বেটুপাত

বেটুপাত

Sunday, 11 June 2017

ডাইনী



 :মৰিলো ঔ। মৰিলো ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা।
:
আই আই। ছাৰ ছাৰ আমাক বচাওঁক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় এয়া মোৰ আই হয়।।।
কাতৰ চিঞৰ কেইটা এতিয়াও কাণত বাজি থাকে মাজে মাজে। অস্থিৰ হৈ পৰো।মন মগজু ঘূৰি যায় চাৰি বছৰ আগৰ সেই দিন কেইটালৈ।
  ২০১২ চনৰ জুন মাহ।বিদ্যালয়ত যোগদান কৰিয়ে মন কৰিলোঁ মলিয়ন গা, নাকত হেঙুন, ভৰিবোৰত  সাপৰ দৰে আঁক বাক আঁচ থকা প্ৰতিজন ছাত্ৰ ছাত্ৰীৰে হয়তো ভৰি ধুয়ে পোৱা নাই সিহঁতে।  শিক্ষক- ছাত্ৰ -অভিভাৱক এটা সম্পৰ্ক বনাবলৈ আপ্ৰাণ চেষ্টা কৰিলোঁ। ঘনে ঘনে সভা পাতিলোঁ। নাই নাহে দুই এগৰাকী আহি গুচি যায় কোনো নাহে বুলি। ভোজৰ আয়োজন কৰিলোঁ এইবাৰ। দলে বলে আহিল। বুজিলোঁ। ভোজৰ আয়োজন ঘনে ঘনে কৰিলোঁ। কব লগীয়া বোৰ তাতে কলো। এটা সময়ত এনেকুৱা হলগৈ যে সভা পাতিলে দলে বলে আহিব ধৰিলে। লাহে লাহে বিদ্যালয় খন তেওঁলোকৰ বুলি অনুধাৱন কৰিব ধৰিলে।
  
কিছু চাফ চিকুণ হল ছাত্ৰ ছাত্ৰী সকল। কিন্তু মন কৰিলোঁ এজন ছাত্ৰ আগৰ দৰেই আছে। সি অকণমানো সলনি নহল। খুব ভয় কৰে। কাৰো লগত মিলা মিছা নকৰে। ভোজলৈএদিনো নাই অহা তাৰ অভিভাৱক
:
দেউতাক মাতিছে বুলি কবা দেই কাইলে
:
কি দেউতা
:
পিতাইৰ কথা কৈছো 
:
মোৰ পিতাই নাই
:
কলৈ গল
:
মৰিলে
:
ও। বেয়া নাপাবা দেই। নাজানো যে। মা আছে নাই
:
আই আছে। মই মাক আই বুলিয়ে কওঁ। 
:
ও। আইকে মাতিছে কবা নহলে
:
আই নাহে। 
:
কিয়
:
আইক আহিবলৈ মানা কৰে মানুহ বোৰে। আইক মানুহ বোৰে কলৈকো ওলাব নিদিয়ে। মোৰ আই কাৰণেই বোলে পিতাই মৰি থাকিল। আৰু আই কাৰণেই বোলে গাঁওখনত মানুহ বোৰ মৰে, গাওঁত মানুহবোৰৰ বেমাৰ আই কাৰণেই হয়। মোৰ আই ডাইনী বুলি কৈ মোক সিহঁতৰ লগত খেলিব নিদিয়ে। ছাৰ ডাইনী মানে কি নো????? 
 
মই তাৰ চকুলৈ চালোঁ। এহেজাৰ টা প্ৰশ্নৰ উত্তৰ বিচৰা ধৰণে সি মোৰ চকুলৈ চাই আছে। মই কি কওঁ ভাবি নাপালোঁ।
:
হেই ডাইনী চাইনি এইবোৰ একো নাথাকে নহয়।
:
আপুনি মিছা কৈছে ছাৰ। 
:
নহয় ঔ। এইবোৰ মানুহে মিছাকৈ উলিয়াইছে।
 
কৌতুহল হল লৰাটোৰ ওপৰত। বিদ্যালয় ছুটি পিছত তাৰ ঘৰত সোমালোগে।ঘৰ বুলি কব নোৱাৰি। এটা কোঠা মাত্ৰ। মোক যোৱা দেখি ভিতৰলৈ সোমাই গল মানুহগৰাকী। 
:
কি হল ভিতৰলৈ সোমাই গল যে।
:
আপুনি আমাৰ ঘৰলৈ আহিব নালাগিছিল ছাৰ।
:
কিয়?
:
মানুহবোৰে আপোনাক বেয়াকৈ চাব।
:
কি বেয়াকৈ
বুলি কৈ ভিতৰলৈ সোমাই গলো। তেওঁ একেবাৰে শিল পৰা কপৌৰ দৰে অবাক হল মোক ভিতৰত এনেকে দেখি। এনেও বাহিৰৰ পৰা দেখিয়ে থাকে ভিতৰ খন। এচুকত এটা কলহ,চৌকাত এখন কলা কেৰাহী আৰু এটা বাল্টি ওলমি আছে বেৰত। আনফালে এখন বাঁহৰ চাং। আৰু একো নেদেখিলোঁ কোঠাটোত।
:
আপোনাৰ বিষয়ে জানিব আহিছোঁ।
:
কি জানিব খোজে?
:
কিয় ডাইনী বুলি কয় মানুহে আপোনাক?
:
জানি কি কৰিব!
:
একো কৰিব নোৱাৰিলেও কিবা কৰিব পাৰো বা। কওক মোক!
:
আপোনাক কিয় কম।আপোন বোৰেই বিশ্বাসঘাটক কৰিলে। আপোনাক কিয় বিশ্বাস কৰিম। আপুনিও এজন পুৰুষেই হয়।
বহু দেৰি লাগি লাগি শেষত কবলৈ বাধ্য হল। তেওঁ কৈ গৈছে এফালৰ পৰা সকলো। তেওঁ যেন কথাবোৰ কাৰোবাক কবলৈহে বাট চাই আছিল। মই শুনি গৈছোঁ,--- গিৰিয়েক ঢুকুৱাৰ পাছত পৰিয়ালৰ মানুহ খিনিয়ে  সম্পত্তি খিনি কেনেকৈ কাঢ়ি ললে, এতিয়া বিচাৰি গলেই ডাইনী সজাই কেনেকৈ খেদাইসহায় বিচাৰি গাওঁবুঢ়াৰ ওচৰলৈ যাওঁতে তাই দেহাটো কেনেকৈ অকলে পাই সুযোগ ললে। তাকে ন্যায় বিচাৰি গাঁওৰ মানুহ চপাওঁতে উদণ্ড ডেকাবোৰে গম পাই ৰাতি কেনেকৈ আমনি কৰিব ধৰিলে। এইবোৰ বাধা দি দি ভাগৰিব নুখুজোঁতেই গাঁওৰ বেজ জনে নিজৰ আধিপত্য বঢ়াবলৈ কেনেকৈ গাঁওৰ প্ৰতিটো অমংগল তাইৰ বাবেহে হয় বুলি বাচনি ধৰিব ধৰিলে। কথাবোৰ কৈ কৈ শেষত তেওঁ হুকহুকাই কান্দি উঠিল। বেচেৰীজনীক চকুপানী খিনি মুছি দিবলৈ মন গৈছিল। কিন্তু থমকি ৰলো কিজানিবা মোকো সুবিধা লব বিচৰিছে বুলি ভাবে। 
:
পানী খাব নেকি। পানী কত আছে নেজানো তথাপি সুধিয়ে পেলালোঁ। 
:
ওহোঁ। নালাগে। আপুনি যাওঁক এতিয়া। এটা ভাৰাক্ৰান্ত মন লৈ ঘূৰিলোঁ 
২০১৩ চনৰ চত মাহৰ ১৩ তাৰিখ। বিদ্যালয় আহোতেই মন কৰিলোঁ তেওঁৰ  চোতালত কেইজন মান মানুহ গোট খাই আছে।  কৌতুহল বশত: আগবাঢ়ি গলো। 
:
এই ডাইনী জনীক মাৰিয়ে পেলাব লাগে। এজনে গৰজি উঠিল।
:
  এইক মাৰিয়ে পেলাওঁ। এজনে গৈ চুলিকোচাত ধৰি টানিয়ে আনিলেগে।তোৰ কাৰণেই মোৰ ছোৱালীজনীয়ে ডিঙিত চিপ লৈ আত্মহত্যা কৰিলে। তোৰ কাৰণে আৰু কিমানে মৰিব। তাৰ আগতে তোকে মাৰি পেলাওঁ।
:
মৰিলো ঔ। মৰিলো ঔ। মোক নামাৰিবি। মই ডাইনী নহয়। মই ডাইনী নহয়। পোনাকণ মোক বচা। কণমানি লৰাটোক বচাবলৈ কলে। পোনাকণ আগবাঢ়ি গল। পোনাকণক সাৱটি ধৰিলে।
:
আই আই। ছাৰ ছাৰ আমাক বচাওঁক। মোৰ আই ডাইনী নহয়। মোৰ আই ডাইনী নহয় এয়া মোৰ আই হয়।....    .... মানুহকেইজনে মাকক মৰা কোব কেইটা গাত পাতি এনেকৈয়ে চিঞৰিলে পোনাকনে।

 পোনাকণ নথকা হেঁতেন নিজেই মৰি থাকিলোঁ হেতেন ছাৰ। নিমখ অকণমান মিহলি কৰি ভাত এগৰাহ মুখলৈ নি তাই কলে
:
কিয় তেনেকৈ কৈছে
:
ইহঁতৰ হাতত মৰাত কে। 
:
আপুনি জীয়াই থাকিব লাগিব। 
:
এনেকৈ জীয়াই থাকিব পাৰোনে। কাষতে থকা মেকুৰিজনীক ভাত কেইটামান মাটিতে দি দিলে। বহু দিন ভোকত থকাৰ দৰে মকামক খাই পেলালে। হয়তো মেকুৰী জনীয়ে নাজানে তাইৰ গৰাকীক বাকী মানুহবোৰে ডাইনী সঁজাইছে। মেকুৰিজনীয়েও যদি সিহঁতৰ সমান বুজি পোৱা হল হেতেন তেন্তে তাইও চাগে ভাত খিনি নাখালে হয়। কালিৰ মানুহ খিনিকো অবোধ মেকুৰিজনী দৰেই লাগিল। সিহঁতেও যদি নিজৰ মগজেৰে অকণমান চিন্তা কৰিব পাৰিলে হয় তেন্তে কালিৰ দৰে অভাৱনীয় পৰিস্থিতি কেতিয়াও কতো নহল হেতেন হয়তো।
:
আজিৰ পৰা অন্ততঃ পাৰিব লাগিব।
:
মোক যদি কিবা কৰে আপুনি পোনাকণক চাব দেই।  তেওঁ যেন মোক বিশ্বাস কৰিছে তেনেকুৱা সুৰত কলে। বৰ সহজে মানুহক বিশ্বাস কৰি লয় নে বিশ্বাস কৰিবলৈ আৰু মানুহ নথকা বাবেই মোক তেনেকে কলে বুজি নাপালোঁ।
:
আপোনাক সিহঁতে একো কৰিব নোৱাৰে।
:
কালি আপুনি নথকা হেতেন
:
কালিৰ কথা বাদ দিয়ক। আজিৰ পৰা আপুনি সিহঁতৰ বিৰুদ্ধে যুঁজিব লাগিব
:
কেনেকৈ
:
কেনেকৈ সেইটো মই নাজানো। কিন্তু আপুনি সিহঁতৰ আচল ৰূপটো উদঙাই দেখুৱাবই লাগিব সমাজক
:
তামোল খাব নে। পাত্ৰটোত থকা অন্তিম ভাত কেইটা চুচিমুচি খাই শেষ কৰি ভাতৰ চৰুৰ ঢাকোন যেন লগা প্লেট এখনত শুকাই থকা পান আৰু মলিয়ন তামোল দুডোখৰ মানেৰে আগবঢ়াই দিলে
:
দিয়ক এখন
:
আপুনি যাওক এতিয়া। দেৰি হব নহলে
:

মানুহ গৰাকীক কিছু সাহস দিওঁ বুলিয়ে সোমাইছিলোঁ। তামোল খন  খাবলৈ অলপ ঘিণ লাগছিল যদিও তাইক দেখুৱাই মুখত ভৰাই ওলাই আহিলো। বিদ্যালয়ৰ জপনা খুলি সোমাব লওঁতেই বড়ো সম্প্ৰদায়ৰ মানুহজনক দেখিলো। তেওঁ মোক দেখি কিছু সংকোচ বোধ কৰা দেখি মইয়ে মাত লগালো। 
:
কৰ পৰা আহিলে
:
গাওঁবুঢ়াৰ ঘৰলৈ গৈছিলং
এই বুলি কৈ তেওঁ চাইকেলৰ পেডেল জোৰকৈ মাৰি বেগেৰে গলগৈ। তাতকৈ বেগেৰে মোৰ মনটো কালিৰ ঘটনাটোলৈ আগবাঢ়ি গল।

মাককে পুতেককে বচাবলৈ আগবাঢ়ি গলো। উগ্ৰ খঙাল মানুহ কেইজনক শান্ত কৰিবলৈ সেই মুহূৰ্তত  একো উপায় ভাবি পোৱা নাছিলোঁ। 
:
ছাৰ ছাৰ বচাওঁক , মাৰি পেলাব এতিয়া আমাক। চৰ ঘোচা উপৰ্যুপৰি তাৰ গাত পৰাত সি আকৌ চিঞৰিলে।
কি কৰোঁ কি নকৰো বুলি উপায় নাপাই একেবাৰে ওচৰলৈ আগবাঢ়ি গৈ সাৱটি ধৰা দি হাত দুখন মেলি মানুহকেইজনক বাধা দিবলৈ চেষ্টা কৰিলোঁ। 
ঠা------  
কেবাজনো মানুহৰ ঠেলা হেঁচাত মানুহ জনী গালৈ মৰা চৰ এটা পৰিল গালতে। সৰিয়হ ফুল দেখি গলোগে ।জীৱনত দ্বিতীয় বাৰ এনেকুৱা এটা চৰ গালত পৰিল। বিদ্যালয়ত এদিন চাৰে দিছিল এনেকুৱা এটা চৰ, পঢ়োৱা সময়ত কথা পাতি হাঁহি থকা বাবে। ঘপকে ধমলা চাৰলৈ মনত পৰি গল আকৌ।
:
মাষ্ঠৰ আঁতৰিবি টুই। টুইভি মৰিবি নহলে ডাইনীটো লুগতে। অলপ আগতে লগ পোৱা বড়ো সম্প্ৰদায়ৰ মানুহজনে তেঁও নভবাকৈ তেওঁৰ চৰটো মোৰ গালত পৰাত ইতঃস্তত বোধ কৰি বাধা দিয়া সুৰত কলে
:
মাষ্টৰক নামাৰিবি। মাষ্টৰক মাৰিলে বহুত ডাঙৰ কেচ হব। আনএজনে চিঞৰি কোৱাৰ দৰে  কলে।
:
এই আপোনালোকে শুনক চোন মোৰ কথা, এওঁ ডাইনী নহয়। এওঁক নামাৰিব।
:
হুহ এইজনী ডাইনী নহয় নে। আপুনি বাধা নিদিব আজি এইক খতম কৰিবই লাগিব। দা খন হাতত লৈ এজন উদ্যত হল কাটিবলৈ। লগে লগে গাওঁৰ চেঙেলীয়া কেইটামানেও কিৰিলিয়াই আগবাঢ়ি আহিল সিহঁতক প্ৰহাৰ কৰিবলৈ।
:
হেৰী ৰব চোন ৰব। মোৰ কথা শুনক চোন প্ৰথমে। এই ডাইনী চাইনি নাথাকে নহয় পৃথিৱীত।
:
আপুনি একো নাজানে ছাৰ। এই কাৰণে বহুত ঘটনা ঘটিল এই গাওঁত। আপুনি আহিছেহে পাছত চব গম পাব। অন্য এজনে অলপ দূৰৰ পৰা চিঞৰি কোৱা দি কলে।
:
এইজনীক দুছেও কৰিহে আজি ছোৱালীজনীৰ মৃতদেহটো চামগে। দা খন দাঙি ধৰিলে। দা খন আহি মোৰ ডিঙি ওচৰ পালেহি।
 
কথা বিষম দেখি যিমান জোৰ আছে সিমান জোৰেৰে চিঞৰি দিলোঁ
:
---------- --------হে
মানুহখিনিয়ে যত যেনেকৈ আছিল তেনেকৈয়ে ৰৈ গল। 
এই মানুহ জনীক আজি মাৰি পেলাব নালাগে। মানুহ কেতিয়াও ডাইনী হব নোৱাৰে। যি জনে ডাইনী বুলি আপোনালোকক কৈছে তেওঁক মাতি আনক। তেওঁ যদি মোৰ সন্মুখত ডাইনী বুলি প্ৰমাণ দিব পাৰে তেতিয়া এইৰ লগত মোকো কাটি মাৰি পেলাব। আৰু যদি নোৱাৰে তাইৰ ওচৰলৈ এনেদৰে নাহিব কেতিয়াও।
 
মানুহবোৰে গুণগুণাই কিবাকিবি পাতিলে।
:
চাওক মাষ্টৰ আপুনি কোৱা কাৰণে আজি এইক এৰি গলো। কিন্তু কলীয়া বেজে যদি আমাক প্ৰমাণ দিয়ে তেন্তে আপুনি বাধা দিলে আপোনাৰো কথা বেয়া হব।
বৃদ্ধ এজনে কলে।
:
ঠিক আছে হব। দৃঢ়তাৰে কোৱা দি কলো। মোৰ দৃঢ়তা দেখি মানুহ এজন দুজনকৈ গলগৈ। দুই এজনে বেয়া বেয়া ভাষাৰে কৈ থৈ গল কিবা কিবি।
এবাৰ দীঘলকৈ উশাহ এটা ললোঁ। অলপ আগতে চিঞৰ বাখৰ হৈ থকা চোতাল খন নিজম পৰিল। এখোজ দুখোজ কৈ আগবাঢ়ি গলো বিদ্যালয়লৈ। 
কিন্তু নিশ্চিত হলো যে এই মানুহ গৰাকীক সিহঁতে সহজে এৰি নিদিয়ে.......   


দেৱজিৎ চুতীয়া।
ফোন নং: 9854613846
ডিমৌ, ধেমাজি

No comments:

Post a Comment