বেটুপাত

বেটুপাত

Sunday, 11 June 2017

এয়াই নেকি...??

জীৱশ্ৰেষ্ঠ হেনো মানৱ জাতি।
এয়াই নেকি মানুহ,
যাৰ অন্তৰত নাই আত্মীয়তাৰ ভাৱ,
যাৰ নাই এখন সঁচা হৃদয়,
নাই কোনো দয়া, মমতা আৰু মৰম।
এয়াই নেকি...?
এয়াই নেকি প্ৰগতি,
' নাই নিজৰ জীৱনৰেই নিশ্চয়তা,
' মাথোঁ পদে পদে ভয় আৰু শংকা।
এয়াই নেকি জীৱন আৰু সুখৰ সংজ্ঞা,
যি কেৱল কৰ্মকেই নিৰ্দেশ কৰে,
নাই ' কোনো অৱকাশ।
' আধুনিকতাই সৰ্বস্ব, যেন সকলো কেৱল মাত্ৰ যন্ত্ৰ।
এয়াই নেকি...?
নিবিচাৰো আমি এনে প্ৰগতি,
নিবিচাৰো এনে জীৱন,
বিচাৰি নাযাওঁ সুখৰ সংজ্ঞা,
প্ৰয়োজন নাই মানুহৰূপী যন্ত্ৰৰ।
মানুহ হৈ জন্ম লৈছোঁ যেতিয়া 
মানুহৰ কথা আমি ভাৱিব নোৱাৰোঁনে????
ভূপেনদাই জানো কৈ যোৱা নাই..
"
মানুহে মানুহৰ বাবে
যদিহে অকণো নাভাবে
ভাবিব কোনেনো কোৱা
সমনীয়া,
মানুহে মানুহৰ বাবে..."

 
সীমান্ত তামুলী
গড়গাঁও মহাবিদ্যালয়

No comments:

Post a Comment