বেটুপাত

বেটুপাত

Sunday, 11 June 2017

সন্ত্ৰাস

ইপাৰ সিপাৰ হাহাকাৰ
মেতমৰা কূটনীতিৰ ভাণ্ডাৰ
তোক মাৰি মই খাম ৰাজধন
মৰা নৈক ৰঙা কৰি বোৱাম
বোৱতী নৈ সমান
কৰি তুলিম
ইপাৰ সিপাৰ হাহাকাৰ
কূটনীতিৰ ডিগ্ৰীধাৰী
মই সন্ত্ৰাস
বাৰুদে নহয় বোমাৰে নহয়
মূৰ্খ সজাম,পুতলা বনাম
সিঁচিম ভেদা ভেদৰ বীজ
আছে যি তহঁতৰ এখন
কেকোৰা সমাজ।


নিলোৎপল জে জি বৰা

No comments:

Post a Comment