বেটুপাত

বেটুপাত

Friday, 2 June 2017

ঋণ

(পৰিমল দাৰ খণ্ড)

পৰিমল দাক আগৰে পৰাই চিনি পাওঁ যদিও ইমান এটা হলি গলি নাছিল। তেওঁ বয়সতো মোতকৈ বহুত ডাঙৰ।তথাপিটো মই ব্যৱসায় ক্ষেত্ৰখনত সোমোৱাৰ পাছত এদিন পাৰ্টি এটাত লগ পাইছিলো। তেওঁৰ মধুৰ ব্যৱহাৰ,নিৰহংকাৰী স্বভাৱটোৱে আনৰ দৰে মোকো আকৰ্ষন কৰিছিল।পৰিমল দাৰ কি কি ব্যৱসায় আছে নাজানো কিন্তু এটা কথাই জানো তেওঁৰ বহুতো ব্যৱসায় আছে। উচ্ছ শিক্ষীত, ভদ্ৰলোক, বিনয়ী   লোদোৰ পোদোৰ চেহেৰাৰ পৰিমল দা থাকেও জাক জমককৈ। তেওঁৰ গাৰ পৰা ভাহি আহে দামী সূগন্ধীৰ জান নাজান গোন্ধ।  যেতিয়া ইংৰাজী কয় মুখেৰে আখৈ ফুটাদি ফুটে। ৰাণী মৌৰ দৰে তেওঁক ঘেৰি ৰাখে অসংখ্য গুণমুগ্ধই।পৰিমল দা বহুত প্ৰভাৱশালী লোক। ৰাজনৈতিক নেতা,প্ৰশাসনৰ বিষয়া,প্ৰাক্তন বিদ্ৰোহী আদি সমাজৰ শক্তিশালী লোক সকলৰ সৈতেই পৰিমল দাৰ মিতিৰালী। কবলৈ গ'লে পৰিমল দাই মোৰ নিচিনা লোকক কোনো গুৰুত্ব নিদিলেও চলে। কিন্তু পৰিমল দা তেনেকুৱা লোক নহয়। কেতিয়াবা ভাৱো, পৰিমল দাই ব্যৱসায়ত দোপত দোপে উন্নতি নকৰিলে আৰু আমি কৰিম নে..! পৰিমল দা হঁতৰ দৰে লোকৰ পৰা শিকিব লগীয়া কথা বহুত আছে। বিজনেচ কেনেকৈ কৰে পৰিমল দা হঁতে জানে। মই নিজেও যঠেষ্ট সাৱধানী আৰু চতুৰ। পৰিমল দা হঁতৰ দৰে লোকৰ লগত মই তালটো মিলাই ৰাখো।এইবোৰ মানুহ কেতিয়া কোন সময়ত বিপদে আপদে কামত আহি যায় ঠিক নাই। কাৰন পুলিচ,ৰাজনিতীক,প্ৰাক্তন বিদ্ৰোহী,সংগঠনৰ নেতা ইত্যাদি সমাজৰ শক্তিশালী আৰু প্ৰভাৱশালী ব্যক্তিৰ লগতেই পৰিমল দাৰ উঠা বহা।
  সেইবাবে মই প্ৰায়েই পৰিমল দাৰ আটকধুনীয়া অভিজাত অফিচটোত বহোগৈ। ৱালত ফিটিং কৰি থোৱা এল.ই.ডি. টিভিটো চাই থাকো।পৰিমল দা আনৰ লগত ব্যস্ত হৈ থাকিলেও এষাৰ মাত দি যাবলৈ নাপাহৰে।পৰিমল দাৰ এই কথাবোৰেই ভাল লাগে। কাকো সৰু বুলি হেয় জ্ঞান নকৰে।পৰিমল দাই উন্নতি নকৰি আৰু আমি কৰিম নে!
  এদিন দুপৰীয়াৰ সময়ত পৰিমল দাৰ অফিচত আহি সোমাই বহিছো মাত্ৰ। সেইদিনা বেলেগ কোনো মানুহ নাছিল তাত। তেনেতে দেখিলো পৰিমল দাই খুব ব্যস্ত ভাৱে মোবাইলত কাৰোবাৰ লগত কথা পাতি পাতি নিজৰ আসনত বহিল। তেওঁ কিন্তু তেনেকৈয়ে মোলৈ চাই হাতখন ডাঙি সুন্দৰ হাঁহি এটা উপহাৰ দিবলৈ নাপাহৰিলে।
  ---  ....না না না ...বৰা! সেইটো ভুল নকৰিব। সেইটো কৰিলে জানিব আমাৰ আহিব লগীয়া দহ পেটি দহ পেটি পানীত পৰিল...! শুনক। মই কৈছোৱেই এতিয়া মোৰ হাতত দুই লাখ টকা এটাও নাই...কাইলৈ দুটা বজাত মই দি দিম। শুনক। আজি পাৰ্টিক ফ্লাইট কেনচেল কৰিবলৈ কওক।পইচা মই দি দিম....।কাইলৈ পাছবেলাৰ ইণ্ডিগ'খনত যাবলৈ কওক...আহ হা...নুবুজে কিয়....!
   এই ধৰনৰ কথাই পাতি গৈছিল পৰিমল দাই। মই টিভিটো চাই আছিলো যদিও কানখন পৰিমল দাৰ ফালে আছিল। পেটে পেটে অলপ ঈৰ্শাও হৈছিল। মই কি কৰি আছো...আৰু পৰিমল দা হঁতে কি কৰি আছে...! আমি লক্ষীক খেদি ফুৰো। লক্ষীয়ে পৰিমল দাক খেদি ফুৰে!
  --- ৰব ৰব একমিনিট...আচ্ছা বৰুণ...বৰুণ..
এনেতে পৰিমল দাই মোক মাতিলে। মই যেন হঠাতেহে পৰিমল দাৰ মাতটো শুনিলো; তেনেকুৱা এটা ভাৱত পৰিমল দালৈ চালো। পৰিমল দাই মবাইলটোৰ স্পিকাৰটো এহাতে ঢাকি মোলৈ চাই আছে।
   ---- আচ্ছা বৰুণ তোমাৰ ওচৰত দুই লাখ টকা এটা হ'ব নেকি? কাইলৈ পাচবেলা লৈ ল'বা.....
   মোৰ হাতৰ বেগটোত চেক বহীখন আছিল। একাউন্টত ডেড় লাখ মান টকা আছিল।
   --- দাদা ইমান টকাটো কেচ নাই...। একলাখ টকাৰ চেক এখন দিব পাৰো....
  --- চেঃ...একলাখ টকাই নহৈছে নহয়...
  পৰিমল দাৰ চিন্তিত মুখ মণ্ডল। মোৰ অলপ বেয়াই লাগিল। আৰু একলাখ এটা পৰিমল দাক দিব পৰা হ'লে....
   --- হেল্ল' বৰা।যেনে তেনে ভাইটী এটাৰ পৰা একলাখ এটাৰ চেক এখন লৈছো...যদি হয় কাৰোবাক পঠিয়াই লৈ যাওক...নহ'লে বাদ দিয়ক...! হাঁ? আচ্চা..আচ্চা..! অকে' অকে'..না না না মই জানো এইবোৰত আপুনি বহুত স্মাৰ্ট..! হাঃ হাঃ হাঃ...
পৰিমল দাৰ মুখত হাঁহি বিৰিঙি উঠিল। তেওঁ  মোক ইংগিতেৰে চেক খন বিচাৰিলে। মই বেগৰ পৰা চেকবুক খন উলিয়াই লাখ টকাৰ চেক এখন কাটি দিলো। কিছু আনন্দও লাগিল। কিছু গৰ্বও হ'ল। পৰিমল দাৰ বাবেনো একলাখ টকা কি। কিন্তু আজি সেই সামান্য টকাৰ বাবেই মই পৰিমল দাৰ কামত আহি গ'লো! এনেকৈয়েটো বিজনেচ আগবাঢ়ে।
  --- তোমাক বহুত থেংকচ্ দেই। তুমি নিদিয়া হ'লে দিগদাৰীয়েই আছিল।
  --- হ'ব দাদা।একো নাই। আছিলে কাৰনেহে দিলো....
   মই উত্তৰ দিলো হাঁহি এটা মাৰি।
---- তোমাক কাইলৈ পাচবেলা ঘূৰাই দিলে অসুবিধা নহয়তো?
  ---- হ'ব দিয়ক।পাচবেলায়েই দিব।
   মই বিনম্ৰ ভাৱে ক'লো।
  ---- মই সকলো মানুহৰে লগত ভাল হৈ থাকো জানা বৰুন। আমি হলো বিজনেচমেন। কেতিয়া কাক কেনেকৈ দৰকাৰ হৈ পৰে কিবা ঠিক আছে কোঁৱা?
     মোৰ ভাল লাগিল পৰিমল দাৰ কথাষাৰ শুনি।তাৰমানে কিছুমান কথা ময়ো পৰিমল দাৰ দৰেই চিন্তা কৰো!
  ---- এডজেক্টলি! ....আপোনাৰ কথাত ময়ো একমত।
  ---- চাহ খাবা?
  ---- চাহ...চাহ...চাহ..খাঁও জানো...!
  ---- এহ! খোৱা হে'...!
   পৰিমল দাই  কাৰোবাক চিঞৰিলে চাহৰ বাবে। মোৰ ভাল লাগিল পৰিমল দাৰ দৰে লোক এজনৰ কাষত মোৰ গুৰুত্ব বঢ়াৰ বাবে।
   ---- বাকী তোমাৰ বিজনেছ কেনেকুৱা চলিছে?
   ---- চলি গৈছে পৰিমল দা....বৰ ভাল বুলিও ক'ব নোৱাৰি...আচ্ছা দাদা...
   মই পৰিমল দালৈ চালো।তেওঁও মোলৈ চালে। এতিয়া মই সময়ৰ শৰ এৰাৰ দৰকাৰ....
---- কবলৈ গ'লে মোৰ বিজনেচটো কৰি একেবাৰে ভাল লগা নাই। খাতনি বেচি প্ৰফিট কম। বেলেগ কিবা বিজনেচ দেখোন চকুতেই নপৰে...দিয়ক না ভাল লাইন এটা...
   ইতিমধ্যে চাহ আহিছিল।
  ---- খোঁৱা।
  পৰিমল দাই মোক কৈ নিজে একাপ লৈ সোহা এটা মাৰি কিবা চিন্তা এটা কৰাৰ দৰে কৰিলে।
  ---- তামৰ কাৰবাৰটো কৰিব পাৰা কিন্তু।
   ---- আচ্ছা....
   ---- অইল ইণ্ডিয়াত এটা বিজনেচ মনে মনে চলি আছে। কোনেও পাত্তাই নাপায়। মোৰ চেনেলটো আছে কিন্তু মই মাথা মৰা নাই। হাতত থকা বিজনেচ বোৰতে সময় দিব নোৱাৰো ....মেন পাৱাৰো লাগে। অকল টকা ঢালিলেইতো আৰু বিজনেচ নহয়..তুমি ট্ৰাই এটা কৰি চাব পাৰা।
   ---- মানে কি কৰিব লাগে?
   ---- এই যে তেল উলিয়াবলৈ ড্ৰীল কৰে। তেতিয়া ভূগৰ্ভৰ তলৰ পৰা বহুত বোকা বাহিৰলৈ ওলাই আহে। খেলটো তাতেই আছে বোলে। এই বোকাখিনিকটো আৰু কোনেও পাত্তা নিদিয়ে। বোকাখিনি যেতিয়া শুকাই মাটি হৈ যায় তেতিয়া সেই মাটিবোৰ ট্ৰাক হিচাবে মনে মনে বিক্ৰী হয়।আৰু এই মাটিবোৰৰ পৰা মেছিন এটাৰ সহায়ত  কিবা এটা চিষ্টেমত তামৰ বাহিৰেও আন কিবাকিবি মেটেল উলিয়াব পাৰি। আমাৰ এই ভেকোলাজান ৰিগটোত বোলে আটাইতকৈ বেছি তাম ওলায়। কিন্তু তামটোৱেই মেইন। এক ট্ৰাক মালত চব খৰচ বাদ দিও বোলে চল্লিচ পঞ্চাচ হাজাৰ টকা থাকি যায়। কি কিযে বিজনেচবোৰ কৰি থাকে বাহিৰা মানুহবোৰে। আমি অসমীয়া কেইটাই গমেই নাপাওঁ.....!
   ---- বাঃ! ইয়াতকৈ আৰু কি লাগে...!
   ---- তাকেটো।কৰি চাবৰ মন যায়...কিন্তু এইফালেও এইবোৰ এৰিব নোৱাৰো...ধাণ্ডাটোও অলপ দুই নম্বৰ...এইবোৰ চিন্তা কৰি সাতে পাঁচে মিলি আগবঢ়া নহ'ল আৰু....তুমি কৰি চাব পাৰা। কোনতো বিজনেচতনো অলপ চলপ দুই নম্বৰ নচলে কোঁৱা। আলটিমেটলি চব ফিটিং। চব মেনেজ হৈ যায়।
   ---- এই কাৰবাৰটোত বাৰু কেনেকৈ মূৰটো সুমুৱাব পৰা যাব দাদা?
  চাহত চুমুক দি সুধিলো।
   ---- বহুদিনৰ আগতে মংগল চাহা নামৰ মানুহ এজনে অ'ফাৰটো দিছিল। মই ইমান গুৰুত্ব নিদিলো। মবাইল নম্বৰটোও দিছিল।...ৰ'বাচোন চাই লওঁ....
  পৰিমল দাই বুঢ়া আঙুলীটো মবাইলটোৰ পৰ্দাত পিছলাই নিলে।
   ---- ছেঃ! নাই হে' ।কেনেবাকৈ ডিলিট হৈ গ'ল চাগে।
   পৰিমল দাই ক'লে।
   ---- এবাৰ খবৰ ল'ব চোন মানুহটোৰ...
   ---- হ'ব দিয়া। এটা কাম কৰিম। তুমিতো কাইলৈ পইচাটো নিবলৈ আহিবাই। মই কিবা এটা কৰি তাৰ নম্বৰটো উলিয়াই থ'ম দিয়া। এই ৰমেশৰ হাতত তাৰ নম্বৰটো থাকিব লাগে..। পিছে এটা কথাদেই। এই কথাবোৰ ক'তো গাই বাই নুফুৰিবা। নিজৰেই লোকচান...।
   পৰিমল দাই  ক'লে।
   ----- সেইটো আৰু ক'ব লগীয়া কথানে...! কাক কৈ বিপদ চপাম!
           মই চাহ কাপ শেষ কৰি দুই এটা কথা পাতি পৰিমল দাৰ পৰা বিদায় ললো। আহোতে ভাবিলো। পৰিমল দা হঁতৰ দৰে মানুহে বিজনেছত উন্নতি নকৰি আৰু আমি কৰিমনে! ...কত কি বিজনেছৰ লিংক আছে মানুহটোৰ ভগৱানেহে জানে...হওক নহওক তেওঁ যে এটা বিজনেছৰ চ'ৰ্চ মোক দিছে সেইটোৱেই ডাঙৰ কথা। পৰিমল দা হঁতৰ দৰে লোকৰ লগত অলপ সম্পৰ্ক ৰাখিলে এনেকুৱা কিছুমান লাভেই হয়।
   পিছদিনা সন্ধিয়া আকৌ গ'লো পৰিমল দাৰ অফিচলৈ। তেওঁ কেইবাজনো লোকৰ লগত ব্যস্ত হৈ আছে। মোক দেখি অলপ হহাঁৰ দৰে কৰি বহিবলৈ ইংগিত কৰিলে। তেওঁ আকৌ ব্যস্ত হ'ল। কথা শেষ নহয়হে নহয়। উপায়ো নাই। তেওঁতো আৰু আমাৰ দৰে কাম নাইকিয়া বিজনেছমেন নহয় ! তেওঁ মোৰ উচপিচনি মন কৰিছিল বোধহয়।
   ---- এস্কিউজ মি...। এক মিনিট হাঁ। ভাইটী এটা অথনিৰে পৰা বহি আছে।
তেওঁৰ সন্মুখত বহি থকা কেইজনক কৈ উঠিল।
   ---- চৰি বৰুণ! তোমাক বহুত দেৰী বহুৱালো। পাহৰিয়েই গৈছিলো কথাটো....
  ---- নাই নাই হ'ব দিয়ক! একো নাই..
  মই কৈ উঠিলো। পৰিমল দাৰ ব্যৱহাৰ মানিব লগীয়া। সকলোকে সমানে ট্ৰিট কৰে। যিমান বেয়া পালেও এনেকুৱা এটা কথা কৈ দিয়ে যে দুখ ভাগৰ পাহৰাই দিব পাৰে।
   ---- মংগলৰ নম্বৰটো পালো। লিখি লোৱাচোন।...নাইন চিক্স ৱান টু....
     তেওঁ কৈ গ'ল।মই মবাইলত টাইপ মাৰি নম্বৰটো লিখি ল'লো।
   ---- তুমি তাক মোৰ কথা ক'বা। অকে'?
   ---- ঠিক আছে দাদা।থেংক ইউ..!
  তেওঁ মোৰ কথা শুনিবলৈ নৰ'ল।আকৌ মানুহ কেইজনৰ লগত কথা পাতিবলৈ লাগিল। ময়ো লাহেকৈ ওলাই আহিলো।তেওঁৰ পৰা পাব লগীয়া টকা কেইটাৰ কথা বোধহয় তেওঁ পাহৰিছিল।আৰু মোৰো সোঁৱৰাই দিবলৈ মন নগল। কিবা এটা অভদ্ৰামী কৰা হ'ব যেন লাগিল।
   পিচদিনা মংগল সাহালৈ ফোন লগালো।
   ---- হেল্ল’, সাহা দা নেকি?
   ---- কোনে ক'লে?
   ---- মই বৰুণ। মানে পৰিমল দাই আপোনাক লগ কৰিবলৈ কৈছিলে....
   ---- অ' আচ্ছা। পৰিমল দাই কৈছে। কওক চোন।
    ---- মানে পৰিমল দাই কৈছিল এটা ক'পাৰৰ বিজনেছৰ কথা....
    ---- অহ! হয় নেকি...। ...পৰিমল দাক মই মানা কৰিছিলো যাকে তাকে ক'বলৈ....
    ---- নাই মানে মই পৰিমল দাৰ মানুহেই হয়। আমি একেলগে কৰিম।
    ---- পৰিমল দাই আগতে নকৰো বুলি কৈছিল।এতিয়া হঠাৎ.....
    ---- আগতে তেওঁৰ মানুহ নাছিল।এতিয়া মই আহি গলো....
    ---- অ' আচ্চা....
    ---- আপোনাক ক'ত কেনেকৈ লগ পাম কওক চোন....
    ----  আজিতো নহ'ব। কাইলৈ এবাৰ ফোন কৰি লব।
    ---- থিক আছে বাৰু। কাইলৈয়ে যাম। কিন্তু দাদা বিজনেছটোত পোচাব নে?
   ---- সেইটোতো মই নাজানিম। মইটো ডিপাৰ্টমেন্টৰ মানুহ। মইটো খালি মাল চাপ্লাই দিম।....এনেইটো এগাড়ীত চব খৰছ বাদ দি পছিচ ত্ৰিচ থাকি যায় বুলি বেলেগে কয়। আপুনি আহকচোন বাৰু কাইলৈ। কথা পাতি চাম।
    সাহাই ফোনটো কাটি দিলে।
   এটা নতুন লাভজনক ব্যৱসায়ৰ লাইন এটা পোৱাৰ বাবে আনন্দ লাগিল। পাছবেলা আকৌ পৰিমল দাৰ অফিচ পালোগৈ। কেইবাজনো চিনাকী অচিনাকী লোক বহি আছে।  তাৰে এটা শ্যামল। একে লগৰে। পৰিমল দাক কলো কথাটো। যে পাৰ্টিয়ে কাইলৈ মাতিছে। পৰিমল দাই মোক চকু টিপ এটা মাৰি ইংগিতেৰে মনে মনে থাকিবলৈ ক'লে। তাৰমানে তেওঁ এই বিষয়ে মোৰ লগত বেলেগকৈ অকলশৰে কথা পাতিব। আমাৰ দৰে বিজনেছ মেন বোৰে এইবোৰ কথাতে মাৰ খাই যাওঁ। আমি বিজনেছ চিক্ৰেচীটো বজাই ৰাখিব নাজানো। সকলোৰে আগত বলকি যোৱা কথা নহয় এইবোৰ। বিজনেছত পৰিমল দাই উন্নতি নকৰি আৰু আমি কৰিমনে।
     মই পৰিমল দাক মোৰ পাব লগীয়া ধন খিনিৰ বিষয়েও নকলো। এতিয়াতো পৰিমল দাৰ লগত দেনা পাওনা চলিয়েই থাকিব। একলাখ টকা এতিয়াই বিচাৰি নিজকে একেবাৰে পৰি মৰা বিধৰ দেখুওৱাটোও ঠিক নহ'ব। ময়োতো আল্টিমেটলি বৰশীয়েই পেলাইছো। বিজনেছত এইবোৰ লেনা দেনা থাকেই। পৰিমল দা সেইদিনা অতি ব্যস্ত আছিল। তেওঁক আৰু আমনি নিদিলো। মই এটা সময়ত ওলাই আহিলো। মোৰ লগে লগে শ্যামলো ওলাই আহিছিল।
    ---- তোক কথা এটা সোধো বেয়া পাবি নেকি।
   শ্যামলে হঠাতে মোক সুধিলে।
    ---- ওহো,নাপাওঁ। ক’চোন।
   ---- পৰিমল দাৰ পাল্লাত তয়ো পৰিলি নেকি!
    --- মানে?
     মই উচপ খাই উঠিলো।এই পাল্লা শব্দটো সি অলপ ৰসিকতাৰ সুৰত ব্যৱহাৰ কৰিছে।
    ---- মানে মোৰ অলপ তেনেকুৱা লাগিল। পইচা চইচা ফচোৱা নাই যদি ঠিকেই আছে। লগৰ ভাল বন্ধু বুলি ক'লো আৰু। সেইবুলি তই গৈ পৰিমল দাক কৈ নিদিবি আক'...! সেইটো বাহানা লৈ পাবলৈ থকা কেইটাও নিদিয়া হ'ব!
     পৰিমল দাৰ বিষয়ে বেয়াকৈ আগতে শুনা নাছিলো। অৱশ্যে অতি টেঙৰ মানুহ বুলি কোৱা শুনো । আজিকালিনো কোন বুৰ্বক ! অলপ সন্দেহো হ'ল, শ্যামলৰ এয়া মোৰ প্ৰতি ঈৰ্শা নহয়টো ! সি চাগে পৰিমল দাৰ সৈতে কিবা ব্যৱসায়ত আগবঢ়াতো গম পাইছে.....
    --- তেনেকুৱা কিবা গণ্ডগোল আছে নেকি?
    তথাপিও সুধিলো মই তাক।
    ---- আৰে কিবা তামৰ বিজনেচৰ নামত মানুহ এটাৰ লগত ফচালে।সি মেছিনৰ নামত মোৰ পৰা পঞ্চাছ হাজাৰ টকা খালে। অইল ইণ্ডিয়াৰ ৰিগৰ পৰা ওলোৱা মাটিৰ নামত পঞ্চাচ হাজাৰ টকা খালে। দুই ট্ৰাক মাটিৰ নামত মোক সি মিনিউচিপালটিৰ নলাৰ পৰা ওলোৱা দুই ট্ৰাক জাবৰ মাটি ঘৰৰ আগত পেলাই দিলে! এতিয়া মানুহটো ফুট! পৰিমল দাক ক'লে কয় মইটো তোমাক তামৰ বিজনেছ কৰিবলৈ কোৱা নাছিলো। মানুহটোৰ লগহে লগাই দিছিলো! মোক পইচা বিচাৰি লাভ কি? ....ময়ো বুৰ্বক...ৰিগৰ কামত ক'ৰ বোকা মাটিদাল ওলাই....!
  শ্যামলৰ কথাত মোৰ গাটো এতিয়াহে চেবালে। ...তাৰমানে.....
    ---- হওতে তেনেকুৱা এটা কাৰবাৰৰ কথা মোকো কৈছিল.....
  ---- পইছা ফচালি নেকি?
   --- নাই ফচোৱা।
    --- তেন্তে বাচি গ'লি।
    ---- কিন্তু পৰিমল দাই সেইদিনা ফটকৈ একলাখ টকা ধাৰলৈ ল'লে....!
    --- তেন্তে মৰি গ'লি! পইচা গ'ল! ঘূৰাই নাপাৱ। বালিত মুতি দিলি বুলি ধৰ। বিচাৰি নাপাৱ। পৰিমল দাই মানুহৰ পৰা টকা কেনেকৈ  লব লাগে জানে। তোকো ফচালে।
    --- হাঁ!
    --- বহুত ডেঞ্জাৰ বস্তু পৰিমল দা। কেনেকৈ কোন ঠাইত মানুহক ফচাই টকা খাই দিব ভগৱানেও নাজানে।
    ---- মইটো সেইবোৰ নাজানো। পইচা নাপালে জেং কৰি দিম কৈ দিলো!
    মই বাক্যটো যেনেকৈ চিঞৰি ক'লো ওচৰৰ বাটৰুৱাই হয়টো ভাৱিলে কিজানি মই শ্যামলকহে গালি দিছো!
  ---- হেঃ হেঃ হেঃ....পৰিমল দা ইমান বুৰ্বক নহয় যে তেওঁতকৈ কোনোবা শক্তিশালী মানুহৰ পৰা টকা খাব...!
তই মইনো কি কৰিব পাৰিম পৰিমল দাক? হেঃ হেঃহেঃ....আমাকহে দুচাট লগাই ভৰাই থ'ব!
    শ্যামলে কোৱা কথাটো মিছা নহয়।পৰিমল দাই যদি মোক পইচা ঘূৰাইও নিদিয়ে মইনো কিডাল কৰিব পাৰিম...! মহা চিন্তাত পৰিলো মই।
  --- এইযে পৰিমল দাৰ অফিচত ৰাতিপুৱাৰ পৰা ভিৰ লাগি থাকে;সেইবোৰ কোন বুলি ভাৱিছ?
   --- কোন নো?
   --- আধা তাগাদাত অহা মানুহ আৰু আধা নতুনকৈ ফচা মূৰ্গী!
   --- তই মোক মহা চিন্তাত পেলাই দিলি....কি কৰিলে ভাল হ'ব মই ধৰিব পৰা নাই.....
  ---- ফচি থকা পইচা খিনি লাহে ধীৰে উলিয়াবলৈ চা। নতুনকৈ আৰু ভুলতো নফচাবি।
   ---- দিবনে বাৰু....
  ---- সেইটো তোৰ ভাগ্যৰ ওপৰত নিৰ্ভৰ কৰিব। খুবকৈ লাগি থাকিলে হয়টো পাই যাবও পাৰ! এবাৰতেতো নাপাৱ খাটাং!
  ---- মানে!
  ---- মানে আৰু কি, পৰিমল দাই টকা দিলেও টিভিত চলা মেগা চিৰিয়েলৰ নিচিনাকৈ খণ্ড খণ্ডকৈ দিয়ে! হাজাৰ খণ্ড বা তাতকৈ বেচিও হ'ব পাৰে..!
  ---- হাঁ!!!! কি কৱ???!!
   --- হ'ব দে চিন্তা নকৰিবি।দিন বেয়া পৰিলে এনেকুৱা হয়েই!
   ---- এই পৰিমল দাৰ বিজনেচটো কি?
   ---- এইটোৱেই বিজনেচ। ঠগন বিজনেচ। দালালি বিজনেচ। আৰ টুপি তাৰ মূৰত তাৰ টুপি আৰ মূৰত..এনেকুৱাই..!
   দুয়োটা ঘৰাঘৰি গ'লোগৈ।নিশাটো মোৰ ভালদৰে টোপনি নাহিল।দুঃচিন্তা আৰম্ভ হৈ গ'ল।তামৰ বিজনেচ বাৰু বাদ দিলো। কিন্তু পৰিমল দাই যদি মোক সচাকৈয়ে টকাখিনি ঘূৰাই নিদিয়ে....মই কি কৰিম...! মোৰ কাৰনে একলাখ টকা বহুত ডাঙৰ টকা.....
     পিচদিনা আকৌ গ'লো পৰিমল দাৰ অফিচলৈ। হাঁহি মুখে তেওঁ সম্ভাষন জনালে। কিবাকিবি কথা পতাৰ পাছত মই মাজতে বুদ্ধি কৰি ক'লো যে তামৰ বিজনেচটো মই নকৰো। কাৰন এই দুই নম্বৰ বিজনেচ কৰিবলৈ মই ভয় কৰো!
  --- গুড! মই জোৰ নকৰো। তুমি কিন্তু এই ধূপকাঠীৰ কামটো কৰিব পাৰা কোনো ৰিস্ক নাই। কৰ্ণাটকত মোৰ মানুহ আছে....ফোন নম্বৰ দি দিম তোমাক.....
   ---- ঠিক আছে দাদা চাওঁচোন...।
   ---- নহ'লে তুমি এই গাহৰিৰ কাৰবাৰটোত লাগা...পঞ্জাৱত মোৰ মানুহ আছে...
   ---- অলপ পইচাৰ দিগদাৰী চলি আছে দাদা....বিল এখন পালেই...
    --- অ' আচ্চা...একো নাই। মইটো আছোৱেই....
   এনেবোৰ কথাৰ মাজতে মই লাহেকৈ পৰিমল দাক ক'লো।
   ---- দাদা...আজি টকাখিনি দিয়া হ'লে ভাল আছিল....অলপ মাল কিনিবলৈও আছিল...বিহুও আহি আছে....
  ---- হুম...! টকা...? অ' আচ্চা পাহৰিছিলোৱেই....তোমাক পঞ্চাচ দিবলৈ আছে....ৰজতৰ এক...
  ---- মো মোৰ একলাখ দাদা!
   মই প্ৰায় চিৎকাৰ কৰি উঠিলো।
   ---- অহ! তোমাৰ একলাখ আছিল নহয়! পাহৰিয়েই যাওঁ কামৰ হেচাঁত..! হেৰি কৰিবা। তুমি কাইলৈ চেকেন্ড টাইম লৈ যাবা।অ'কে?
   --- ঠিক আছে দাদা।
মোৰ উশাহটো ঘূৰিল। অন্ততঃ মইযে একলাখ পাবলৈ আছো সেইটো মানি লৈছে পৰিমল দাই!
   পিচদিনা আকৌ গ'লো পাচবেলা। পৰিমল দা নাছিল। কিবা মিটিঙত আছিল। ফোন কৰিলো। বিজি বিজি দেখুৱাই থাকিল ফোনটোৱে। পিচদিনা তেওঁক পালো। "এক্সট্ৰীমলী চৰী...কাইলৈ আহাঁ প্লীজ.." তেওঁ ক'লে। তাৰ পিচদিনা গ'লো। তেওঁ মোক খন্তেক বহিবলৈ কৈ ভিতৰ যি সোমাল ওলোৱাৰ নাম নাইকীয়া হ'ল। আকৌ গ'লো। সেইবাৰ তেওঁৰ যে আৰ্থিকভাবে অতি দুৰ্দিন চলি আছে আৰু তেওঁ যে মোক টকাখিনি দিব নোৱাৰি অতি লজ্জিত তাকে কৈ চাহ একাপ খুৱাই পঠিয়াই দিলে। পিছৰবাৰ যাওঁতে তেওঁ মোৰ লগত কথা বতৰা পাতিলে যদিও এনে এটা ভাৱ দেখুৱালে; মোৰ লাগিল মইহে যেন তেওঁক একলাখ টকা দিবলৈ বাকী আছে! তাৰ পিচৰ বাৰ মই সোমোৱাৰ লগে লগে তেওঁ ফোনত কাৰোবাক উচ্চবাচ্য কৰি থকা দেখিলো....
   ---- চাওক গগৈ। এইখিনি টকাৰ বাবে মোক ইমানখিনি কথা শুনাই দিলেতো....! ঠিক আছে যাওক।মইও ডিচিচন লৈ ললো।ময়ো এক কথাৰ মানুহ। মই আপোনাক টকা নিদিও যাওক! যি কৰে কৰি থাকক!
  তাৰপাছত পৰিমল দাই মবাইলটো টেবুলত ঠেকেছি থৈ মোক ক'লে "মানুহ ইমান কামোৰ হ'লেও ভাল নালাগে! পইছা মাৰি মই কি পলাই যাম কোঁৱা...!"
  মই গম পালো।শ্যামলে ঠিকেই কৈছিল।পইচা যে ঘূৰাই পাম আশা নাই।তথাপিও আশা নেৰিলো।মাজে মাজে অফিচলৈ গৈ থাকিলো।কি কুক্ষণত যে এই মানুহটোক টকা ধাৰলৈ দিছিলো...! মাজতে পৰিমল দা বহুতদিন নাছিল।পৰিয়াল সহ চিংগাপুৰ নে ক'ৰবালৈ ফুৰিবলৈ গ'ল।
তেওঁ অহাৰ পাছত আকৌ তেওঁৰ অফিছ পালোগৈ। ভীষণ ব্যস্ত তেওঁ। চেহেৰাটোহে যেনে তেনে দেখুৱাব পাৰিলো। কাম ন'হল। টানকৈ খুজিবলৈও ভয়। "দিব নোৱাৰিম যোৱাঁ। যি কৰা কৰি থাকা!" বুলি কৈ দিলে শেষ। এনেকুৱা মানুহে সাধাৰনতে এনেকুৱা সুবিধাই বিচাৰি থাকে। গতিকে পেটত এগাল দুখ, খং আৰু ঘৃনা লৈ হ'লেও মুখত হাঁহি এটা ফুটাই ৰাখিব লাগে। আৰু এই অভিনয় কৰি থকাতো কিমান কষ্টকৰ সেয়া কিজানি প্ৰখ্যাত অভিনেতা এজনেও নুবুজিব!
    কেইদিনমানৰ পাছত ভাৱিলো অফিচলৈ গ'লেতো পৰিমল দাক লগ কৰাৰ সুযোগেই নাপাও। এইবাৰ চিধা ৰাতিপুৱাই ঘৰলৈ যাম। ভবামতেই কাম। এদিন ৰাতিপুৱাই পৰিমল দাৰ ঘৰ ওলালোগৈ। পিছে গেট খুলিবলৈ গৈও ৰৈ গ'লো। দুটা প্ৰকাণ্ড বিলাতী কুকুৰে মোক দেখি ৰৌ ৰৌৱাই উঠিল। মই গম পালো। পৰিমল দাই বেচ ভাল চিষ্টেম এটা কৰি থৈছে। পৰিমল দাই নিজেই নিবিচাৰিলে কোনো মানুহ ভিতৰলৈ সোমোৱাৰ সাধ্য নাই। কুকুৰ দুটাই ভুকি থকা দেখি পৰিমল দা নিজেই বাহিৰলৈ ওলাই আহিছিল। মোক দেখি তেওঁৰ যেন খঙে চুলিৰ আগ পাইছিলগৈ! তথাপিও তেওঁ মুখত হাঁহি এটা ফুটাই চিঞৰি উঠিল।
   --- অ' বৰুণ।আহাঁ আহাঁ...এই জেক..জেক জিল...ষ্টপ...ষ্টপ..
  পৰিমল দাই  কুকুৰ কেইটাক শান্ত কৰি ডিঙিত চেইন লগালে। মই এমোকোৰা হাঁহি লৈ ভিতৰ সোমালো। ভিতৰত গৈ বহিলো। বৌ ওলাই আহিল। বৌক আগৰ পৰাই চিনি পাওঁ।
   --- বৰুণ দেখোন। কি খবৰ  তোমাৰ?
   --- ভালেই বৌ...। আপোনাৰ ভালনে?
    বত্ৰিছটা দাঁত উলিয়াই হাঁহি সুধিলো!
  --- নকবা আৰু। এই চিংগাপুৰলৈ কেলেই গৈছিলো কেলেই গৈছিলো লাগিছে। আহি ঘৰখন থানথিত লগাব পৰা নাই। কাম কৰা মানুহৰ হাতত এৰি গ'লে এয়াই অশান্তি...
     বুজিলো বৌ যে চিংগাপুৰলৈ গৈ আহিল কাক কওঁ কাক নকওঁ লাগি আছে ! এইকেইদিন ফে'চবুক ফালি আছে চাগে বৌৱে...
   --- অহ! আপুনি কিন্তু বৰ লাকী...! চিংগাপুৰ চাই আহিল....! বৰ ধুনীয়া ঠাই চাগে ন বৌ...?
   --- নকবা আৰু। তাৰপৰা আহি ইয়াত নৰকত সোমোৱাৰ দৰে লাগে...কি যে ঠাইত আমি আছো নহয়...! তাৰ মানুহবোৰৰ হাতত ইমান পইছা..! তাত হোটেল এখনলৈ গলো বুইছা....
   বৌৰ কথা শেষ নহ'ল। এনেতে দেখিলো ভিতৰৰ পৰা পুতলা গাড়ী এখন চলাই লোদোৰ পোদোৰ চেহেৰাৰ কণমানি এটা কোঠাটোত সোমাল। লৰাটোৱে এইবাৰ তাৰ গাড়ীখন লুটিয়াই লৈ হাতুৰী এটাৰে কোবাই গ'ল।
   ---- ন' ন' বে'টা'....নাপায়...! তাৰ কাৰবাৰ দেখিছা! মেকানিক মেকানিক খেলিছে....এই চিংগাপুৰৰ পৰা আনিছিলো সত্তৰ হাজাৰ টকাত। চ'লাৰ চিষ্টেমৰ....অৱস্থাটো দেখিলা গাড়ীখনৰ! ন' ন' নাপায় বে'টা'.... আংকলে বে'য়া পাব....!
  ---- সৰু ল'ৰা...উপায় নাই...!
  মই কৈ উঠিলো। পেটে পেটে ভাৱিলো। বেটা তই আমাৰবোৰ ঘৰত জন্ম লব লাগিছিল..একেবাৰে টিকাত শেৰা বান্ধি গ'ল হেতেন....!
   সেইসময়তেই পৰিমল দা সোমাই আহিল।
  --- বৰুণ তুমি একমিনিট বহা। চাহ খোৱাচোন।মই আহি আছো।
    তেওঁ ব্যস্ত ভাৱে মোক কৈ কৰবালৈ যাবলৈ ওলাল।
  --- হ'ব দাদা। ময়ো নবহো। আপোনাক অফিচত লগ পাবলৈকে দিগদাৰ। সেইকাৰণে ভাৱিলো ঘৰতে দেখা এটা দি আহো...
   ---- তুমি সেইটোৰ কাৰণে আহিছিলা ন? তুমি এটা কাম কৰা।অহা শণিবাৰে আহা অফিচলৈ।দি দিম।
   --- কেতিয়া আহিম দাদা?
   --- পাচবেলা আহি যোৱা।ছটামান বজাত...
    --- ঠিক আছে দাদা...।...যেনে তেনে কৰি দিবলৈ চাব আৰু....বৰ দিগদাৰী চলি আছে হেঃ হেঃ হেঃ...
    ---- আহাঁ চোন বাৰু....
    মই গুচি আহিলো। চাহ খাবলৈ কৈছিল। কিন্তু কোৱাৰ ধৰনটো একেবাৰে নিস্প্ৰান আছিল। ময়ো আমনি নিদিলো।
   যিটো শণিবাৰে পৰিমল দাই মোক পইছা নিবলৈ মাতিছিল; সেইবাৰ তেওঁ অফিচতে নাছিল। তেনেকুৱা অহা শণিবাৰ কেইবাটাও পাৰ হৈ গৈছিল। মই হ'লে পৰিমল দাৰ পৰা পইছা নাপালো !! মানুহটো অফিচত নাথাকেই।
     এদিন উপায় নাপায় আকৌ ৰাতিপুৱা পৰিমল দাৰ ঘৰলৈ গলো।পৰিমল দা নাছিল। বৌৰ পৰা ছিংগাপুৰৰ কাহিনী শুনিলো। বৌক উৎসাহ দি ক'লো যে অতি সোনকালে এই ভ্ৰমন কাহিনীটো কিতাপ আকাৰে প্ৰকাশ কৰক।খুব চলিব! শেষত সুযোগ বুজি বৌক ক'লো।
   ---- বৌ, দাদাক অলপ ক'বনা....মোৰ পৰা একলাখ টকা এটা ধাৰলৈ লৈছিল....বৰ দিগদাৰি চলি আছে...আমিতো সৰু সুৰা কাম কৰি কোনোমতে চলি থকা বিজনেচমেন..ক'ব না দাদাক এবাৰ...
বিহুৰ আগতেই যেনে তেনে দিবলৈ কওক না...
   ---- দাদাৰো বৰ দিগদাৰী চলি আছে বুজিছা...অলপতে হাতীচুকত এটা ফ্লেট ললে নহয়...চব পইচা তাতে ঢালি দিলে....কেনেকৈযে চলিছো কি ক'ম... ...তাতে দাদা বম ভোলা মানুহ...যাকে তাকে বিশ্বাসত বহুত টকা ধাৰ দি দিলে...বিচাৰিলেও ঘূৰাই নিদিয়ে...! তথাপিটো তোমাৰ কথাটো দাদাক কম বাৰু....!
      বুজি পালো।পৰিমল দা হঁতৰ অৱস্থা মোতকৈও বেয়া! উপাই নাপাই আকৌ গুছি আহিলো। মই গম পালো।মোৰ পইছা ডুবিল। মেগা চিৰিয়েলৰ দৰে খণ্ড খণ্ডকৈও পোৱাৰো আশা নাই....! ভগৱানেও যেতিয়া মোৰ কষ্টৰ ধন কেইটা ঘূৰাই পোৱাটো নিবিচাৰে কিনো কৰিম...আচলতে ময়েই মূৰ্খ...পৰিমল দা হঁতৰ দৰে লোকৰ পৰা আমাৰ কেতিয়াও সহায় নহয়। ওলোটাই বিপদহে হয়। আচলতে আমাৰ দৰে মূৰ্খ লোভী কেইটাৰ সহায়তহে পৰিমল দা হঁতৰ দৰে মানুহবোৰ চলি থাকে। পৰিমল দা হঁতক আচলতে টেঙৰ বুলি ক'ব নোৱাৰি।এই মানুহবোৰক বিশ্বাস ঘাটক,বেইমান বুলি কোৱা হয়। প্ৰকৃততে যিবোৰ টেঙৰ মানুহ হয়;তেওঁলোক কেতিয়াও বিশ্বাসঘাটক নহয়।
      তাৰপাছত আৰু মই পৰিমল দাৰ ওচৰলৈ তাগাডা মাৰিবলৈ যোৱাটো কমাই দিলো।তথাপিও সামান্য আশা এটা লৈ মাজে মাজে গৈ আছিলো।
      এদিন পৰিমল দাৰ অফিচলৈ গৈ গম পালো যে হঠাতে পৰিমলদাৰ হাই প্ৰেচাৰ হৈ ব্ৰেইন ষ্ট্ৰ'ক নে কিবা এটা হ'ল। এতিয়া হস্পিতালত পৰি আছে। দুদিন কমাত আছিল। তাতকৈ ডাঙৰ কথাটো হ'ল; পৰিমল দাই আগৰ কথাবোৰো পাহৰি গ'ল। আৰু মানুহ দুনুহো চিনি নাপায় ! ভালদৰে কথাও কব নোৱাৰে। অস্পস্ত ভাৱে দুই এটা কথা কয়। মোৰ শেষ আশাকনো নিৰ্বাপিত হ'ল। যিজন মানুহৰ স্মৃতি শক্তিয়েই লোপ পালে; তেওঁৰ আৰু টকা লেনা দেনাৰ কথা ক'ত মনত থাকিব...। তথাপিও পৰিমল দাৰ এনে হোৱাৰ বাবে মনতো বেয়াও লাগিল। তেওঁক খবৰ কৰিবলৈ লগে লগে হস্পিতাল পালোগৈ। তেওঁ যিটো কেবিনত আছিল তাৰ বাহিৰত দুই ডজন মান চিন্তাক্লিষ্ট হতাশাৰে ভৰা মুখক ৰৈ থকা দেখিলো। শ্যামলকো দেখিলো তাৰ মাজত।মানুহবোৰৰ মাজত অস্ফুত ভূনভূননি...মেম'ৰিটো ঘূৰি আহিবনে...? ....ডাক্তৰে কি কয় মেম'ৰিটোৰ কথা?...চেঃ..! বৰ ডাঙৰ কথা হ'ল...ইত্যাদি..ইত্যাদি...
   দুখো লাগিল হাহিঁও উঠিল। ঘৰৰ মানুহতকৈ বাহিৰৰ মানুহহে বেচি চিন্তা কৰিছে পৰিমল দাৰ হেৰাই যোৱা স্মৃতিৰ বিষয়ে। মই সোমাই গ'লো কেবিনটোৰ ভিতৰলৈ। বিচনাত শুই আছে পৰিমল দা। কাষত বৌ বহি আছে। বৌৰ চিন্তাক্লিষ্ট মুখ। চকুৰ গুৰি ক'লা। মোক দেখি সামান্য হহাঁৰ দৰে কৰিলে। অলপ দেৰী নিম্ন স্বৰেৰে কথা পাতিলো। দুখৰ সমভাগী হ'লো। ডাক্তৰে কৈছে বোলে লাহে ইমপ্ৰুভ হ'ব...সময় লাগিব...নিয়মীয়াকৈ দৰৱ খাব লাগিব....কিছুমান এক্সাৰচাইজ কৰিব লাগিব...
    কেবিনৰ পৰা ওলাই আহিলো।দুৱাৰ মুখত উৎসুক প্ৰশ্ন।
   ....কিবা ইমপ্ৰুভ দেখিলেনে?.....কিমান দিন লাগিব বাৰু ভাল হ'বলৈ....? আপুনি কি ভাৱে...?
   মোৰ কাণত প্ৰশ্নকেইটা এনেকৈ বাজিল।
   ....টকা লোৱাৰ কথাখিনি মনত পৰিছেনে? ....কিমান দিন লাগিব বাৰু পইচাখিনি ঘূৰাই দিবলৈ? ....আপুনি কি ভাৱে...? ....!!!!
   যিকি নহওক আন সকলৰ দৰেই মইও পইচা ঘূৰাই পোৱাৰ আশা সম্পূৰ্ন ৰূপে বাদ দিলো। মাজতে শুনিলো পৰিমল দাৰ অৱস্থা একেবাৰে লাহে লাহে ভাললৈ আহিছে  যদিও কেতিয়া কি কৰে একো ঠিক নাই। আগৰ কিছুমান কথা বোলে কেতিয়াবা হঠাতে মনতো পৰি যায়। কথাবোৰ এতিয়াও ভালদৰে  ফুটাই কব নোৱাৰে। মানুহবোৰক কেতিয়াবা চিনি পাই কেতিয়াবা নাপাই। এতিয়া ঘৰতে বহি থাকে। ফিজিঅ'থেৰাপিষ্ট এজন সদায় আহে ঘৰলৈ। ডাক্তৰে কৈছে সম্পূৰ্ন ৰূপে ভাল পাবলৈ এবছৰ মান লাগিব।
    তাৰ বহুদিনৰ পাছত এদিন পৰিমল দাৰ ঘৰৰ আগেদি যাওঁতে ভাৱিলো এবাৰ পৰিমল দাৰ খবৰ লৈয়ে যাওঁচোন। ইমান দিনৰ পাছত নিশ্চয় পৰিমল দাই কিছু হ'লেও ভাল পাইছে চাগৈ।
    সেইবাৰ ঘৰৰ আগত কুকুৰ দুটা নেদেখিলো। ড্ৰয়িং ৰূমত বহিলো। বৌ ওলাই আহিল। চেহেৰা পাতিত এজাক ধুমুহা পাৰ হৈ যোৱাৰ চিন সুস্পস্ত। ঘৰৰ পৰিবেশ আগৰ জাকজমক,উৎসৱমুখৰ নহয়। ম্লান পৰিবেশ। সুধিলো খা খবৰ। কৈ গ'ল। মৃত্যুমুখৰ পৰা যে পৰিমল দা কোনোমতেহে বাচি আহিছে। ভগৱানৰ কৃপাত এতিয়া দাদাৰ অৱস্থা যঠেষ্ট সুস্থিৰ। পুৰণা কথাবোৰ পাহৰি গৈছে । মাজে মাজে কিন্তু মনত পৰি যায়।মানুহবোৰো এতিয়া লাহে লাহে চিনি পোৱা হৈ আহিছে। ডাক্তৰে কৈছে। অলপ সময় লব। কিন্তু ভাল হৈ যাব।
    --- চব ঠিক হৈ যাব বৌ চিন্তা নকৰিব। হয়, এইবোৰ ঘটনা মানুহৰ জীৱনত। তেখেতৰ যে তাতকৈ একো বেচি নহ'ল সেইটোৱেই ডাঙৰ কথা।
   মই বৌক ক'লো। তেনেতে মন কৰিলো পৰ্দাখন ডাঙি ভিতৰৰ পৰা কোনোবা লাহে লাহে সোমাই আহিছে। পৰিমল দা সোমাই আহিল। তেওঁৰ সেই আগৰ থুলন্থৰ চেহেৰা নাই। তেওঁ যেন বৰ ভাগৰুৱা। তেওঁ মোলৈ চালে। মইও হাঁহি এটা লৈ চালো।
  ---- দাদা ভালনে?
  মই সুধিলো। তেওঁ অলপ হহাঁৰ দৰে কৰি মোলৈ চালে।
   --- কেলেই চিনি পোৱা নাই? ...বৰুণ যে বৰুণ.....
বৌৱে পৰিমল দাক কৈ উঠিল।তেওঁ মূৰটো দুপিয়াই হাঁহিলে।
   ---- সেয়া দেখিলা! দাদাই তোমাক চিনি পাইছে! ...দাদাৰ একো ঠিক নাই...এই পাহৰে এই মনত পৰে...!
    ---- ভাল বৰুণ...?
  অলপ লেবা লেবা মাতেৰে পৰিমল দাই মোক সুধিলে।
    --- ভালেই দাদা....। আপুনি ভাল পাইছেনে...?
   পৰিমল দাই লাহে লাহে মূৰটো দুপিয়াই আকৌ ভিতৰলৈ সোমাই গ'ল।
  --- তোমাক ভাল চিনি পালে দেই...!
বৌৱে কৈ উঠিল।
  --- চিন্তা নকৰিব বৌ।ভগৱান আছে নহয়। তেওঁৰ ওপৰত ভৰষা ৰাখক...।
  ---- এৰা....
   বৌৱে হুমুনিয়াহ এটা কাঢ়িলে দীঘলকৈ। তেনেতে মন কৰিলো পৰিমল দা আকৌ পৰ্দাখন ডাঙি লাহে লাহে সোমাই আহিছে। তেওঁ মোৰ ওচৰ পাইছিলহি। তেওঁ পেন্টৰ জেপত হাত ভৰালে।
  ---- অলপ দেৰী হৈ গ'ল। বেয়া নাপাবা....।
   তেওঁ লেবা লেবা মাতেৰে কৈ উঠিল মোক।
  তেওঁৰ জেপৰ পৰা সোঁহাতখন ওলাই মোৰ ফালে আগবাঢ়ি আহিল।
আঙুলী কেইটাই চেপি আনিছে পাঁচশ টকীয়া নোটৰ একলাখ টকাৰ এটা বাণ্ডিল !

বৈদুয্য বৰুৱা

No comments:

Post a Comment