বেটুপাত

বেটুপাত

Sunday, 11 June 2017

ভগ্ন হৃদয়

মোৰ ভগ্ন হৃদয়খন
বাৰে বাৰে গুচি যায়
তোমাৰ কাষলৈ........
স্বপ্নভৰা ৰাতিবোৰ উদাস কৰি
কিয় তুমি গুচি 'লা সোণ
বহু দূৰ দূৰনিলৈ
তোমাৰ সোণবৰনীয়া সোণাৰুৰ
আৱিৰত মোৰ বুকুত
সাৰপাই  উঠিছিল ৰাধাচূডাৰ
ৰাঙলী সপোন....... গুচি 'লা
আজি কিয় পথে পথে
স্মৃতিৰ ফুল সিঁচি থৈ  ????
তলসৰা ফুল বুটলি
আজিও আছোঁ  মই ৰৈ
বুকুত আছে হাজাৰ সপোন
তোমাক এবাৰ কাষত পাবলৈ
           

ৰূপা গগৈ

No comments:

Post a Comment