শিশু-কিশোৰৰ মেল বহিছে তাৰ ওপজা দিনটোত।তাৰ মৰমৰ আইতাক জনীয়েই তাৰ হৈ সি সুখেৰে থাকক বুলি চাকি এগছি জ্বলাইছে। আজি তাৰ ওপজা দিনটো আনদিনাতকৈ কিছু ব্যতিক্ৰম মাকজনী তাৰ। তাৰ বাহিৰে আছেনো কোন!! তাৰ ওপজা দিনটোৰ বাবে কমখন প্ৰস্তুতি চলাইছেনে। সকলো আহিছে তাৰ।জেঠায়েক,মাহীয়েক,মোমায়েক,বায়েক সকলো। কিন্তু সি... সি নাই। সি হেৰাই গৈছে। একেবাৰে প্ৰায় ছবছৰৰ আগতে।
মাকে তাক মৰমতে দি লোৱা নামটোৰেই সি সকলোৰে মাজত পৰিচিত 'ল। সুখে দুখে মাকৰ একমাত্ৰ সংগী সি। পৰস্পৰৰ দুখত দুখী,সুখত সুখী। মাকে গল্প লিখে,কবিতা লিখে। সি ওচৰতে বহি ছবি আঁকে। সুন্দৰ ছবি। কেতিয়াবা যদি তাৰ আৰু মাকৰ ছবি ,কেতিয়াবা এখন নীলা আকাশৰ,,,।তাৰ চকুত এসোপামান আশা।তাক লৈ,মাকজনীক লৈ। মাকজনী তাৰ ভাল বান্ধৱী। মাকে বেয়া পাব বুলি কোনো কথা নুলুকোৱাই। মাকে সমাধান দিব। সিটো তাকে বিচাৰে।
তাৰ মতেই সজোৱা ঘৰটো ৰাস্তাৰে যোৱা প্ৰতিজনৰে চকুত লগা। ঘৰটোৰ ভিতৰখন,ফুলনিখন ...   কিতাপৰ আলমিৰাটো আৰু মাকজনীয়ে তাক সজীৱ কৰি ৰাখিবলৈ সজাই ৰখা তাৰ বস্তুবোৰ। সকলোতে মাথোঁ সি..
মাকজনী তাৰ। তাৰ সমবয়সীয়া সকলোৰে মাজত তাক বিচাৰি পায়। চকুপানী লুকুৱাই,আবেগ সম্বৰণ কৰা মানুহজনী সকলোৰে প্ৰিয়। তাৰ ঘৰৰ সন্মুখত তাৰেই নাম। মাকৰ প্ৰয়াস। সি জীয়াই থাকক। সি কায়িক ভাৱে নাথাকিলেও আছে সি।সকলোৰে মাজত হয়তো সি এতিয়াও আছে মাকৰ 'তে ছাঁ হৈ,সাহস হৈ আৰু যেন মাকক কৈ আছে "মা তুমি অকলশৰীয়া নহয় চোৱা কিমান মানুহ আছে আজি তোমাৰ 'তে",।।


ঈপ্সিতা দত্ত

বোকাখাত