বেটুপাত

বেটুপাত

Friday, 14 July 2017

বেচা আৰু কিনা

                                                 সুবাস  জুলাই, ২০১৭                                            

তেওঁক মোৰ ভাল লাগে ,
সেয়ে আপোনকৈ লাগে
তেওঁ আবিয়ৈ হৈয়ে '
সময় নেবেচিলে তেতিয়া
কোৱা কথা পুৰণি ' এতিয়া

সময় পাবলৈ টকাৰ প্ৰয়োজন
টকা ঘটিবলৈ লাগে সময়

নিৰ্ধাৰিত সময়ত তেওঁ কাম ধৰিবগৈ লাগে
ঘৰৰ লেঠা মাৰিবলৈ
সময় জোৰাবলৈ
তেওঁ বনকৰা মানুহ ৰাখে



নিৰু দত্ত (গগৈ)

সৰুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়

Thursday, 13 July 2017

মুখ্য সম্পাদকৰ কলমত

                                                                                                            সুবাস  জুলাই ,২০১৭
  

"অসম আমাৰ ৰূপহী, গুণৰো নাই শেষ
ভাৰতৰে পূৰ্ব দিশত সূৰ্য্য উঠা দেশ"

শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱে ঠিকেই কৈ গৈছিল। অসম আমাৰ ৰূপহী আছিল আৰু ৰূপহী হৈয়ে থাকিব। কিন্ত গুণবোৰ কৰবাত কমি অহা যেন অনুভৱ হয়। লাহে লাহে যেন নুমাই আহিছে সূৰুযৰ সেই ৰঙীন আশীষবোৰ। আত্মঘাতী সিন্ধান্তত বাৰে বাৰে থমকি ৰব লগা কিয় হয় অসম আৰু অসমীয়া ?? অসংখ্য শ্বহীদৰ বলিদানেৰে  ভাষা আন্দোলন কৰি সন্মান ঘূৰাই অনা অসমীয়া ভাষা আজি বিপৰ্য্যস্ত। প্ৰায়ে অগ্ৰজসকলে দোষ দিয়ে নৱপ্ৰজন্মক। কিন্ত মূল কথাতো হ'ল সেই অগ্ৰজসকলে কিয় হেৰুৱাই পেলালে মূলসুতি??
শিপাক পাহৰি কিয় ৰঙা দলিচা পাৰি কিয় আগবঢ়াই দিলে নিজৰ সন্তানক অনা অসমীয়া শিক্ষানুষ্ঠানত শিক্ষা লবলৈ?? কিয় ক্লাবঘৰৰ চাহমেলত অসমীয়া মাতৃগৰাকীয়ে নিজৰ সন্তানে অসমীয়া ভাষা কব নাজানে বুলি গৌৰবাম্বিত হ'ল?? হয়তো উত্তৰ নোলোৱা প্ৰশ্ন এইবোৰ। কিন্ত তেওঁলোকে হয়তো কব নোৱাৰাকৈ এইবোৰৰ যোগেদিয়েই বীজৰুপণ কৰিছিল ভাষা ধংব্বস অভিযানৰ। কব নোৱাৰাকৈ।
আৰু তাৰ ফলশ্ৰুতিত আজি লজ্জানত অসমীয়া জাতি। আজি কিন্ত সুদুত্তৰ কাৰো হাতত নাই , কাৰো হাতত নাই!! এটা মেৰুদণ্ডবিহীন ভৱিষ্যতৰ ফালে ধাৱমান আমি নৱপ্ৰজন্ম। উপায়হীন আমি। এপদ দুপদকৈ খুলি পেলাবলৈ বাধ্য আমি আমাৰ সপোনৰ মুকুতাবোৰ। সমাজে বেয়া বুলি কব, চুবুৰিয়ে হাহিব। আৰু সেইবাবেই সমাজৰ ভয়ত আমি আজিও নিষ্কৰ্মাহৈয়ে বহি আছো এটি চৰকাৰী চাকৰিৰ আশাত। চাকৰি ওলাব, আবেদন কৰিম, চাকৰি পাম……এই আশাতেই কতজনে চাগে জীৱনৰ আটাইতকৈ মূল্যবান সময়খিনি পাৰ কৰিলে তাৰ হিচাপ নাই । কিন্ত প্ৰশ্ন হয় কিয় ??? কিয় এই মানসিকতা। কিয় চাকৰিবিহীন জীৱন কল্পনা কৰিয়েই ভীতিগ্ৰস্ত হয় আজিৰ নৱপ্ৰজন্ম। কোনে সৃষ্টি কৰিলে এই মানসিকতাৰ। ভাৰতৰ সকলো দিশতে আগবঢ়া ৰাজ্যসমূহৰ দৰে কিয় আমি ভাবিব নোৱাৰো ?? দোষ কাৰ গাত?? কথাই কথাই আন্দোলন, ধৰ্ণা, প্ৰতিবাদ এইবোৰ কৰি কৰ্মসংস্কৃতি কিয় বিনাশ কৰা হ’ল  অসমৰ?? কিয় পদক্ষেপ লোৱা ন’হল স্বাবলম্বিতাৰ। অসমৰ বনজ সম্পদ, খনিজ সম্পদক সদ ব্যৱহাৰ কৰি কিয় সৃষ্টি কৰিব পৰা নগল স্বমুখী বিভিন্ন প্ৰকল্প। যত আপোনমনে কৰ্মমুখী হলহেতেন লাখ লাখ নিবনুৱা যুৱক। সৃজনীশীল কথাবোৰত কিয় মৌন  আমি সকলো ?? আনক দাবি ধমকি দি এটি সৰু অংশৰ কমিছন লোৱাতকৈ কিয় আমি সকলোৱে লগ হৈ সম্পদৰ সঠিক প্ৰয়োগ কৰিবলৈ চেষ্টা নকৰো।
সমালোচনা কৰি শেষ হ'লে আত্মসমালোচনা কৰাৰ স্বভাবটো গঢ় দিবৰ সময় সমাগত। আত্মসমালোচনাই মানুহক শুদ্ধ কৰে। প্ৰকৃত পথ দেখুৱাই ।
আন্দোলন কৰিবলৈ উচটনি দিয়াসকল আমাৰ শুদ্ধ পথ পৰ্দশক হওক , মোৰ সেয়াই কামনা। ধংব্স কৰাতকৈ সৃষ্টি কৰাত গুৰুত্ব দিয়ক।
অসমৰ প্ৰাকৃতিক সৌন্দ্যৰ্যক আগস্থান দি অসমৰ প্ৰতিটো চুক কোণ  পৰ্যটকৰ কেন্দ্ৰবিন্দু কৰি তোলা হওক।  চাহ, বাঁহ, বেত আদি অতি সহজে পোৱা বনজ সম্পদসমূহক ব্যৱহাৰ কৰি অসমৰ যুৱকসকলক কৰ্মমুখী কৰি তোলক। দ্বায়িত্ব চৰকাৰৰ, দ্বায়িত্ব দল সংগঠনৰ, দ্বায়িত্ব অগ্ৰজসকলৰ।
আমি নৱ প্ৰজন্মই আপোনালোকৰ  মুখলৈ আশাৰে বাট চাই ৰলো। আশাকৰো আপোনালোকে সৃষ্টিৰে সংস্কাৰ কৰিব চুবুৰীৰ, সমাজৰ তথা দেশৰ।

শেষত “সুবাস”ৰ মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা প্ৰতিটো অজ্ঞাত ভূলৰ বাবে পাঠকবৃন্দৰ ওচৰত ক্ষমা ভিক্ষা কৰি সম্পাদনা তথা আলোচনীখনৰ বিভিন্ন ক্ষেত্ৰত দিহা পৰামৰ্শ দি আমাক উপকৃত কৰা প্ৰতিজন শুভাকাংক্ষীলৈ সেৱা  আৰু ধন্যবাদ জনাই আপোনালোকৰ হাতত তুলি দিলো “সুবাস”ৰ জুলাই মাহৰ সংকলনটি।
ধন্যবাদেৰে

দেৱব্ৰত শৰ্মা
মুখ্য সম্পাদক

সুবাস

সুবাসৰ এই মাহৰ অতিথি

                                                                                                   সুবাস  জুলাই ,২০১৭ 

"সুবাস" ৰ এই মাহৰ সাক্ষাৎকাৰ শিতানৰ বাবে নব প্ৰজন্মৰ জনপ্ৰিয় কবি,সমাজ সেৱক শ্ৰদ্ধাৰ "ৰোনাল্ডো টাইড" ডাঙৰীয়াৰ সৈতে সুবাস পৰিয়ালৰ হৈ মই মত বিনিময় কৰিছিলো । আহক চোন তেঁওৰ বিষয়ে আৰু কবিজনৰ উন্নত চিন্তাধাৰাৰ লগত চিনাকি হঁও ।

নব প্ৰজন্মৰ এজন জনপ্ৰিয় কবি হিচাপে আপোনাক মানুহে জানে বা বিশ্বাস কৰে । আপুনি আপোনাৰ সাহিত্য চৰ্চা আৰম্ভনি কেতিয়া কেনেদৰে আৰম্ভনি কৰিছিল জনাব চোন ।
 👉      কিতাপ পঢ়িব জনা হোৱাৰ পৰাই কিতাপৰ প্ৰেমত পৰিছিলো । কিতাপৰ পৃথিৱীখনত সোমাই সন্ধান কৰিছিলো এখন অন্য এখন পৃথিৱী ।সেয়েহে কিতাপ পঢ়ি পঢ়িয়েই সাহিত্যৰ মাজত সোমাই পৰিলো। সৰু কালৰে পৰাই সাহিত্য সাধনাত ব্ৰতী হ'লো।

আপোনাক কবিতা লিখিবলৈ কিহে অধিক অনুপ্ৰাণিত কৰে ?
👉   মানুহ আৰু প্ৰকৃতি ভালপাওঁ। হৃদয়ৰ অনুভৱ আৰু মগজুৰ তাগিদাই কবিতাই লেখিবলৈ অনুপ্ৰাণিত কৰে।

নদী আৰু নাৰী ৰ কবি হিচাপে আপোনাৰ কবি সমাজত বিশেষ নাম আছে । আপোনাৰ কবিতাত এই বিষয়টোয়ে মূখ্য স্থান পোৱা আমি দেখিবলৈ পাঁও । এই বিষয়টোৱে আপোনাক কিয় ইমান আকৰ্ষিত কৰে জনাব নে ?
👉       মহাভাৰতৰ দ্ৰৌপদীৰ দিনৰ পৰা দিল্লীৰ ডামিনী কাণ্ডলৈ, ৰামায়ণৰ সীতাৰ ওপৰত হোৱা অত্যাচাৰৰ পৰা আজিৰ তাৰিখলৈ নাৰীৰ ওপৰত হোৱা অত্যাচাৰ আৰু অবিচাৰে মোৰ মনটো বিদ্ৰোহী কৰি তুলিলে। কবিতা প্ৰতিবাদৰ অন্য এক ভাষা। কবিতাৰ জৰিয়তে অন্যায় অবিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি যাম। সেয়েহে নাৰীক মোৰ কবিতাৰ অন্যতম উপজীব্য হিচাপে গ্ৰহণ কৰিছো।
       আনহাতে নদী পৃথিৱীৰ আশ্চৰ্যকৰ সৃষ্টি । নদী মাতৃৰ সমতুল্য। নদী সৃষ্টিৰো আদিম প্ৰতীক। সেয়েহে যুগ যুগ ধৰি মানুহৰ নদীৰ প্ৰতি আছে সীমাহীন আকৰ্ষণ । নৈপৰীয়া মানুহ হিচাপেও আছে নদীৰ প্ৰতি মোৰ বিশেষ আকৰ্ষণ ।সেয়েহে নদী মোৰ কবিতাৰ অন্যতম উপজীব্য।

 আপোনাৰ প্ৰকাশিত কবিতাৰ সংকলন কেইখনৰ নাম কব চোন । আৰু অনাগত দিনত পঢ়ুৱৈ সমাজক পাব লগীয়া নতুন সংকলনৰ পৰিকল্পনা কৰিছে নেকি ?
👉      মোৰ কাব্য সংকলন সমূহ হৈছে :
1)নাৰীবোৰ ধুনীয়া ফুল হৈ ফুলি থাকক
2) চম্পাৱতী নেখেদিবি তই বতা চৰাই
3) ডেচদিমনা তোমাৰ প্ৰেমিক হ'ব খোজো মই।
      জাপানী হাইকু কবিতাৰ ষ্টাইলত ছুটি ছুটি কবিতাৰ এখন সংকলন কৰাৰ আছে একান্তই আশা।

  বহুতেই কয় অসমীয়া সাহিত্য সমাজত এক লবিৰ জন্ম লৈছে । এই লবি, কবি সন্মিলনৰ পৰা আৰম্ভ কৰি বটাঁ বাচনি অনুষ্ঠানলৈ ছানি ধৰিছে । আপুনি এই বিষয়ে কি কয় ?
👉      একেবাৰে সঁচা কথা যে বহু সাহিত্য অনুষ্ঠানত এতিয়া নিজৰ মন পছন্দৰ মানুহক শাসনত বহুৱাৰ কৌশল। কবিৰ সভাত অকবি মনোভাৱৰ ব্যক্তিৰ পয়োভৰ। ছলেবলে পদবী দখলেই হৈছে মূল লক্ষ্য । এয়া নিতান্তই সাহিত্যৰ পথাৰৰ এক দুখজনক ঘটনা। সময় থাকোঁতে এনে অপতৃণবোৰক উভালিব লাগে। এনে লবীৰ অপমৃত্যু হওক-মোৰ একান্তই আশা।

অসম সাহিত্য সভা আমাৰ অসমৰ এটা জাতীয় অনুষ্ঠান । এই অনুষ্ঠানে পূৰ্বৰ গৰিমা বোৰ ধৰি ৰাখিব পাৰিছে নে ? অসম সাহিত্য সভাই আমাৰ সমাজ খন প্ৰতিফলিত কৰিব পাৰিছে নে ?
👉       বিশ্বৰে আটাইতকৈ বৃহৎ সাহিত্য অনুষ্ঠান হৈছে অসম সাহিত্য সভা। অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত সাহিত্য সভাৰ বহু অৱদান আছে। আগৰ কিছু গৰিমা হ্ৰাস হলেও পুনৰ অসমীয়াৰ মাজত সমন্বয়ৰ প্ৰক্ৰিয়া গঢ়িবলৈ চেষ্টা কৰা যেন অনুমান হয়। অসম সাহিত্য সভাই সকলো দুৰ্নাম আঁতৰাই অসমীয়া জাতিক গঢ় দিয়ক--মোৰ অনন্ত আশা।

বৰ্তমান নব প্ৰজন্মৰ অসমীয়া সাহিত্যৰ প্ৰতি ৰাপ তেনেই কম । পঢ়া লেখা ইংৰাজী মাধ্যমত হোৱাৰ বাবে উঠি অহা যুৱ তথা কিশোৰ সকলে অসমীয়া পঢ়িব ইচ্ছা নকৰে । ই আমাৰ সাহিত্যক কেনে সংকেট দিছে বুলি আপুনি ভাবে ?
👉       সাহিত্য জাতিৰ দাপোণ। সাহিত্যই প্ৰতিফলিত কৰে জাতি এটাৰ মানদণ্ড। প্ৰতিজন অসমীয়াই অসমীয়া ভাষা শিকাটো এক প্ৰধান কৰ্তব্য । ইংৰাজী শিকিলেও অসমীয়া ভাষাটোও সমানে চৰ্চা কৰি জাতিৰ প্ৰতি অৱদান আগবঢ়োৱা উচিত।

বহুতেই কয় নবীন লেখক সকল অধ্যয়নশীল নহয় , ইয়াৰ বিষয়ে আপুনি কি কয় ?
👉      অধ্যয়নে মানুহৰ মন-মগজু পৰিপুষ্ট কৰে,যি পৈণত সাহিত্যৰ সৃষ্টি কৰাত সহায় কৰে। নতুন এচামে কিতাপ নপঢ়াৰ কথাষাৰ যুক্তি সংগত যদিও বহুতো অধ্যয়নপুষ্ট নবীন লেখক-লেখিকা আছে-- যি এদিন সাহিত্যৰ পথাৰত নিজকে প্ৰতিফলিত কৰিব পাৰিব বুলি মই আশাবাদী ।

কেইদিনমানৰ আগতে " অকবিতা " শব্দটো খুব চৰ্চাত আছিল । আপোনাৰ মতে অকবিতা কি ?
👉      কবিতা-অকবিতা একে আষাৰে উত্তৰ দিবলৈ কিছু জটিল । মোৰ দৃষ্টিত অকবিতা হৈছে "কবিতাৰ অন্যৰূপ, অৰ্ধ প্ৰস্ফুটিত এপাহ ফুলৰ দৰে, যাক বুজিব পাৰি, সহজে সংজ্ঞা দিব নোৱাৰি।

পঢ়ুৱৈ সকলে প্ৰায়ে কোৱা দেখা যায় যে বৰ্তমান সময়ত দিনক দিনে কবিৰ সংখ্যা সাংঘাটিক হাৰত বৃদ্ধি পাইছে । কিন্তু তথাপিও পাঠকৰ মনত সাঁচ বহুৱাব পৰা কবিতা সংখ্যা তেনেই কম । অসমীয়া নবীন লেখক সকলৰ কবিতাৰ ৰুচিবোধৰ প্ৰয়োজন বুলি আপুনি ভাবে নে ?
👉       আমি সদায় বেছি পঢ়িব লাগে/ কম লেখিব লাগে। এতিয়া এচাম কবিৰ ক্ষেত্ৰত সম্পূর্ণ ওলোটা ছবি দেখা গৈছে। আমি প্ৰচুৰ অধ্যয়ন, মনন আৰু চিন্তনৰ জৰিয়তে উৎকৃষ্ট কবিতা সৃষ্টি কৰিব লাগিব ।

নবীন লেখক লেখিকা সকলক আগুৱাই যাৱলৈ আপুনি আপোনাৰ ফালৰ পৰা আমাৰ আলোচনীৰ যোগেদি কিবা দিহা পৰামৰ্শ আগবঢ়াব বিচাৰে নেকি ?
👉     সাহিত্য হৈছে সাধনাৰ প্ৰতিফলন। একেদিনাই কেতিয়াও সাহিত্যিক হ'ব নোৱাৰি। সেয়েহে নবীন চামে প্ৰচুৰ অধ্যয়নৰ জৰিয়তে মানসিক উৎকৰ্ষ সাধন কৰক/ জ্ঞানৰ জ্যোতিৰে নতুন সাহিত্য সৃষ্টি কৰক--এয়াই মোৰ অনন্ত আশা।

 অসমীয়া কবিতাৰ বৰ্তমান স্থিতি সম্পৰ্কে আপুনি কিবা কব খোজে নেকি ? বৰ্তমান স্থিতিক লৈ আপুনি সুখী নে ?
 👉   সাম্প্ৰতিক সময়ত বহু কেইজন কবিয়ে ভাল ভাল কবিতা সৃষ্টি কৰি কাব্য সাহিত্যলৈ অৱদান যোগাই আহিছে-এয়া সুখৰ কথা। কবিতাৰ জয় হওক -মোৰ আছে অলেখ শুভকামনা । সদৌশেষত সুবাসৰ সুবাস চাৰিওফালে বিয়পি পৰক--তাৰেই শুভকামনা জনালো।

ৰোনাল্ডো টাইড ডাঙৰীয়াৰ দ্বাৰ সম্পাদিত গ্ৰন্থ সমূহঃ
১) অইচেং  2) যি মৃত্যু হৈ পৰে শিল্প  ৩) অই-নি:তম

 কবিতাৰ পথাৰত তেখেতৰ ন ন সৃষ্টি আমি সদায়ে আশা কৰো । আমাৰ সুবাস পৰিয়ালৰ ফালৰ পৰা তেখেতলৈ অলেখ শুভকামনা আৰু সাক্ষাৎকাৰটোৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো ।

সংগ্ৰাহক:-
সৌৰভ জ্যোতি দত্ত
সহকাৰী সম্পাদক

 সুবাস

চিনাকি

                                                                                                            সুবাস  জুলাই ,২০১৭

'বাইলটো হাতত লৈ নেত খুলি ফেচবুকত আজি দিনটো ' কি হৈছে কোনে কি দিছে চাবলৈ ধৰিলে ৰীমায়ে ১৫ টাকৈ অনুৰোধ আহিছে তাইলৈ.... তাৰে ভিতৰত ১২ গৰাকী পুৰুষ , ভিন্ন বয়সৰ ফেচবুকত ব্যস্ত থকাটো তাইৰ নিচা নহয় একমাত্ৰ পুত্ৰ নিবিড় স্কুললৈ যোৱাৰ পাছত দিনটোলৈ আজৰি তাই ব্যৱসায়ৰ কামত অনুজ প্ৰায়ে বাহিৰত থাকে অনুজ ৰীমাৰ স্বামী প্ৰকাণ্ড চৌহদৰ ঘৰটোত সময়বোৰ নাযায় নুপুৱাই যেন লাগে ৰীমাৰ অকলশৰীয়া সময় বোৰ পাৰ কৰিবৰ বাবে তাই ফেচবুকত এটা একাউণ্ট খুলি লৈছিল লাহে লাহে তাই অনুভৱ কৰিছে ফেচবুকৰ পৃথিৱী খন এক বিচিত্ৰ পৃথিৱী ' সকলো ধৰণৰ মানুহ লগ পোৱা যায় ৰীমায়ে বৰ বেছি চাটিং নকৰে , লগৰ দুজনী মানৰ লগত মাজে সময়ে কথা পাতে বেলেগে দিয়া আপডেট বিলাক চাই সময় পাৰ কৰে
      ৰীমাই তাইলৈ আজি অহা বন্ধু অনুৰোধ বিলাকৰ প্ৰফাইল বিলাক মন কৰিলে আৰু এটা এটাকৈ খুলি চালে ১২ জনৰ জন কলেজৰ 'ৰা অলপ অলপ চাই জনৰ অনুৰোধ ৰাখি বাকী খিনি ডিলিত কৰি দিলে
      লগে লগে Hi.... thanx 4 my accepting my request বুলি মেছেজ এটা আহি সোমাল তাইৰ ইনবক্সত এইমাত্ৰ বন্ধু এজনৰ মেছেজ ভদ্ৰতাৰ খাতিৰত তাই ৱেলকাম বুলি ৰিপ্লাই দি কথা আগবঢ়াব নিবিচাৰিলে লগে লগে সিজনে দিলে -"কি খবৰ?ভালনে?" কোনোবা চিনাকি ' পাৰে বুলি ৰীমাই পুনৰ মেছেজ কৰিলে --"ক্ষমা কৰিব আপোনাক মই চিনি পোৱা নাই " লগে লগে সিজনৰ উত্তৰ আহিল--"মোক চিনি নাপাব , অচিনাকি 'লেও কথা পাতিব নোৱাৰি নেকি ?" মেছেজটো পঢ়ি ৰীমা আচৰিত ' অচিনাকি 'লেও কথা পাতিব পাৰি কিন্তু সেইবুলি যাৰ তাৰ লগত কথা পাতিব নেকি তাই ? আকৌ মেছেজ -"কি ', reply নাই যে ?" খং উঠি ' ৰীমাৰ আৰু লগে লগে ব্ল' কৰি দিলে তাই কেইদিন মানৰ আগতে কেইবাজনকো ব্ল' কৰিছে প্ৰথমে ভদ্ৰ ভাৱে কথা পাতি লাহে লাহে সীমা পাৰ হৈ আহিব খুজিছিল এগৰাকী নাৰীয়ে ভদ্ৰতাৰ খাতিৰত মেছেজ ৰিপ্লাই দিলে বুলি বেলেগ দৃষ্টিৰে চাব বিচাৰে এওঁলোকে মিনিট চিনাকি হোৱাৰ পাছতে এচাম পুৰুষে খুলি চাব বিচাৰে নাৰীৰ অন্তৰখন
        আকৌ এটা অনুৰোধ অহা যেন পালে ৰীমায়ে চাব মন নকৰিলে তাই ফোনটো তাতে এৰি পাকঘৰৰ কামত লাগিল ফোনটো ৰিং কৰি থকা গম পায় তাই পাকঘৰৰ পৰা অহা ৰিচিভ কৰিলে অনুজৰ ফোন ঘৰ আহি পোৱা দেৰি ' নাচাওঁ বুলিও ফোনটো হাতত লৈ পুনৰ ফেচবুকত সোমাই পৰিল ৰীমা অলপ আগতে অহা অনুৰোধটো অনুজ নামৰ কোনোবা এজনৰ প্ৰফাইলটো চাই কোন হয় ধৰিব নোৱাৰিলে... তাইৰ চহৰৰে হয় বহুত ভাবি অনুৰোধটো ৰাখিলে আগ্ৰহ নাছিল যদিও তাইৰ স্বামী অনুজৰ নামৰ সৈতে একেই হোৱা দেখিয়েই ৰাখিলে তাই অনুৰোধটো মিনিট অপেক্ষা কৰিলে ৰীমায়ে সিফালৰ পৰা সিজনে কিবা মেছেজ দিয়ে নেকি ? নাই অহা মেছেজ সিফালৰ পৰা ৰাতি শোৱাৰ আগলৈকে কেইবাবাৰো চালে অনুজ নামৰ মানুহ জনৰ কিবা মেছেজ আহে নেকি?নাই....এতিয়ালৈকে এটাও মেছেজ নাহিল।
       পিছদিনা ৰাতিপুৱা নিবিড়ক স্কুললৈ আৰু অনুজক কামলৈ খুৱাই বুৱাই বিচনা খনত পেট পেলাই ফোনটোৰ নেট অন কৰিলে ৰীমাই ইনবক্সত মেছেজ কেইটামান দেখি অনুজ বুলি চাই দেখে লগৰ দুজনীমানৰহে মেছেজ অনুজৰ এটাও মেছেজ নাই , ফেচবুকত এনেয়ে চকু ফুৰালে ৰীমায়ে অৱশেষত এঘণ্টা মান পাছত তাইলৈ বুলিয়ে অনুজ বোলা জনে ফেচবুকত ধুনীয়াকৈ সকলোৱে দেখাকৈ লিখিলে -"অনুৰোধ ৰক্ষা কৰাৰ বাবে ধন্যবাদ " তাই লগে লগে নিদি অলপ পাছত "ৱেলকাম" বুলি মেছেজ এটা দিলে আন দহজন পুৰুষৰ দৰে মেছেজ নিদি সকলোৱে দেখাকৈ লিখিছে এইজনে এতিয়ালৈকে যিমান বন্ধু ফেচবুকত পাইছে সকলোতকৈ কিছু ক্ষেত্ৰত যেন ব্যতিক্ৰম এইজন দিনটো তাই কেইবাবাৰো ফেচবুক খুলিলে , কিন্তু এই অনুজ বোলা জনৰ পৰা একো মেছেজ নাহিল
        পিছদিনা দুপৰীয়া তাইৰ ইনবক্সত মেছেজ এটা আহিল অনুজ বোলা জনৰ-"আপোনাৰ ইনবক্সত কেতিয়াবা মেছেজ কৰিলে বেয়া নাপায়তো ?" তেওঁ ৰিপ্লাই দিলে -"বন্ধু হিচাপে মেছেজ কৰিলে বেয়া পোৱা কথাই নাহে " অনলাইনত নাই অনুজ বোলাজন মাজে মাজে ৰীমাৰ মেছেজৰ যোগেদি ৰীমাৰ লগত কথা হয় কথা মানে কি আৰু ভাল....বেয়া... কি কৰিছা,কৰবাত গলা নেকি ?...এইবোৰেই ৰাতি শোৱাৰ সময়ত স্বামী অনুজক সকলোবোৰ কথা কোৱাতো ৰীমাৰ নিয়ম নহলে তাইৰ ভাল নালাগে ফেচবুকৰ নতুন বন্ধুৰ কথা স্বামীৰ আগত কয় ৰীমাই অনুজে হাঁহি এটা মাৰি বেলেগ কথা উলিয়াই কেতিয়াবা মাজে সময়ে ৰীমাক অনুজে জোকাই - "সেইজন অনুজক পাই এইজনক পাহৰি নোযোৱাটো ? খং উঠি যায় তাইৰ অনুজে গম পাই ...ৰীমাৰ খং উঠিছে
          একেখন চহৰতে ঘৰ ফেচবুকৰ অনুজ আৰু ৰীমাৰ কিন্তু কোনখিনিত ঘৰ সেইয়া নকলে তেওঁ বিবাহিত আৰু এটা সন্তানৰো পিতৃ পত্নী পুত্ৰৰ প্ৰতি অশেষ ভালপোৱা আছে মানুহ জনৰ ভিন্ন কামত ব্যস্ত থকাৰ বাবে পৰিয়ালক বেছি সময় দিব নোৱাৰে সেই কাৰণে দুখ কৰে ৰীমাৰ আগত এনেদৰে অনুজ আৰু ৰীমাৰ ভাল বন্ধুত্ব গঢ়ি উঠিল।
        কালিলৈ অনুজ আৰু ৰীমাৰ বিবাহ বাৰ্ষিকী বিগত বছৰ বোৰৰ দৰে এইবাৰো ঘৰতে এই বিশেষ দিনটোত বন্ধু বান্ধৱীক মাতি সৰুকৈ এটা পাৰ্টি ঠিক কৰিছে অনুজ আৰু ৰীমায়ে একেখন চহৰতে থকা তাইৰ ফেচবুকৰ বন্ধু অনুজক মতা কথাটো স্বামী অনুজক 'লে আৰু তেওঁ হাঁহি এটা মাৰি অনুমতি দিলে ৰীমায়ে মেছেজ দিলে অনুজলৈ ... তেওঁৰ লগতে পৰিয়ালটোকো আনিবলৈ 'লে প্ৰথমে অনুজ মান্তি হোৱা নাছিল আহিবলৈ পাছত ৰীমাৰ নেৰেনেপেৰা অনুৰোধত আহিম বুলি সন্মতি দিলে কিন্তু কামৰ পৰা বাহিৰে বাহিৰে আহিব লগা হোৱা কাৰণে পৰিয়াল লগত নিব নোৱাৰিম বুলি কলে অনুজে
          বিবাহ বাৰ্ষিকী বুলি ৰীমাৰ গাত তত নাই তাতে সদায় কথা পাতি থকা বন্ধু আহিব ইটো সিটো বনাই ব্যস্ত হৈ আছে ৰীমা নিজকে অলপ সজাবলৈ আছে তাইৰ ৰীমাক চাই চাই অনুজৰ হাঁহি উঠিছে আৰু পাছফালৰ পৰা সাৱটি ধৰি ৰীমাৰ কাণত কাণ  লগাই কলে - "ফেচবুকৰ বন্ধু আহিব বুলি 'তেই নাই গাত আমাৰ ফালেও অকণমান সময় দিবা " ৰীমায়ে "চাওঁ আতৰা ১২ বাজি ' দেখা নাই ১বজাত আলহী আহিব মই কাপোৰ সলাই আহোঁ "

          বজাৰ পৰা লাহে লাহে এজন দুজনকৈ আলহী আহিব ধৰিলে ৰীমাৰ চকু গেটৰ এতিয়ালৈকে তাইৰ ফেচবুক বন্ধু অহা নাই বজালৈকে নাহিল বন্ধু অনুজ অপেক্ষা কৰি কৰি অস্থিৰহৈ পৰিছে ৰীমা এতিয়ালৈকে কিয় আহি পোৱা নাই সেয়া সুধিবলৈ আজি দিনটো এবাৰ অনলাইন হোৱা নাই ফেচবুক বন্ধু অনুজ তাইৰ মনটো বেয়া লাগিল , চকী এখনত বহি পৰিল তাই ৰীমাৰ কান্ধত হাত 'লে অনুজে "বুজিছা অনুজ , ফেচবুকৰ চব মানুহ একেই চাগৈ " অনুজে লাহেকৈ ফোনটো উলিয়াই ৰীমাৰ হাতত দিলে আৰু ফেচবুকৰ মেছেজ দেখালে অনুজৰ মেছেজ ! তাৰ মানে ???অবাক দৃষ্টিৰে তালৈ চাই থকা ৰীমাৰ থুঁতৰিত ধৰি জোকাৰি দিলে অনুজে -"তোমাৰ ফেচবুক বন্ধু অনুজ  এয়া তোমাৰ সন্মুখত " ....তাৰ মানে তুমিয়েই ... "উম... ময়ে তোমাৰ ফেচবুক বন্ধু অনুজ দিনৰ দিনটো , আনকি কেতিয়াবা ৰাতিও তোমালোকৰ কাষৰ পৰা আঁতৰি থাকিব লগা হয় মই এজন স্বামী বা দেউতাক হিচাপে তোমালোকক মই যিমান সময় দিব লাগিছিল সিমান খিনি দিব পৰা নাই স্বামী হিচাপে তোমাক কি দিব পাৰিছো মই নাজানো , তোমাৰ বন্ধু হিচাপে ফেচবুকত অলপ সময় দিবলৈ মই একাউণ্টতো খুলি 'লোঁ আৰু তোমালৈ অনুৰোধ পঠালো আৰু তুমি....." অনুজৰ কথা শেষ 'বলৈকে নাপালে , ভুকু দুটামান দিবলৈ হাত খন মুঠি মাৰি অনুজলৈ খেদা মাৰি ' ৰীমায়ে " তুমি...তুমি ইমান দিনে কিয় লুকুৱাই ৰাখিছিলা মোৰ পৰা ?" অনুজৰ পিঠিত ভুকুৱাই থকা ৰীমাক টানি আনিলে বুকুৰ মাজলৈ " চাৰপ্ৰাইজ দিবলৈ আকৌ ! কেনে পালা মেৰেজ দে' ছাৰপ্ৰাইজ ?" হাঁহি হাঁহি তাইক বুকুত তাইক বুকুৰ মাজত সুমুৱাই লোৱা অনুজক জোৰেৰে সাৱটি ধৰিলে ৰীমায়ে


জুৰিমণি গগৈ