বেটুপাত

বেটুপাত

Sunday, 11 June 2017

বলিয়া কবিৰ স্বপ্ন

তাইৰ সেউতাৰে বলিয়া কবিজন পঙপঙাই ফুৰিছে ,
বিচাৰি ফুৰিছে তাইৰ বুকলৈ যোৱা সেই শেলাই গজা বাট__
যিটো বাটেৰে এদিন নীলিম ফুকন , নীলিম কুমাৰ গৈছিল ___
কুটুহা-কুটুহি তেওঁৰ চুলি,
হাতত এটা কলম , এমুঠি শব্দ , এমুঠি ঘাম লগা কবিতা
দুচকুত এমুঠি এলান্ধু লগা সপোন
বুকুত ক্ৰমশঃ উজাই অহা এটা পুৰাতন দুখ...
তাইৰ সেউতাৰে পঙপঙাই বিচাৰি ফুৰে তাইৰ বুকলৈ যোৱা বাট
তাইৰ দুৰ্দান্ত প্ৰেমিক কবিজনৰ এটাই সপোন , তাইৰ হৃদয়ত সোমাই ,
তাইৰ হৃদয়ৰ কঠিন শিলবোৰত , তেওঁৰ কবিতাবোৰ খোদিত কৰিব
বলিয়া কবিজন পঙপঙাই ফুৰিছে তাইৰ সেউতাৰে ,
বিচাৰি ফুৰিছে তাইৰ বুকলৈ যোৱা বাট...
                             

 ৰাজকুমাৰ

No comments:

Post a Comment