বেটুপাত

বেটুপাত

Sunday, 11 June 2017

বেশ্যা.

নিৰ্জন ৰাতি শুনিছানে তাইৰ
হিয়াভগা কান্দোন,
তাইৰ কান্দোনত যেন স্বতফূতভাৱে ভাৱে
ফুটি উঠিছিল তাইৰ অসহায় ৰূপটো।
কি ভুল আছিল তাইৰ?
সমাজৰ এচাম মুখাপিন্ধা কালপিতে
চিৰা-চিৰ কৰি পেলাইছিল তাইৰ দেহ।
সেইটোৱেই কাৰণ নি তাইৰ
বেশ্যা নামৰ অধিকাৰী হোৱাৰ!
কিয় প্ৰতিমূহুত্বত সহ্য কৰিব লগা হৈছে
সমাজৰ বহু অশ্লীল মাত।
কাৰণ তাই এজনী বেশ্যা;
সমাজৰ নিয়মবোৰে যেন জীৱন-যান্তনাত
জুৰুলা কৰিছে তাইক!
কিন্তু কিয়?
তাইৰওটো এটা মন আছে;
আছে জীয়াই থকাৰ অলেখ সপোন।
মুকলি আকাশত সপোন দেখাৰ সমঅধিকাৰ;
কিন্তু সপোনবোৰ যেন মোহাৰি পেলাইছে
ভদ্ৰতাৰ আঁৰৰ মুখবোৰে।
তাই আজিও হিয়া-ঢুকুৰি
কান্দি উঠে দুভাগ ৰাতি,
নাই আজি আহৰি নাই কাৰো;
তাইলৈ ঘূৰি চাবলৈ,এষাৰি মাত লগাবলৈ।
নাইবা মৰমেৰে বুকুৰ মাজত আকোৱালি লবলৈ
কাৰণ তাই এজনী বেশ্যা।
অংকিতা সোনোৱাল
বৰহোলা,তিতাবৰ


No comments:

Post a Comment