বেটুপাত

বেটুপাত

Thursday, 13 July 2017

অপ্ৰকাশিত প্ৰেমৰ গুণগুণনি

                                                                                              সুবাস  জুলাই ,২০১৭
                                
কলিং বেলৰ শব্দত সামান্য বিৰক্ত হল মৌমিতা ৷ আজি বহুদিনৰে পৰা পঢ়িম পঢ়িম বুলি পঢ়িবলৈ সময় উলিয়াব নোৱাৰা অনুৰাধা শৰ্মা পূজাৰীৰ উপন্যাস "সোণ হৰিণাৰ চেঁকুৰ" উপন্যাস খন পঢ়িবলৈ লোৱাৰ সময়তে কোনে আহি আমনি কৰিলেহি বাৰু ? উঠি গৈ দুৱাৰ খুলি দিলে তাই  ৷ আগন্তকক দেখি বিস্ময়ত থৰ লাগি গল মৌমিতা এয়া তাই ঠিকে দেখিছেনে এমুখ হাহিঁৰে দুৱাৰমুখত থিয় দি আছে নিশান্ত?
কি হল চিনি পোৱা নাই চাগৈ ?কেনেকৈ চিনি পাবা বাৰু দেখা দেখি নোপোৱাৰ আজি বহু বছৰ  হৈ গল চাগৈ..মই নিশান্ত নিশান্ত কাশ্যাপ তোমাৰ সতে কটনত একেলগে পঢ়িছিলো সেই যে কবিতা গুন গুনাই থকা,গান গোৱা, গীটাৰ বজোৱা লৰাজন……
কিয় চিনি নাপাম তোমাকএনেকুৱা এটা দিন নাই যিটো দিনত মই তোমাক মনত পেলোৱা নাই নিশান্ত তোমাৰ সপোনত বিভোৰ হোৱা নাই ,তোমাক পাবলৈ আকুল হোৱা নাই নাই মুখ ফুটাই একো কব নোৱাৰিলে তাই মাত্ৰ কলে উম মনত পৰিছে সেই যে কলেজৰ সপ্তাহত জোনাকে কানে কানে আহি কলে গানটো গায় ছোৱালীবোৰৰ হিয়াত খলকনি তুলিছিলা যে ?
ঃআৰু তোমাৰ ?
নিশান্ত প্রশ্নত থতমত খাই গল মৌমিতা৷
নাই ধেমালি কৰিছো দিয়া ….বাৰু তোমাৰ খবৰ কোৱা মৌমিতাআগতকৈ অলপ শকত হৈছা কিন্তু ধুনীয়া লাগিছে তোমাক
নিশান্ত কথাত লাজত ৰক্তীম হৈ পৰিল মৌমিতাৰ মুখ
আহা ভিতৰলৈ তাই তাক বহিবলৈ দিলে
নীলা মুখমলৰ সুকমোল ছোফাখনত বহি নিশান্তয়ে সুন্দৰকৈ কোঠাটোত চকু ফুৰালে ৷এতিয়া কোৱা নিশান্ত ইমান বছৰৰ পিছত যে ? কত থাকা এতিয়া তুমি ?
মই এতিয়া হায়দৰাবাদত থাকো তাতে নিজে চলিব পৰাকৈ কম্পেনি এটাত কাম কৰি চলি আছো ৷ এসপ্তাহ হল গুৱাহাটিলৈ অহা ৷ বহুত কষ্ট কৰি তোমাৰ ঘৰৰ ঠিকনাতো যোগাৰ কৰিছো ৷ভাবিলো তোমাক এবাৰ দেখা কৰি যাও |
ঃকিন্তু ইমান বছৰৰ পিছত মনত পৰিল কেনেকৈ তোমাৰ ?
ঃইমান বছৰৰ পিছত নহয় মৌ ….মনত পৰিয়ে থাকে আমাৰ কলেজৰ দিনবোৰবন্ধু বান্ধবীবোৰ বিকাশ ,অমৰ, শ্রুতি, নেহা আৰু আৰু তোমাক মৌমিতা….
ঃতুমি বহাচোন দেই মই তোমালৈ কফি আনো আৰু কিবা খাবা ?
ঃনালাগে কফি একাপকে হব ৰাতিপুৱা হোটেলত খাইয়ে আহিছো
তুমি হোটেলত আছা ?
হয় হোটেল ব্ৰহ্মপুত্ৰত। কফি খাই থাকিয়ে নিশান্তই কলে তোমাক যে এনেকৈ লগ পাম আশা কৰা নাছিলো ভাবিছিলো বিয়া বাৰু হৈ লৰা ছোৱালী স্বামীৰ সতে সংসাৰত ব্যস্ত কিন্তু তুমি যে এতিয়াও বিয়াত বহা নাই নে কাকো পছন্দয়ে হোৱা নাই নেকি ?
মৌমিতাই একো নকলে মাথো হাঁহিলে বাৰু তোমাৰ কথা কোৱা নিশান্ত তুমি বিয়া পাতিলা ?
বিয়া পাতিবলৈ মনে বিছৰা ছোৱালী এজনীৰ প্রয়োজোন
মোৰ মনে বিছৰা ছোৱালীজনীয়ে মোক নিবিছাৰিলে গতিকে……সি হো হোৱাই হাঁহিলে
বাৰু মৌমিতা মই এতিয়া যাও পৰহিলৈ মোৰ ফ্লাইট আছে দিনৰ এঘাৰ বজাত যদি সম্ভব হয় অহাকালি মোক এবাৰ লগ কৰিবানে ? দিঘলী পুখুৰীত সেই যে আমি গধূলি গধূলি খোজ কাঢ়িছিলো …….কিয় জানো পুৰনী দিনবোৰ বৰকৈ মনত পৰিছে ৷কোৱা আহিবানে মই ৰৈ থাকিম আবেলি
চেষ্টা কৰিম নিশান্ত নিশান্ত গুছি গল এৰি থৈ গল কোঠাটোত এজাক স্মৃতিৰ বা অলস খোজেৰে তাই বাৰন্দালৈ ওলাই আহিল ৷নিশান্ত ওলাই যোৱা গেটখন খোল খাইয়ে আছিল ৷তাইৰ কোঠাৰ খিৰিকিৰে কত দিন এই গেট খনলৈ চাই তাই বাট চাইছে ৷আহিবনে এদিন আহিবনে নিশান্ত এই গেট খন খুলি তাইৰ ওচৰলৈ ?কিন্তু নিশান্তই কোনোদিনেতো তাইক প্রতিশ্রুতি দি যোৱা নাছিল সি এদিন আহিবয়ে বুলি ……আৰু তাইয়োতো কোনোদিন তাক কোৱা নাছিল মই তোমলৈ বাট চাম বুলি……..তথাপি তথাপি এটি হেপাঁহ ,এটি অপ্রশমীত আুকুলতা এক অনাবিল বিশ্বাসে তাইক বাৰে বাৰে কয় আহিব নিশান্তত এদিন আহিবয়ে তাইক বিচাৰি আৰু আজি ?? সি সচাকৈ আহিছে ??দুচকু ভাঙি বৈ আহিল তাইৰ চকুলো সুখত আবেগত আনন্দত
তাই বাৰন্দাৰ ছিৰি এপাততে বহি পৰিল আকৌ এবাৰ ঘুৰি গল তাইৰ পাখী লগা মনটো কটনৰ সেই মৌ মিঠা দিনবোৰলৈ কটন কলেজত নাম লগাই তাইৰ মনটো সুখেৰে আপ্লুত হৈ পৰিছিল অসমৰ এখন সৰ্বাংগ সুন্দৰ উচ্চ মানৰ কলেজত পঢ়িবলৈ আহি তাই নিজকে ধন্য মানিছিল গৌৰববোধ কৰিছল ৷কিমান সপোন লৈ আহে এই লৰা ছোৱালীবোৰ এই কটন কলেজলৈ জীৱনৰ এক সোনালী অধ্যয়ৰ সুচনা কৰিবলৈ ৷সহপাঠী সকলৰ নিভাঁজ মৰম আন্তৰিকতাত মৌমিতাই পাহৰি পেলাইছিল যোৰহাটৰ ঘৰখনৰ পৰা আহি গুৱাহাটীত অকলশৰে থাকি পঢ়াৰ অবুজ বেদনাৰ কথা সিদিনা আছিল কলেজ সপ্তাহ  তাই  পাঠ কৰিছিল হিৰেন ভট্রাচাৰ্য্যৰ এটি কবিতাএটা অজুহাত পালে মই গুছি যাব পাৰোঁ যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি মই গুছি যাম, …..কবিতা পাঠ কৰি মঞ্চৰ পৰা তাই নামি আহিছিল বিপুল হাত চাপৰিৰে ৰজনজনাই গৈছিল চৌপাশ ৷শেষ চিৰিটোত ভৰি থৈ পিচলি পৰিব খুজিছিল তাই ৷চাবা লাহেকৈ বুলি লৰা এজনে টানি ধৰিছিল তাইক ৷মৌমিতাই যেন লাজত মুচকছঁহে যাব ৷লৰাজনৰ মুখৰ ফালে চাবলৈও সাহস নহল তাইৰ লৰাজনে তাইৰ কাণৰ কাষলৈ মুখখন আনি লাহেকৈ কলে ধুনীয়া কবিতা লগতে তোমাৰ মাতটোও লৰাজন মঞ্চলৈ উঠি গল ৷হাতত গীটাৰ লৈ মঞ্চত থিয় হোৱা লৰাজনলৈ এইবাৰহে তাই ভালকৈ চালে ৷মিঠাবৰণীয়া ওখ মৰমলগা মুখৰ লৰাজন ৷মাইকত ভাহি আহিল মঞ্চত এয়া নিশান্ত কাশ্যপ। নিশান্তই গাইছিল জোনাকে কাণে কাণে আহি কলে নিবীড় অবুজ ভাষাৰেআঃ কি হৃদয় পৰশা মিঠা কন্ঠ ৷গীত গাই মঞ্চৰ পৰা নামি অহা লৰাজনক বেৰি ধৰা এজাক ছোৱালীৰ মাজত নিশান্তৰ অবস্থাটো চাবলগীয়া হৈছিল ৷নাই অভিনন্দন জনাবলৈ তাই নগল তাৰ কাষলৈ ৷নিৰবে আতৰি আহিছিল তাই পিছদিনা লাইব্রেৰিত সোমাই মৌমিতাই দেখিলে নিশান্তই খুব মন দি কিতাপ এখন পঢ়ি আছে ৷তাই ধীৰ-গতিৰে তাৰ কাষলৈ গৈ ৰল ..আৰু তাৰ কাণৰ কাষলৈ মুখখন নি লাহেকৈ কলে ধুনীয়া গান লগতে তোমাৰ মাতটোও ৷সি উচপখাই মুৰ তুলি চালে তাই নৰল মিঠা হাহিঁ এটাৰে আতৰি আহিছিল তাই সেয়াযে আৰম্ভনী ৷দুয়োৰো চিনাকী বন্ধুত্ব কবিতা, গান ৷বহু সময় ,বহু শেষ নোহোৱা কথা ৷আৰু এদিন মৌমিতাই আবিস্কাৰ কৰিলে খুব সংগোপনে নিশান্তই আহি তাইৰ বুকুৰ গভীৰ কোণত সোমাই পৰিছে ৷দিনটোত নিশান্তক এবাৰ নেদেখিলে তাই ছটফটাই থাকে তাৰ ধুনীয়া চকুযুৰি ধুনীয়া হাহিঁটো নেদেখিলে তাইৰ গোটেই দিনটো যেন বিমৰ্ষ হৈ পৰে ৷পাই নে পাই নে এই খবৰ নিশান্তই? তাই যে তাৰ প্রেমত পৰিছে। সিও বাৰু ভাল পাই নে তাইক ?কলেজৰ কোনো ছোৱালীৰ সতে বেছি কথা বতৰা নপতা নিশান্তই  সুদিৰ্ঘ সময় মাত্ৰ তাইৰ সতে কথা পাতি থাকি ভাল পায় ৷ইয়াৰ অৰ্থ কি ? সিও বাৰু ভাল পায় পেলাইছে নেকি তাইক তেন্তে কিয় দিয়া নাই তাৰ হৃদয়ৰ বতৰা ?নে নিশান্তই তাইক তাৰ এজনী ভাল বান্ধবী বুলিহে ভাবে ?তাইৰ প্রতি যদি তাৰ বেলেগ একো অনুভব নাই ?কথাবোৰ তাই নুবুজা হৈ যায় ৷এনেকৈ পাৰহৈ থাকিল দিনবোৰ ৷কলেজৰ শেষৰ বছৰটোত তাই ঘৰৰ পৰা এখন চিঠি পালে ৷দেউতাকে তাইৰ বিয়া ঠিক কৰিছে লৰা ডিব্রুগড়ৰ ভাল চাকৰি কৰে ৷তাই সোনকালে ঘৰলৈ যাব লাগে ৷তাইক একো নুসুধাকৈয়ে দেউতাকে তাইৰ বিয়া ঠিক কৰাৰ বাবে তাইৰ ভিন্ন খং উঠিল। খং অভিমানত তাই দেউতাকলৈ এখন চিঠি পঠালে আৰু তাৰ কেইদিন মান পিছতে পেহিয়েকৰ পৰা তাইলৈ এটা ফোন আহিল ৷দেউতাকৰ হাৰ্ট এটেক হৈছে তিনিচুকীয়া জীৱন জৌতি নাৰচিং হোমত ভৰ্তি কৰা হৈছে এক অবুজ বেদনাত তাই হুকহুকাই কান্দিলে ৷মাত্ৰ কান্দিলে ৷মাকৰ মৃতুৰ পিছত এই দেউতাকেতো তাইক কিমান আলফুলঁৰে মৰমেৰে ডাঙৰ কৰিছে ৷তাইক লৈয়ে জীয়াই আছে মানুহটো ৷আৰু নিজৰ ছোৱালীজনীৰ বাবে লৰা এটা চোৱাৰো তেওঁৰ
অধিকাৰ নাইনে ? এয়া তাই কি ভুল কৰিলে ? সিদিনায়ে নৈশ বাছত উঠি তাই ঘৰলৈ নগৈ তিনিচুকীয়া মেডিকেল যাত্ৰা কৰিলে ৷আহিবৰ সময়ত তাইৰ দুচকুৱে এবাৰ নিশান্তক বিছাৰিছিল ৷তাক নেদেখিলে ৷নাই ভালে হৈছে ৷তাক দেখিলে তাই দুৰ্বল হৈ পৰিব ৷মাত্র তাইৰ অন্তৰংগ বান্ধবী শ্রুতিক কৈ আহিছিল ৷ঘৰত তাইৰ বিয়া ঠিক কৰাৰ কথা ,তাইৰ অমতৰ কথা ,দেউতাকৰ হাৰ্ট এটেকৰ কথা ,আৰু অবশেষত দেউতাকৰ সিদ্ধান্তটোকে গ্রহন কৰিবলৈ ঘৰলৈ গৈ থকাৰ কথা ৷শ্রুতিয়ে তাইক সাৱতি ধৰি কান্দিছিল ৷এই শ্রুতিয়েটো জানিছিল মৌমিতাৰ নিশান্তক লৈ সুগভীৰ মৌন প্রেমৰ কথা। 
বাছৰ পৰা নামিয়ে মৌমিতাই নাচিংহোমলৈ গল ৷দেউতাকৰ কেবিনত সোমাইয়ে তাই দেখিলে ওপৰলৈ মুখ কৰি দেউতাকে কিবা ভাবি আছে ৷দৌৰি গৈ দেউতাকক সাৱতি ধৰি তাই হুকহুকাই কান্দিলে মোক ক্ষমা কৰি দিয়া দেউতা  দেউতাকে মৰমৰে তাইক সাৱতি ধৰিলে
খুব ধুমধামেৰে মৌমিতাৰ বিয়াৰ আয়োজন  চলিছিল ৷ঘৰৰ সকোলোৰে মুখত হাহিঁ আৰু চকুপানিৰে ভৰি থাকিছিল তাইৰ দুচকু ৷তাই বুজি উঠিছিল ছোৱালীবোৰ বৰ অসহায় হয় নিজৰ ঘৰখনৰ কথা ভাবি পৰিয়ালৰ সুখৰ কথা চিন্তা কৰি কিমান ছোৱালীয়ে চাগৈ নিজৰ ইচ্ছা , ভাললগা সপোনক জলাঞ্জলী দিব লগা হৈছে আঃ ছোৱালীৰ জীবন নিশান্তলৈ মনত পৰি বুকুখন বিষাই উঠিছিল তাইৰ ৷তেনেকুৱাতে আহিছিল সেই খবৰটো ৷মৌমিতাক বিয়া কৰাবলৈ ওলোৱা লৰাজনে নিজৰ ভালপোৱা ছোৱালীজনক লৈ পলাই গৈছে ৷তাৰ ঘৰৰ মানুহে আহি ক্ষমা খুজিলেহি মৌমিতাৰ বাপেকৰ ওচৰত ৷খবৰটোয়ে এক আশাৰ ৰেঙনী কঢ়িয়াই আনিছিল মৌমিতাৰ মনলৈ ৷সুখৰে ভৰি উঠিছিল ৷তাইৰ বুকু ৷বাৰে বাৰে ভগবানক ধন্যবাদ জনাইছিল ৷দেউতাকে তাইক সাৱতি ধৰিছিল ৷মানুহজন দুঃখত ভাগি পৰিছিল ৷দুঃখ নকৰিবা দেউতা ৷যি হয় ভালৰ কাৰনে হয় ৷এতিয়া আৰু বিয়া বাৰুৰ কথা মোক নকবা ৷মই প্রথমে নিজক প্রতিস্থিত কৰিব খুজো ৷তাৰ পিছতহে বিয়া ৷এইমাত্র বিয়া ভাগি যোৱা ছোৱালীজনীৰ মনৰ দৃঢ়তা দেখি দেউতাক অবাক হৈছিল   তাই উভতি আহিছিল গুৱাহাটীলৈ ৷শ্রুতিক লগ কৰিছিল ৷শ্রুতিয়ে কৈছিল নিশান্ত কলেজ এৰি গুছি গৈছে ৷সকলো  সুখ মুহুৰ্ততে নহোৱা হৈ গৈছিল ।বহুদিন তাই অপেক্ষা কৰিলে ।তাই ঠিক কৰিলে নিশান্তক লগ পালে তাই মনৰ সকলো সংকোচ আতৰাই কৈ পেলাব ভালপাওঁ বুলি ৷নাই তাই আৰু তাক লগ নাপালে ৷দিন গৈ মাহ হল ,মাহ গৈ বছৰ হল আৰু এটি দুটি কৈ বছৰো বাগৰি থাকিল ৷ইয়াৰ মাজতে তাই স্কুল এখনৰ বিজ্ঞান বিষয়ৰ অধ্যপিকা  হল ৷গুৱাহাটিতে ঘৰ এটি সাজি তাই অকলশৰীয়া জীবন আৰম্ভ কৰিলে ৷তথাপি মনৰ মাজত সংগোপনে কঢ়িয়াই লৈ ফুৰিলে নিশান্তক এবাৰ লগ পোৱাৰ হেপাঁহ  ৷কেতিয়াবা তাই ভাবে সি বাৰু আছেনে এতিয়াও একেদৰে ? নে বিয়া বাৰু পাতি নিজৰ সংসাৰত ব্যস্ত ?আৰু তাই এক অহেতৈুক আশাৰে বাট চাই আছে নিশান্তলৈ? তাইৰ প্রথম প্রেমলৈ ?টেলিফোনৰ শব্দত উচপ  খাই উঠিল মৌমিতা কিমান সময় বাৰু বাৰন্ডাৰ খুটা এটাত আউজি তাই ডুবি ৰৈছিল অতীত ?তাই গৈ ফোনটো উঠালে ৷হেল্লো মিতা শ্রুতিৰ মাতষাৰ শুনি ভাল লাগি গল তাইৰ।  মিতা তই নিশান্তক লগ পাইছ ? যোৱাকালি ধাবাত, লগ পালো তাক মোৰ পৰা সি তোৰ ঘৰৰ ঠিকনাটো ললে ৷বৰ অনুৰোধ কৰিছিল জান ….. শ্রুতি সি আহিছিল আৰু অহাকালি সি মোক লগ পাব খুজিছে ৷ভাবি পোৱা নাই কি কৰো কি কৰো মানে লগ কৰিবি আক ,তাক এবাৰ লগ পাবলৈয়ে জানো তই ইমান দিনে ৰৈ থকা নাই ? কিবা কিবি কৈ শ্রুতিয়ে ফোনটো কাটিলে৷ এক বিষাদ মধুৰ অনুভৱে মৌমিতাক আছন্ন কৰি আনিলে ৷গোটেই ৰাতি তাইৰ টোপনি নাহিল শেষ ৰাতি তাই সিদ্ধান্ত ললে তাই নিশান্তক  লগ কৰিব
দীঘলী পুখুৰী পাৰৰ শিলৰ চকী এখনত খুব উদাস ভাবে বহি আছিল নিশান্ত বৰফৰ দৰে বগা ছাৰ্ট এটা পিন্ধি আছিল সি   দৃষ্টি পুখুৰীৰ বিশাল জলাশয়ত     তাই গৈ তাৰ কাষত থিয় হল ৷সি ঘুৰি চালে তাইলৈ ৷মুহুৰ্ততে তাৰ মুখখন পোহৰ হৈ পৰিল ৷মৌ….ভাবিছিলো তুমি আহিবানে নাহাতোমাক লগ নোপোৱাকৈয়ে যাব লাগিব বুলি মনটো বেয়া লাগি আছিল
তাই তাৰ কাষতে বহিল
ঃমৌ   মই কাইলৈ যামগৈ ৷নাজানো আৰু কেতিয়াবা অসমলৈ ঘুৰি আহিমনে নাহো আহিলেও আকৌ তোমাক লগ পামনে নাই সেয়াও নাজানো ৷তোমাক মোৰ অলপ কথা কব লগা আছিল ৷সেয়ে তোমাক ইয়াতে লগ কৰাৰ কথা কলো ৷কথা খিনি তোমাক কব নাপালে গোটে জীৱন হইতো মই এক সুতিব্র যন্ত্রণাত কটাব লাগিব ৷সি অলপ সময় ৰল তাৰ পিছত আকৌ কলে ৷তুমি জানানে মৌ তোমাক লগ পোৱাৰ আগলৈকে মই কোনো ছোৱালীৰ সতে বেছি কথা পতা নাছিলো ৷তোমাক  লগ পোৱাৰ পৰায়ে মোৰ কি জানো হল তোমাক এবাৰ দেখা পাবলৈ তোমাৰ সতে এবাৰ কথা পাতিবলৈ অহৰহ মনটো উদ্বাউল হৈ থাকিছিল কেতিয়াও কাৰো প্রতিয়ে অনুভৱ নকৰা এক অনামি অনুভৱ মই তোমাৰ প্রতি অনুভৱ কৰিছিলো ৷আৰু বহু পলমকৈ বুজি উঠিছিলো সেই অনুভৱৰ নাম আছিল প্রেম কিন্তু সেই প্রেম তোমাৰ আগত প্রকাশ কৰিব পৰা নাছিলো ৷কিবা এক নাম নজনা ভয়ে মোক বিহ্বল কৰি তুলিছিল ৷জানোছা তুমি মোৰ প্রেম প্রস্তাব প্রত্যাখনা কৰা মোৰ পৰা আতৰি যোৱা ….কেনেকৈ সহ্য কৰিম মই ?তাতকৈ মই অলপ সময় অপেক্ষা কৰিছিলো উমান লবলৈ মোৰ প্রতি তুমিও অনুভৱ কৰানে একে আকুলতা
          নাই নাই মোৰ সেই কথা জনাৰ কোনো উপায় নাথাকিল তেনেকুৱা এটা দিনতে তুমি কলেজ এৰি গুছি গলা ৷শ্রুতিৰ পৰা গম পালো তোমাৰ দেউতাৰ অসুখৰ কথা ৷ঘৰত তোমাৰ বিয়া ঠিক কৰাৰ কথা ,তুমি বিয়াত বহিবলৈ যোৱাৰ কথা ৷সকলো আশা হেপাঁহ হেৰাই গৈছিল ৷তুমিবিহীন ভাবে বৰ কষ্ট হৈছিল মোৰ ৷সেয়ে মইয়ো গুছি গৈছিলো কলেজ এৰি ৷ঘৰত কিছুদিন কটাই হায়দৰাবাদলৈ গুছি গলো ৷মোৰ বন্ধু এজনে মোক এটা মেচেজ দিলে যে মাল্টিনেচনেল কম্পেনি এটাত জৱ ওলাইছে সেইযে মই তালৈ গৈ তাতে ইন্টাৰভি দি জব পালো আৰু তাতে  সোমাই থাকিলো কিন্তু মই শান্তি পোৱা নাছিলো ৷তোমাৰ প্রতি থকা ভালপোৱাই মোক প্রায়ে অশান্ত  কৰি তুলিছিল সেয়ে গুছি আহিলো ৷তোমাক এবাৰ চাবলৈ ৷কেনে আছা তুমি জানিবৰ মন গৈ আছিল আহি তোমাক বহুত বিছাৰিলো ৷ভগবানক ধন্যবাদ যে কালি শ্রুতিক লগ পালো ৷তাইৰ পৰায়ে তোমাৰ ঠিকনাটো ললো। 
অবাক চাৱনিৰে মৌমিতাই মাথো চাই থাকিল নিশান্তলৈ এয়া কি কৈছে সি ? এয়া চোন সকলোবোৰ তাইৰ মনৰ কথা তেনেহলে দুখন হৃদয়ত সৃষ্টি হৈছিল একে জোৱাৰ ?তাইৰ দৰে ইমানবছৰে নিশান্তই বুকুত কঢ়িয়াই ফুৰিছিল অপ্রকাশিত প্রেমৰ গুনগুননি ? হুকহুকাই কান্দি পেলাবৰ মন গল তাইৰ
নিশান্তত থিয় হল কলে বলা মৌ বহুত দেৰি  হল তুমি ঘৰলৈ যোৱা  মই কাইলৈ যামগৈ ৷ভালকৈ থাকিবা ৷বেয়া নাপাবা  মোৰ মনৰ কথাখিনি কলো তোমাক। মনটো বহুত পাতল লাগিছে ৷হঠাতে কিবা মনত পৰাৰ দৰে সি পুনৰ বহি পৰিল তাইৰ কাষত ৷বাৰু মৌমিতা কথা এটা সুধো তুমিতো ঘৰলৈ বিয়াত বহিবলৈ গৈছিলা তেন্তে বিয়া নহোৱাৰ কাৰন ?
তাই ঘুৰি নিতান্তৰ চকুত চকু থলে আৰু কলে নিশান্ত তোমাৰ দৰে মোৰো কাৰোবাক ভাল লাগিছিল ৷তেওঁৰ বাহিৰে আনৰ সতে বিয়াত বহাৰ কথা ভাবিবয়ে নোৱাৰিলো দেখোন মোৰ সমষ্ট ভালপোঁৱা তেওঁৰ বাবে কঢ়িয়াই লৈ ফুৰিছো আজিও হঠাতে নিশান্তৰ মুখখন ম্লান পৰি গল ৷দুচকু সেমেকি উঠিল ৷এই সৰো নসৰোকৈ যেন সৰি পৰিব দুটোপাল অশ্রু তাৰ মুখখনলৈ চাই মৰম লাগি গল মৌমিতাৰ ৷গভীৰ মমতাৰে তাৰ হাত এখনত ধৰি সুধিলে তাই তেওঁ কোন জানিব নিবিছাৰানে তুমি
সি মৌন হৈয়ে থাকিলে ৷সেয়া তুমি ……তুমি নিশান্ত ৷সেই তাহানিৰ পৰায়ে মই তোমাক ভালপাওঁ ৷তোমাৰ অপেক্ষাতে পাৰ কৰি আছো  দিনৰ পিছত দিন তোমাৰ বাহিৰে মই আন কাৰো হব নোৱাৰিলো ৷বহুত ভালপাওঁ তোমাক নিশান্ত বহুত ভালপাওঁ ……এজনী সৰু ছোৱালীৰ দৰে ফেকুঁৰি উঠিল মৌমিতাই অভাবনীয় বিস্ময় আৰু আনন্দত নিশান্ত মুক হৈ পৰিল কিছুসময় স্তব্ধ হৈ থাকিল সময় সি আঠুকাঢ়ি লৈ তাইৰ চকুপানী মচি দিলে ৷আৰু গভীৰ মমতাৰে তাইৰ কপালত চুমা এটা খালে ৷আৰু কলে হায়দৰাবাদৰ  অলপ নিৰিবিলি ঠাইত মই ঘৰ এটি সাজিছো ৷কিন্তু এন্ধাৰ আৰু শুন্যতাই ঘৰটো আবৰি আছে ৷তুমি গলে পোহৰ হৈ পৰিব ঘৰটো আমি হায়দৰাবাদৰ বালেশ্বৰ মন্দিৰত  বিয়া পাতিম বলা মৌমিতা মই বৰ ভাগৰুৱা হৈ পৰিছো অলপ জিৰামগৈ তোমাৰ মৰমৰ ছাঁত আৰু শুনাচোন ঘৰটোত এখন ধুনীয়া বেলকনী আছে সুগন্ধি ফুলৰে সুবাসীতা হৈ থাকে গোটেই বেলকনীটো ৷তুমি বৰ ভাল পাবা ৷তাত তুমি মোক কবিতা শুনাবা আৰু মই তোমাক মোৰ গান
বুকু ভৰি আহিছিল মৌমিতাৰ অচিনা সুখত দুচকু ভৰি আহিছিল অবুজ আবেগত ৷কপাঁ কপাঁ মাতেৰে কলে তাই নিতান্ত মোক আজি এবাৰ শুনুৱাছোন তুমি কলেজ সপ্তাহত  গোৱা সেই গানটোজোনাকে কাণে কাণে আহি কলে……
ঠিক আছে শুনাম বাৰু কিন্তু তুমিও সেই কবিতাটো শুনাব লাগিব …‘এটা অজুহাত পালে মই গুছি যাব পাৰোঁ যেনি মন যায়, তোমাৰ সান্নিধ্যৰ যাদুকৰী ৰাতি  …মৌমিতাৰ কবিতা আৰু নিশান্তৰ গানৰ গুনগুননিৰে ভৰি পৰিল দীঘলী পুখুৰীপাৰৰ আকাশ বতাহ ৹৹৹৹

 
বিদ্যুৎ বৰা