বেটুপাত

বেটুপাত

Thursday, 13 July 2017

সোণোৱালী শৈশৱ

                                                                                      সুবাস  জুলাই ,২০১৭
' যে এৰি থৈ আহিলো সোণোৱালী শৈশৱৰ দিনবোৰ
শৈশৱত হেঁপাহ জাগিছিল সোনকালেই ডাঙৰ হোৱাৰ
এতিয়া ডাঙৰ হোৱাত আকৌ হেঁপাহ জাগে শৈশৱলৈ ঘুৰি যোৱাৰ
শৈশৱত সুখ কি দুখ কি
পোৱা নাছিলো একোকে বুজি
মাথোঁ পখিলাৰ পাছে পাছে আনন্দ পাইছিলো দৌৰি
লিচুৰ গুটিৰে চকৰি
বনাই খেলিছিলো আমি
স্কুলত কোনোৱাই চুলি টানিলে চাৰ বাইদেউক অভিযোগ কৰি পাইছিলো ফূর্তি স্কুল চুটি হোৱাৰ পিছতে লিচু খেজুৰ বিচাৰি বাৰীয়ে বাৰীয়ে ফুৰিছিলো ঘূৰি
কিমান যে খাইছিলোঁ খেদা তথাপিও কিৰিলি পৰা হাঁহি ঘৰৰ পাছফালে সদায়েই
খেলো লুকা ভাকু আবেলি
চুটি-চুটি ফ্ৰক পিন্ধি চোতালত খেলো আচ টানি
কোনোৱাই কিবা 'লেই আইৰ আচঁলত ফেকুৰিছিলো ধৰি
এতিয়াটো নোৱাৰো আইৰ আঁচলত কান্দিব ফেকুৰি
এতিয়াই যেন আকৌ উভটি যামগৈ সোণোৱালী শৈশৱৰ দিনবোৰলৈ লৈ আহিম-
সেই মোৰ শৈশৱৰ দিনবোৰ গৈ ।।



পূৰ্ণিমা মজুমদাৰ