বেটুপাত

বেটুপাত

Sunday, 4 June 2017

নাঙলৰ মুঠি ধৰিবলৈ মোক কিয় নিশিকালি পিতাই

পিতাই অ'
কপালৰ ঘাম মাটিত পেলাই
তই সপোন দেখ
পুতেৰক ডাঙৰ মানুহ কৰিবি

মাটি ভেটি
শেষত জীয়াই থকাৰ একমাত্ৰ সম্বল
মৰমৰ গৰুহালকো বেছি
তোৰ দুচকুত বোৱা নাছিলনে পিতাই
চকুপানীৰ নৈ……???
গৰুহালৰ মূৰত হাতফুৰাই
চিৰদিনৰ বাবে বিদায় দি
নঙলামুখলৈ থৰলাগি চাই ৰোৱা
আইক বাৰু তই
কি বুলি সান্তনা দিছিলি??

পেটত গামোচা বান্ধি
কত ৰাতি উজাগৰে কটাই
ঘৰৰ চালেৰে জিলিকি থকা
আকাশৰ তৰা লেখি
তয়েইটো ভগৱানক প্ৰাৰ্থনা কৰ
মোৰ পুতাইক কুশলে ৰাখিবা বুলি !!
সি ডাঙৰ মানুহ হ'ব লাগিব
দৰিদ্ৰতাই চেপি কোঙা কৰা
আমাৰ শীৰ্ণ দুহাতত সিঁচি দিব
তৰাফুলীয়া জোনাক….

আই অ'
চকুপানীৰ জীয়াঢল
আচলেৰে মচি
গোসাইৰ থাপনাত তয়েইটো জ্বলাৱ এগছি আশাৰ বন্তি!!!

মই জানো পিতাই
বাৰিষাৰ বানেধোৱা পথাৰখনলৈ চাই
কত যে হুমুনিয়াহ কাঢ়
কত দিন আইৰ আখলত
জুই জ্বলা নাই!!!
তথাপিও দুখৰ এমোকোৰা হাঁহি
দুওঁঠত সাৱতি
সুখী হোৱাৰ কি দুৰ্দান্ত অভিনয় তহঁতৰ???

আয়ে চাগৈ কয়
আমি নেখালেও হ'ব
পোনাকন লঘোণে থাকিলেনো
কেনেকৈ পঢ়িব??
আই অ'
পুত্ৰস্নেহত সৰ্বস্ব বলিদান দিয়া
তয়েই নহৱনে
মোৰ জীৱনৰ উদিত সূৰ্য    !!!

মইয়ো ভাৱিছিলো
পঢ়া শেষ কৰি
ডাঙৰ মানুহ হ'ম
তহঁতৰ সোতোৰা পৰা দুহাতত
আকাশৰ তৰা এটি আনি
আলফুলে গুজি দিম
কিন্তু ক'তা পিতাই
অমানিশাই আৱৰা এই পৃথিৱীত
তোৰ হেপাঁহৰ সপোনটি দেখোন
চাৰ্টিফিকেটবোৰৰ বুকুতেই
জহি পচি শেষ হৈ গ'ল
মন্ত্ৰী আমোলাক
পেৰা ভৰাই দিব নোৱাৰাৰ বাবেই
তোৰ পোনাকন আজি বেকাৰ
কিন্তু কিয় দিম??
ক'ৰপৰা দিম???
তইয়ে কচোন পিতাই
দুখীয়া হলেও
কেনেকৈ তোৰ আদৰ্শক
ভৰিৰে মোহাৰি ধূলিস্যাৎ কৰো
তইতো শিকোৱা নাই
দুৰ্নীতিৰে সাঁকো গঢ়াৰ আদিপাঠ মোক
মই নোৱাৰো পিতাই
আইৰ ডিঙিৰ অৱশিষ্ট
পূৰ্ণিমাৰ জোনৰ দৰে
দুগদুগী ডালত জিলিকি থকা
তোৰ সঁচা মৰম আৰু বিশ্বাসক
আজুৰি চিঙিব
পিতাই অ'
পুতেৰে হাতত দুখ পাব বুলি
নাঙলৰ মুঠি ধৰিবলৈ নিশিকালি
নিদিলি কুমলীয়া দুহাতত গুজি
বুকুৰ আপোন তোৰ দাখন

এতিয়া কচোন
তহঁতৰ ৰুগীয়া দেহাকেইটা চাই
মই কিদৰে জীয়াই থাকো??
তোৰ ওপৰত মোৰ ক্ষোভ পিতাই
নাঙলৰ মুঠি ধৰিবলৈ
মোক কিয় নিশিকালি????

যতীন বৰা

No comments:

Post a Comment