বেটুপাত

বেটুপাত

Sunday, 11 June 2017

মুক্তি

চাৰিওফালে কিহৰ কোলহল ?
মই এই কোলাহলৰ মাজত 
বিলীন হৈ যাম নেকি?
সকলো থাকিও যেন এক শূণ্যতা
এক বিন্দুৰ ওপৰত থিয় হৈ
এটি সমাপ্তিলৈ মাথো বাট ৰোৱা।
মোক আৰু যোৰ নকৰিবা 
আহা বুলি,,!
মই নোৱাৰিম আৰু এই কোলাহল সহিব….!

এই টনা-আজোৰাৰ খেল খেলিব
মোক তোমালোকে মুক্তি দিয়া
কিয়নো ময়ো হয় কিজানি
এটি "সৰু প্ৰাণী"
সকলোৱে স্বাৰ্থপৰ হৈছে
নিজৰ নিজৰ আৰু
মাথো নিজৰ কথা ভাবি
নুবুজে তেওঁ আনৰ বেদনা
কোনে কি বিচাৰে ? কাক কি লাগে?
মোক মাথো লাগে মুক্তি
আৰু মাথো মুক্তি ।।।।।
                              
 
             
চন্দনা দাস
ঠিকনা- উজান বজাৰ পাণিকল 

No comments:

Post a Comment