বেটুপাত

বেটুপাত

Thursday, 13 July 2017

বিষাদ

                                                                                              সুবাস  জুলাই ,২০১৭


কিয় বাৰু নিয়তিয়ে কাঢ়ে
মোৰ ৰঙীন সপোন ,
এন্ধাৰে মেৰিয়াই যন্ত্ৰনাময় ৰাতিবোৰ বুকুত বাঁহ সাজে
সমাধান কৰিব নোৱাৰা
বহু সমীকৰন
নিৰ্জনতাৰ কোলাহল ভাঙি,
বাট ভেটি ধৰে
এবুকু দুখৰ 'লীয়া ডাৱৰে
সুখবোৰ ধপলিয়াই
কোনোবা অজান দেশলৈ,
বিষাদে উচুপি উঠে
অলপ আলিঙ্গনৰ তাৰনাত
নিৰবে নিৰলে


ভাগ্যশ্ৰী শৰ্মা 
বৰপেটা