বেটুপাত

বেটুপাত

Sunday, 4 June 2017

বিষাদ

ফাগুণৰ ৰঙীন ফাকুৰ দৰে
সপোনবোৰ ৰঙীণ
হৈ পৰিছিল,
বিষাদৰ সেই অন্ধকাৰ কোঠাত
আশাৰ ৰেঙণিয়ে ভূমুকি মাৰিছিল মতলীয়া পছোৱাৰ দৰে।
মনটোও যেন উন্মনা হৈ পৰিছিল নৈ পাৰৰ শুকান বালিত,
হেপাঁহৰ বালিঘৰটো জিলিকিছিল নীলা আকাশৰ শুকুলা
ডাৱৰৰ দৰে ।
দুখন হৃদয়ে লুকা ভাকু খেলিছিল,
তুমিবিহীনতাত  যেন সকলো উকা হ'ল।
ৰৈ গ'ল আশাৰ
পানশৈ খনি,
মৰহি গ'ল ৰঙা গোলাপৰ পাহিটি।
বিয়পিল চৌপাশে বিষাদৰ সুবাস।
জিলিকিল প্ৰতিটো মূহুৰ্তই স্মৃতিৰ দলিচাত...........!



পৰশ নেওগ

No comments:

Post a Comment