বেটুপাত

বেটুপাত

Sunday, 11 June 2017

সত্যৰ মৰ্মতা

 "ভেলেঙী” ! এই কুলক্ষিণী দুগগৰাকী আহিছে,ৰচী এডাল লৈ আহ,ইহঁতক আজি বাপেকৰ বিয়া দেখুৱাম।"দেউতাকে কোৱা এই কথাষাৰ যেন বজ্ৰপাত পৰা দি পৰি ৰল ললিতা আৰু তাইৰ সৰু বায়েকৰ দেহত। চোতালত চকীত বহি থকা ভেলেঙী ওৰফে ললিতা 'তৰ মাকক দেউতাকে কঠোৰ আদেশ দিলত,মাকে অনিচ্ছা স্বত্ত্বেও মমতাক সংজ্ঞাহীন কৰি জুহাল এটা কোণত পৰি থকা ৰচি এডাল আনি দেউতাকক দিলে। নানিলে যে তেওঁৰো বিপদ আছে। এইখন পুৰুষ প্ৰধান সমাজ। গিৰিয়েকে কোৱা প্ৰতিটো কথা ঘৈনীয়েকে আখৰে আখৰে মানিব লাগিব। লাগিলে সেই কথা যুক্তিসংগত হওক বা নহওঁক।মাকে ৰচি ডাল আনি দেউতাকক দিয়াত "ৰহ,আজি তহঁত দুয়োটাকে বান্ধি থম"বুলি কৈ গোহালীৰ এটা বাহৰ খুটা এটাত সিহত দুয়োতাকে বান্ধি 'লে।বান্ধি উঠি দেউতাকে বজাৰত তঁহতে কাৰ চাউল বেচিব গৈছিলি বুলি সোধাত ললিতাই তত পালে কিহৰ বাবে সিহঁতক জেৰা কৰা হৈছে।
           
সেইদিনা আছিল সোমবাৰ। সাপ্তাহিক বজাৰ বহিছে,ৰবিবাৰে ৰাতি দহমান বজাৰ পৰাই গৰুগাড়ী,মহৰ গাড়ীবোৰ বজাৰলৈ বুলি বিভিন্ন ঠাইৰ পৰা বজাৰলৈ বুলি আহে। গৰু আৰু মহৰ ডিঙিত আৰি দিয়া টিলিঙাবোৰৰ শব্দই ৰাতি নিস্তদ্ধতা ভেদি বহু দূৰলৈ প্ৰবাহমান হয়। কোনোবাই ধান,কোনোবাই মৰাপাট,কোনোবাই সৰিয়হ আদি বিক্ৰি কৰিবলৈ বজাৰলৈ আনিছে। বজাৰৰ ওচৰেৰে বৈ যোৱা নদীখনেৰে আকৌ কোনোবাই বাহঁ আৰু কোনোবাই কলগছৰ ভূৰ সাজি বজাৰলৈ বুলি আহিছে। নদীখন পাৰ 'বলৈ আকৌ কোনোবাই চিঞৰি চিঞৰি ঘাটোৱাল লুটু ওৰফে কনক দাসক মাতিছে। এইদিনটো বৰ ব্যস্ততাৰে পাৰ হৈ যায় ঘাটোৱাল লুটুৰ,ভাতসাজ খাবলৈএ আহৰি নাই। আনদিনাৰ দৰে আজিও লুটু নিজৰ কাৰ্য্যক্ষেত্ৰত ব্যস্ত। তাৰ মাজতে আৰু কোনোবাই চিঞৰি কৈছে-" লুটু কাই! খেপত নবীনে পাৰ হব নোৱাৰিলে,সি খেপত তাক লগত লৈ আহিবি। একেলগে যাব লাগিব। "ইত্যাদি কথাবোৰে চৌদিশ ভাহি ফুৰিছে।
          
গাঁৱত ৰতন খুৰাৰ দোকানখনে একমাত্ৰ দোকান তাকো গেলামালৰ। সাপ্তাহিক বজাৰৰ বস্তততকৈ খুৰাৰ দোকানৰ বস্তৰ দাম বহুত বেছি।নহ'বনো কিয়? খুৰাই যে বস্তবোৰ বহু দূৰৈত থকা টাউনৰ পৰা বাছেৰে আনি নাৱেৰে পাৰ কৰি আকৌ মহৰ গাড়ীৰে দোকানলৈ আনিব লাগে। তাতে দোকানৰ বিক্ৰিও খুব কম।সকলো গঞাই সাপ্তাহিক বজাৰৰ পৰাই কিনা-বেচা কৰে। হঠাতহে কেতিয়াবা ৰতন খুৰাৰ দোকানলৈ আহে।
       
ললিতাৰ দেউতাক এজন খেতিয়ক। খেতিত উৎপাদিত হোৱা শস্য বিক্ৰি কৰি পোৱা টকাৰে দালি চেনী আদি বস্তবোৰ কিনে। চাউল অভাৱ নাই খেতিডৰা আছে নহয়,বিক্ৰি কৰা বাদে বাকীখিনিৰে বছৰটো কিবাকে পাৰ হৈ যায়। গাখীৰ,কণী,শাক-পাচলি এইবোৰ ঘৰতে হৈ যায়। ললিতাৰ দেউতাকে হিচাপ কৰি চলে বাবে সংসাৰখন নিয়াৰিকৈ চলাব পাৰে। ছোৱালীহতৰ পঢ়া খৰছো খেতিৰ ওপৰতেই নিৰ্ভৰশীল।
   
       
ললিতাহতঁৰ তিনিগৰাকী বাই-ভনী। ভায়েক নাই। ললিতা ৫ম শ্ৰেনীত,সৰুবায়েক ৮ম শ্ৰেণীত আৰু ডাঙৰ বায়েকে যোৱাবছৰ মেট্ৰিক পাছ কৰিছে। “ছোৱালী মানুহ বেছি পঢ়ি-শুনি কিদাল উঘালিব” দেউতাকৰ উক্তি। তিনিজনী ছোৱালীক স্কুলৰ মাচুলকে ধৰি কাগজ-কিতাপ যোগান ধৰাটো দেউতাকৰ বাবে বৰ অসুবিধা হয়। তাতে আকৌ যোৱাবছৰৰ প্ৰলয়ংকাৰী বানে সকলো খেতিপথাৰ ধুৱাই লৈ গৈছে। ডাঙৰ বায়েকক বিয়াৰ দিয়াৰ যোজা চলিছে। সৰু বায়েকো পঢ়াত চোকা,কিন্ত তাইক পঢ়োৱাবৰ বাবে দেউতাক সামৰ্থহীন। দেউতাকৰ বাধা নেওচি সৰু বায়েকে স্কুললৈ যাব বিচাৰে,লৰাবোৰৰ লগত ফেৰ মাৰি পঢ়িব বিচাৰে। অজিত ছাৰে শ্ৰেণীপাঠৰ সময়ত কোৱা "সুস্থ সমাজ গঢ়িবলৈ শিক্ষিত নাৰীৰ প্ৰয়োজন। শিক্ষিত নাৰীয়ে সন্তানক শিক্ষিত হোৱাত বহুখিনি অৰিহণা যোগাব পাৰে"এইষাৰ কথাই তাই অন্তৰত এক সাঁচ বহুৱাইছে,কিবা এটা কৰাৰ উদ্যম লভিছে। তাইৰ বান্ধৱী ঊষা বায়েকজনীয়ে আকৌ তিনিটা সন্তান মাক হোৱাৰ পিছত বিধবা 'ল। ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱাত তিনিটা সন্তান ডাঙৰ-দীঘল কৰিব লগা হোৱাত চকুৰে সৰিয়হ ফুল নেদেখা পৰিস্থিতিৰ সন্মূখীন ' লগাত পৰিছিল। সৰু বায়েকে ভাৱে যদি উপযুক্ত শিক্ষা থাকিলেহেতেন তেতিয়া 'লে চৰকাৰী নহ'লেও কোম্পানীৰ সৰু সুৰা চাকৰি কৰি 'লেও সুন্দৰভাৱে চলি যাব পাৰিলেহেঁতেন। সেয়ে তাই ৮ম শ্ৰেনীৰ পৰীক্ষা দি উঠিয়েই গাঁৱৰ ছোৱালী এজনীৰ পৰা পুৰণা কিতাপ যোগাৰ কৰিলে। কান্দি কান্দি মাকক কাগজ কিনি দিবৰ বাবে খাটনি ধৰিলে। মাকে তাইৰ পঢ়াৰ প্ৰতি ধাউটি দেখি আৰু কান্দোন সহ্য কৰিব নোৱাৰি,সেই আপদীয়া সোমবাৰটোৰ আবেলি ৪কেজি চাউল দি বজাৰত বিক্ৰি কৰিবৰ বাবে আগবঢ়াই দিলে। লগত ললিতাক লৈ সৰু বায়েকে বজাৰলৈ গল। পিছে 'তে বাঘৰ ভয় তাতে ৰাতিও হয়। দেউতাকে বজাৰত ললিতা হঁতক দেখি শুধিলে-"তহঁতে বজাৰলৈ কিয় আহিলি? "উত্তৰত সৰু বায়েকে 'লে-"কটকী খুৰীয়ে চাউল বেচিব পঠিয়াইছে। "কটকী খুৰী ললিতা হঁতৰ প্ৰতিৱেশী এগৰাকী কথা চহকী তিৰোতা।
    
         ঘৰলৈ আহি দেউতাকে মাকক সোধাত মাকে সঁচা কথাটো কথাটোকে 'লে। দেউতাকে খঙত অগ্নিশৰ্মা হৈ পৰিল। তেওঁৰ সন্তান হৈ তেওঁক মিছা 'লে। এতিয়াই যদি এই বদ অভ্যাসটো গুচাব পৰা নাযায় পিছলৈ বিপদ 'ব। কাৰণ,দেউতাকে ভালকৈ জানিছিল চুৰ কৰি ফাঁচি কাঠত ওলমিব লগা হোৱা সেই 'ৰাটোৰ কথা। ফাঁচীকাঠত ওলমিব লগা লৰাটোক বিচাৰকে তাৰ শেষ ইচ্ছাৰ কথা সোধাত মাক আৰু দেউতাকক চুমা খোৱাৰ কথা জনালে। সময়ত মাক-দেউতাকক চুমা খাবলৈ দিয়াত সি চুমা খোৱা সুযোগতে মাক-দেউতাকৰ কাণ কামুৰি চিঙিলে। কাৰণ সোধাত সি জনালে যে সি সৰুতে ওচৰ-চুবুৰীয়াৰ পৰা তামোল,জলকীয়াকে ধৰি ইটো সিটো সৰু-সুৰা বস্ত চুৰ কৰি অনাত মাক দেউতাকে তাক কেতিয়াও বাধা দিয়া নাছিল, ভালহে পাইছিল। তেতিয়াই তাক বাধা নিদিয়াৰ বাবে সি আজিৰ পৰিস্থিতিৰ মূখামুখি হব লগাত পৰিল। ললিতাৰ দেউতাকে সেইবাবে সিদ্ধান্ত 'লে যে ইহঁতক শাস্তি দিবই লাগিব। সেইদিনা গোটেই ৰাতি সিহঁত দুয়োতাকে গোহালীতে বান্ধি 'লে। মাকে খুলি দিবলৈ অহাত মাককো কোবালে। সেইদিনা ৰাতি সকলোৰে অনাহাৰে পাৰ হৈ 'ল।
          উলুৰ লগত বগৰী পোৰা যোৱাৰ দৰে,ললিতাই সৰুবায়েকৰ লগত শাস্তি পালে। অৱশ্যে দেউতাকৰ সেই শাস্তি তাইৰ অন্তৰত শিলৰ ৰেখাৰ দৰে সাঁচ বহি 'ল। সিহঁতে মিছাৰ আশ্ৰয় জীৱনটোৰ বাবে এৰিলে।
      এদিন দুদিনকৈ বছৰ বাগৰিল। ললিতাৰ সৰু বায়েক এতিয়া গাঁৱৰে এল.পি স্কুলখনৰ শিক্ষয়িত্ৰী,ললিতা এতিয়া  এগৰাকী আই.চি.এছ বিষয়া। অৱশেষত দেউতাকৰ সেই শাস্তিৰ মহত্ব ললিতা আৰু সৰু বায়েকৰ যোগেদি প্ৰকাশিত 'ল।


ছানকুমাৰ কলিতা।
নগৰবেৰা।

No comments:

Post a Comment