বেটুপাত

বেটুপাত

Sunday, 11 June 2017

আকৌ এবাৰ ঘুৰি যাবিনে আই সেই তাহানিৰ দিনলৈ

চেনেহৰ আচঁল খন আজি
আকৌ এবাৰ বহলাই পাৰিবিনে আই,
তোৰ কোলাত মুৰ থৈ
আকৌ এবাৰ শুবলৈ মন গৈছে,
আকৌ এবাৰ শুনাবিনে আই
' গোৱা সেই  উমলা গীতৰ
সুমধুৰ সুৰটি,
কলুষতাই আৰু যান্ত্ৰিকতাই ঢুকি নোপোৱা সেই অতীতলৈ
আকৌ এবাৰ ঘুৰি যাবিনে আই,
আকৌ এবাৰ শিকাবিনে
জীয়াই থকাৰ  আদি পাঠ,
আকৌ বাৰু দিবিনে '
জীৱন যুঁজত যুঁজাৰ
সেই মহান আশীৰ্বাদ
কষ্ট হৈছে ' আই
আজি বৰ কষ্ট হৈছে,
বাস্তৱ জীৱনৰ এই নিষ্ঠুৰ সময়ে
আজি মোক প্ৰতি পল কন্দুৱাইছে,
কলুষতা আৰু যান্ত্ৰিকতাৰ অধম কীটটোৱে মোক
চেপি খুন্দি মাৰিছে,
সেই বাবেই কৈছোঁ
যাবিনে আই
যাবিনে মোৰ লগত
এৰি অহা সেই তাহানিৰ  দিন বোৰলৈ !

নীহাৰিকা বৰা

No comments:

Post a Comment