বেটুপাত

বেটুপাত

Sunday, 11 June 2017

যন্ত্ৰণা

কেতিয়া আৰু কেনেকৈ তুমি যে আহি
সোমাই পৰিছিলা ,
মোৰ হৃদয়ৰ বন্ধ দুৱাৰ ভাঙি 
গমকেই নাপাইছিলো।
বৈ যাব খুজিছিল পৃথিৱীৰ বুকুয়েদি
সংগোপনে আৰু এখন নদী।
ৰঙা গোলাপৰ দলিচাত
শুই পৰিছিলো আমি দুয়ো 
সেয়া জানো সপোন আছিল? 
বুকুৰ ভিতৰত থকা ঘাঁ ডোখৰ
আগতকৈও  গভীৰ ' বহুত,
নাছিল ভুল তোমাৰ কিম্বা মোৰ,
হইতো  সময়ে থিয় দিছিল আমাৰ বিপক্ষে।
কিন্তু----
মনে যে হাৰ মানিব নোখোজে ,
সেয়ে হইতো আছে প্ৰেম
আজিও মোৰ সৈতে
তেজ , মঙহবোৰ যেন সৰি পৰিছে,
আৰু মই আছো মাথো অকলে নিৰৱে-------
প্ৰেম নামৰ সেই জকাঁটোৰ সৈতে।


বিনীশা দেৱী,
লাষ্ট গেট,দিছপুৰ,

No comments:

Post a Comment