বেটুপাত

বেটুপাত

Sunday, 4 June 2017

মুখ্য সম্পাদকৰ কলমত

জন্ম  আৰু মৃত্যুৰ ওপৰত আমাৰ অধিকাৰ নাই | আমি পৃথিৱীত মানুহ নামৰ প্ৰাণীবিধ হৈ জন্মগ্ৰহণ কৰিছো আৰু জীয়াই আছো । সকলো জীৱৰে জন্মৰ মূল উৎস মাক । আচলতে এগৰাকী মাতৃৰ বাবেই  এটা জীৱই এই  পৃথিৱীৰ মুখ দেখিবলৈ পায় । গৰ্ভঅৱস্থাত থকাৰ পৰাই এটি সন্তানৰ বাবে নিজৰ মাতৃয়ে যি কষ্টস্বীকাৰ কৰে সেয়া অমূল্য | মানৱ জাতিৰ লগতে আন জীৱ জন্তৱেও নিজৰ মাতৃক সমীহ তথা সন্মান কৰি চলা দেখা যায় ।
কিন্ত আজিকালি যে দিনবোৰ সলনি হৈছে । মানুহৰ চিন্তাধাৰা সলনি হৈছে । সভ্যতাৰ অতিমাত্ৰা পোহৰে নাইকিয়া কৰি পেলাইছে মানুহৰ হৃদয়ৰ পৰা মানৱতাৰ শেষ অস্তিত্বকণো।  মানৱ জাতি অতি মাত্ৰা হ্ৰিংসুক হৈছে  । আৰু লগে লগে গুৰুত্ব কমি গৈছো মাকৰো। নমনা হৈছে মাকক !!! প্ৰায়ে শুণিবলৈ পোৱা যায় সম্পত্তিৰ কাৰণে নিজৰ মাক দেউতাকৰ  লগত হোৱা  কন্দলৰ কথা । বহুতে হত্যা পৰ্যন্ত কৰা দেখা যায় । কথাবোৰ কিন্ত বেয়া হৈছে । অতিমাত্ৰা বেয়া  হৈছে । অৰ্থৰ পিছত দৌৰি দৌৰি মৰিচিকা খেদি ফুৰা মানুহে নিজৰেই অস্বিত্ব পাহৰি পেলাইছে।  ফলত দিনে দিনে বাঢ়ি আহিছে বৃদ্ধাশ্ৰমৰ সংখ্যা । বহুতৰ হয়তো সঠিক অৰ্থত অসুবিধা হৈছে মাকক লগত ৰাখিবলৈ । মানি লব পাৰি বাৰু । কিন্ত দেখা গৈছে যে কোনো বিশেষ অজুহাত অবিহনেও নিজৰ মাক দেউতাকক বৃদ্ধাশ্ৰমত থোৱা ব্যক্তিৰ সংখ্যাও তাপ্যযপূৰ্ণ ভাৱে বাঢ়িছে। বহুতেই আকৌ কথাটো ওপৰে ওপৰে উৰুৱাই দিছে । কিন্ত সামগ্ৰিক ভাৱে লক্ষ কৰিলে দেখা যায় যে সমস্যাটো তেওলোক থকা নথকাৰ ওপৰত নহয় । মই অৱলোকন কৰিব বিচাৰিছো যে বৃদ্ধাশ্ৰমৰ প্ৰয়োজন কিয় হয় ?
নিজৰ মাক বা দেউতাকক নিজৰ লগত ৰাখিব কিয় পৰা নায়ায়?? হয়তো সবল যুক্তি কাৰো ওচৰত নোলাব। আৰু যুক্তি থাকিলেও মানৱীয় সত্তাৰ ওপৰত আমি যোৱা উচিত নহয় । আমাৰ দ্বায়িত্ববোধ জাগি উঠিব লাগে  মাতৃৰ প্ৰতি , পিতৃৰ প্ৰতি । কোনো আইনৰ প্ৰয়োজন নাই । আমাৰ দ্বায়িত্ববোধেই যথেষ্ট এই সমস্যাটো শেষ কৰিবৰ বাবে ।
যোৱা ১৩ মে' তাৰিখত আন্তৰাষ্টীয় মাতৃ দিৱস পালন কৰা হ'ল । সকলোৱে হয়তো নিজৰ মাকক এবাৰলৈও হলেও শুভেচ্ছা যাচিলে । বহুতেই মাকৰ লগত ফটো এখন তুলিলে । ভাল কথা, বছৰটোত অন্তত এদিন তেওৰ বাবে উদযাপন কৰিব পৰা পৰাটো গৌৰবৰ কথা। কিন্ত সেই পৰম্পৰাটো বৰ্তি থাকিব লাগে। বছৰটোৰ এদিন নহয়, প্ৰতিটো দিনতেই প্ৰতিগৰাকী মাতৃয়ে সেই একেই মৰম, একেই সন্মান পাব লাগে । বছৰৰ প্ৰতিটো দিনতেই |
শেষত সমূহ আইমাতৃৰ চৰণত প্ৰণাম যাচি, মুখ্য সম্পাদকৰ গুৰু দ্বায়িত্ব পালনত হোৱা প্ৰতিটো ভূলৰ বাবে সমূহ পাঠকৰ ওচৰত ক্ষমা ভিক্ষাৰে সকলোলৈ তুলি দিলো "সুবাস" ৰ মে' মাহৰ এই খণ্ডটি।

দেৱব্ৰত শৰ্মা
সুবাস

No comments:

Post a Comment