জীৱনৰ বিশাল সাগৰত ,
পালতৰা নাওঁ বাই বাই
ভাগৰুৱা দুহাত।
বুকুৰ সীমনাত নাওঁ ৰাখি ,
আমঠুৰ লুনীয়া আঠা বালিত
আলফুলে আকিঁছিলো প্ৰতিচ্ছবি তোমাৰ ।
কিন্তু , বুকুৰ গভীৰ জলধাৰাৰ
ওখ ওখ জোৱাৰ ভাঁটাই
উটুৱাই নিয়ে প্ৰতিবাৰে
তোমাক ......
মোহাৰি নিয়ে ক্ৰমশঃ মোকো
অসহায় অসহায় মই।
দুগালেদি বাগৰে লুনীয়া লোতক ;
মই যেন ক্ৰমান্বয়ে নিঃশেষ হৈ গৈছো
ম্লান পৰি ৰয় মোৰ দগ্ধ কলিজা ...।
নিয়তিয়ে আজি মোক উপহাস কৰে ।
তুমি যে নাই মোৰ ছাঁ হৈ;
সেইবাবেই ....
এতিয়া নিৰস আৰু নিমাত মোৰ সৰ্বশক্তিমান,
কল্পনাৰ দাপোনখনো দেখোন অস্পষ্ট ....।
নিজকে মই দেখা পোৱা নাই,
উসঃ বৰ যান্ত্ৰনা .......
প্ৰেম হীন মই এতিয়া
পিয়াহত আতুৰ মই তৃষ্ণাতুৰ,
কলিজাটোৱে চটফটাইচে
উচুপিছে
চাৰিওফালে মৰিশালিৰ নিষ্প্ৰভতা
আন্ধাৰ মাথো আন্ধাৰ ।
পালতৰা নাওঁ বাই বাই
ভাগৰুৱা দুহাত।
বুকুৰ সীমনাত নাওঁ ৰাখি ,
আমঠুৰ লুনীয়া আঠা বালিত
আলফুলে আকিঁছিলো প্ৰতিচ্ছবি তোমাৰ ।
কিন্তু , বুকুৰ গভীৰ জলধাৰাৰ
ওখ ওখ জোৱাৰ ভাঁটাই
উটুৱাই নিয়ে প্ৰতিবাৰে
তোমাক ......
মোহাৰি নিয়ে ক্ৰমশঃ মোকো
অসহায় অসহায় মই।
দুগালেদি বাগৰে লুনীয়া লোতক ;
মই যেন ক্ৰমান্বয়ে নিঃশেষ হৈ গৈছো
ম্লান পৰি ৰয় মোৰ দগ্ধ কলিজা ...।
নিয়তিয়ে আজি মোক উপহাস কৰে ।
তুমি যে নাই মোৰ ছাঁ হৈ;
সেইবাবেই ....
এতিয়া নিৰস আৰু নিমাত মোৰ সৰ্বশক্তিমান,
কল্পনাৰ দাপোনখনো দেখোন অস্পষ্ট ....।
নিজকে মই দেখা পোৱা নাই,
উসঃ বৰ যান্ত্ৰনা .......
প্ৰেম হীন মই এতিয়া
পিয়াহত আতুৰ মই তৃষ্ণাতুৰ,
কলিজাটোৱে চটফটাইচে
উচুপিছে
চাৰিওফালে মৰিশালিৰ নিষ্প্ৰভতা
আন্ধাৰ মাথো আন্ধাৰ ।
ৰূপালী দত্ত ।
কৰঙা কাটনী গাওঁ
No comments:
Post a Comment