বেটুপাত

বেটুপাত

Sunday, 4 June 2017

তিক্ত হৃদয়ৰ হিয়াভগা কান্দোন

হিমশীতল এজাক বতাহে চুইছে কলিজা
ধৰাৰ বুকুত পৰিছে  টোপাল কাটি বৰষুণ
মোৰ দুহাতৰ লিহিৰি আঙুলিৰ ফাকেৰে
বৰষুণ জাক চুই চাবলৈ মন গৈছে মোৰ
বিবৰ্ণ দুখৰ পোছাকযোৰ খুলি তিতিবৰ মন গৈছে বৰকৈ
তোমাৰ সতে আগত তিতাৰ দৰেই
বৰষুণ জাক আহিলেই মনত পৰে তোমালৈ
মেঘৰ গাজনিত উচপ খাই তোমাৰ বুকুত ঠাই বিচৰাৰ দৰে
তোমাৰ চেঁচা ওঠত মোৰ ......
থাকক দিয়া ....
মোৰ বুকুৰ চেঁচা মৰমৰ উমান লৈ
তুমিয়েতো দিছিলা প্ৰতিশ্ৰুতি
এৰি নাযাওঁ বুলি
যেতিয়া মই কৈছিলো
"জান তুমিহীন পৃথিৱীখন আন্ধাৰ" বুলি
প্ৰতিশ্ৰুতিত আবদ্ধ আমাৰ মৰমবোৰ
বিষাদ নদীত উটুৱালা প্ৰতিশ্ৰুতি ভংগ কৰি
কিয় গলাগৈ নিজান ঠাইলৈ
মোৰ কপাল উকা কৰি ......
কিয় পিন্ধালা এযোৰ বগা সাজ ?
তুমিয়েতো কৈছিলা এদিন উকা কাপোৰ নলবা গাত .....
তুমিহীন পৃথিৱীৰ বুকুত আজিও লৈ ফুৰিছো যান্ত্ৰণা .....
তথাপিও অন্ধ সমাজৰ চকুত মই হেনো কুলক্ষণী  মহিলা
অনুৰাগ কিয় তুমি এৰি গলা মোক ?
নিষ্ঠুৰ সমাজৰ জয়াল বুকুত
কিয় দিছিলা প্ৰতিশ্ৰুতি ?
বিচাৰি উত্তৰ পৰিছো ভাগৰি ..

শ্ৰীমতী পূৰৱী বুঢ়াগোহাই
ইংৰাজী বিভাগ
গড়গাওঁ মহাবিদ্যালয়
      

No comments:

Post a Comment