বেটুপাত

বেটুপাত

Sunday, 11 June 2017

বিদায়ী সূৰুয

এটা নতুন দিনৰ সন্ধানত
সূৰুযে বিদায় মাগে প্ৰতিনিয়ত হেঙুলী বাটেৰে
জোনাকবোৰ নামি আহে সেই বাটেৰেই
যি বাটত অঁকা থাকে বিদায়ৰ তটৰেখা
আলোক উজ্বলাই ভাগৰুৱা গৰখীয়া বেলি
যৌৱন হেৰুৱাৰ যন্ত্ৰণাত দগ্ধ হয়
আবেলিৰ হৃদয়
ডাৱৰজাকে আহি জোকায় দুপৰৰ সূৰুযক
লুকা-ভাকুৰ বোকোচাত
সূৰুযে বিয়পায় বিজয়ীৰ মিচিকি হাঁহি
লুইতৰ বুকুত দোলা সাজি
পশ্চিমাকাশে সুৰ তোলে বিদায়ৰ ৰাগিণীত
যি বাটত আছে হাজাৰ সপোনৰ কঁপনি
যি পথত আছে নতুনত্বৰ বুলনি
সেই বাটেৰেই হেৰাই যায় পূৱৰ সূৰুয
অচিন মৰীচিকা ভেদী
সুখ-দুখৰ মোহনাত।

ঋতু অনুৰাগ 
মাজুলী

No comments:

Post a Comment