বেটুপাত

বেটুপাত

Sunday, 11 June 2017

আকৌ এবাৰ তেনেকৈ ক’বানে

      
      সেইদিনা আছিল জে.বি কলেজৰ প্ৰথম ষান্মাসিকৰ চেছনেল পৰীক্ষা আৰ.চি.চি. বিল্ডিঙৰ ৰোম নং ৩০৪, সেই দিনটোতেই জানা মনত পৰে তোমাক প্ৰথম দেখাৰ কথা তুমি ৰৈ আছিলা দৰ্জাৰ সন্মুখত, এবাৰ ভিতৰ আৰু এবাৰ বাহিৰৰ ফালে চাই মই --- ৰোমত বেঞ্চত আমন-জিমনকৈ বহি পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে কিতাপ চাই মই মূৰ তলি চাই হঠাৎ দেখিলো তোমাক দৰ্জাৰ ওচৰত আৰু মইয়ো চাই লো তোমাক এক অবুজ আৱেগত
নাজানো তোমাক দেখি মোৰ কি এনে লাগিল যেন তোমাক দেখিছো ৰবাত!!! তাৰ পাছত --- কৰিলো তোমাৰ বিষয়ে জনাৰ সন্ধান হোষ্টেললৈ আহি মেলি ললো ফেচবুকৰ অভিধান দেখিলো তাত তুমিচোন মোৰ ফ্ৰেণ্ড লিষ্টৰে সদস্য এজন কেইদিন মানৰ পাছত গমপালো আমাৰ পাচকৰ্চ একেই মনতে ভাবিলো বাহঃ মজা তেতিয়া তাৰ পাছৰ পৰা পাচকৰ্চৰ ক্লাচৰ বাবে সদায় কৰো অপেক্ষা মনতে ভাবি থাকো ক্লাচটোযে কেতিয়া কৰিব পাম যেতিয়া জানিলো তোমাৰ ডিপাৰ্টমেন্ট, তাৰ পাছৰ পৰা সদায় চাই থাকো জানা আৰ.চি.চি. ১০৫ পৰা ১০৭ লৈ জানোচা তোমাক এবাৰ দেখোৱেই  
যিদিনা ফেচবুকত মই নোখোজাকৈয়ে দিছিলা, তোমাৰ হোৱাটচআপ নাম্বৰ সেইদিনা মোৰ যে কি অপাৰ আনন্দ তোমাৰ নাম্বাৰটো আছে ঠিকেই কিন্তু যে তাৰ ব্যৱহাৰহে বেছি নহয় হাই, হেল্লতেই শেষ হয় কথা আমাৰ  
কিন্তু সেইদিনা মোৰ বহুত ভাল লাগিছিল জানা তোমাৰ ডিপি আৰু ষ্টেটাচ চাই মই যে সুধিছিলো 
--
তোমাৰ এক্সিডেন্ট নেকি? (তোমাৰ ডিপিত ভৰিত দুখপোৱা ফটো দেখি ভয় লাগিছিল)
--
কিয়? মোৰ গাৰ্লফ্ৰেণ্ড জনী নেকি? (তোমাৰ উত্তৰত মই আচৰিত লগতে আনন্দিতও হৈছিলো)
--
এনেই, কি ফাল্টু হা (মোৰ নিজৰ তোমাৰ প্ৰতি থকা দুৰ্বলতা লুকুৱাইছিলো)
যদিও মোৰ ভাল লাগিছিল, সেইয়া যেন এক কৃত্ৰিম খং কিন্তু তুমি নুবুজিলা মইতো তোমাক এনেইহে খং কৰিছিলো তুমি যে মোক মাতিবলৈকে এৰি দিলা কিয় বাৰু???
তোমাই চাবৰ বাবে জানা আৰ.চি.চি. ২০৩ আৰু ২০৭ ক্লাছৰ বাবে মই আজিও বাটচাই থাকো ক্লাছত লগৰীয়াবোৰৰ গাৰ ফাঁকেৰে বাৰে বাৰে চাই থাকো তোমাক তুমি আকৌ কেতিয়াবাহে মোলৈ চোৱা  
কিয় বাৰু?? এইয়া তোমাৰ খং নে অভিমান?? আকৌ এবাৰ বা চোন
--
মোৰ গাৰ্লফ্ৰেণ্ড জনী নেকি?
এইবাৰ মই
--
হয় তুমি পাৰিবানে বিশাল মোৰ হৃদয়ৰ প্ৰেমিক!!! পাৰিবানে দিব বিশাল তোমাৰ হৃদয়ৰ মৰম
প্লিজ আকৌ এবাৰ বাচোন 
--
মোৰ গাৰ্লফ্ৰেণ্ড জনী নেকি??
মই তোমাক ব্লক কৰি নিদিও প্ৰমিচ  


~ ৰিম্পী গগৈ 
জগন্নাথ বৰুৱা মহাবিদ্যালয় 

1 comment:

  1. Wao ...mojahh lkhica..bica hijon kun jak vindau buli matibo ami aodik agrohara roi axu ..��

    ReplyDelete