বেটুপাত

বেটুপাত

Thursday, 13 July 2017

কাঁইটীয়া বাটত বাটৰুৱাৰ গোলাপ

কাঁইটীয়া বাটত যেতিয়া ফুলে                                                সুবাস  জুলাই ,২০১৭
সুগন্ধি গোলাপ
দুপৰৰ পছোৱাই সুগন্ধি উৰুৱাই নি
বিলায় অচিন বাটৰুৱাক |
ব্যস্ত বাটৰুৱাৰ
আহৰি নাই
সুগন্ধি গোলাপৰ
ঠিকনা বিচাৰিব
বাটৰুৱাৰ সঁহাৰি নাপাই
লজ্জিত গোলাপে
পছোৱাকো দিলে বিদায়
নাই আৰু নাথাকো
মই !
এই পৃথিৱীত
নুফুলো কোনো দিন আৰু
কাঁইটীয়া বাটত দুনাই |
 
লক্ষী প্ৰসাদ ৰেগন

বালিগাঁও,মাজুলী