বেটুপাত

বেটুপাত

Friday, 2 June 2017

জৰায়ু

এজোলোকা গৰম তেজে তাইৰ ৰ'দে পোৰা গাল দুখন চানি ধৰিলেহি। আঠমঙলা খাবলৈ অহা ভতিজীজনীয়ে জোঁৱাইটোৰ সৈতে কৰি থকা হাঁহি ধেমালিবোৰে এই ভাটি বয়সতো তাইক শিহৰিত কৰি তুলিলে। বুকুখনলৈ বাধা নমনা কিবা এটা ঢাহি মুহি উজাই আহি তাইক উশাহ ল'ব নোৱাৰাকৈ যেন চেপি ধৰিব। নোপোৱাৰ এক গভীৰ দুখবোধে মন আচ্ছন্ন কৰি তুলিলে। যদি ভগৱানে তাইৰ লগত অন্যায় নকৰিলেহেঁতেন তাইও আজি এনেদৰে সুখৰ বন্যাত উটি ভাহি থকিব পাৰিলেহেঁতেন। কাৰোবাৰ বোৱাৰী,পত্নী,মাক হ'ব পাৰিলেহেঁতেন। কিন্তু কৈশোৰৰ পৰা যৌৱনত ভৰি থোৱা সন্ধিক্ষণতে যে ঘটি গ'ল সেই অভাৱনীয় ঘটনাটো।
সৰুৰে পৰা বৰ প্ৰাণচঞ্চলা ছোৱালী আছিল তাই। আন দহজনীৰ ছোৱালীৰ দৰে তাইও সপোন দেখিছিল এখন গুটিফুলৰ বাগিছাৰ। আঠোটা ল'ৰা ছোৱালীৰ ভিতৰত তাই আছিল মাকৰ পেটমোচা। নুমলীয়া হোৱাৰ বাবে সকলোৰে যেন নয়নৰ মণি আছিল। এনেদৰে এখোজ দুখোজ কৈ তাই যেতিয়া যৌৱনত ভৰি দিলেহি মাকেও এখন দুখন কৈ বিয়াৰ বাবে কাপোৰ বোৱা আৰম্ভ কৰি দিলে।
নকৰিবই বা কিয় ঘৰখনৰ শেষৰ খন বিয়া,বায়েক ভিনিয়েকৰ পৰা আৰম্ভ কৰি ভাগিনীয়েক কেইটাইও কমখন হেঁপাহ কৰি আছেনে। ককায়েক বৌয়েকহঁতৰতো কথাই নাই। কেনেকুৱা ফাৰ্নিচাৰ দিব,যৌতুকত আৰু কি কি দিব এতিয়াৰে পৰা গুণা গঁথা কৰি থাকে। সৰুটো ককায়েক চহৰত থাকে কিবা বোলে কোম্পানীত চাকৰি কৰে সিয়ে কৈ থাকে ভন্টিক চহৰলৈ বিয়া দিম। তাত তাই বোকা পানী নগচকাকৈ সুখেৰে থকিব পাৰিব। আনিছিলে,সেইবাৰ ব'হাগতে চহৰৰ সম্ভ্ৰান্ত ঘৰ এখনৰ একমাত্ৰ ল'ৰা এটাৰ খৱৰ। সি থকা ভাড়াঘৰটোৰে মালিকৰ সম্পৰ্কীয় মানুহ আছিল,ল'ৰা ঘৰে বিছাৰিছিল ঘৰৰ বোৱাৰী বোলে গাঁৱৰ ছোৱালীকহে কৰিব।
ভৰ দুপৰীয়া এটাত ককায়েকটোৰ সৈতে মানুহ ঘৰ আহি ওলাইছিলহি। ল'ৰা দেখনিয়াৰ,গুৱাহাটীত নিজা ঘৰ মাটি থকা ব্যৱসায়ী মানুহ পছন্দ নোহোৱাৰ কথাই নাই। তেওঁলোকেও তাইক দেখি একেকোবেই পছন্দ কৰিলে। পুৰ্ণোদ্যমে বিয়াৰ যা যোগাৰ চলিল। সেইবছৰৰ খেতিটো শেষ হ'লেই বিয়া। তাইৰ বুকুৰ গোলাপ জোপা লহপহকৈ বাঢ়িছিলহে তেনেতে শেষ নিশা এটাত তল পেটত হোৱা আসহ্য বিষ এটাই গোটেইজনীক কোঙা কৰি পেলালে। ৰাতিটো শেষ হোৱালৈ বাট চাই ৰাতিপুৱাই চহৰৰ নাৰ্ছিংহোম খনলৈ তাইক লৈ যোৱা হ'ল। ডাক্টৰে জনালে অপাৰেশ্যন কৰিব লাগিব। অসুখ বোলে বহু দিনৰে,কোনোৱে গম নোপোৱাকৈ তাইৰ জৰায়ুত কিবা বোলে টিউমাৰ নে কি এটাই আহি খুপনি পুতিছিলহি। এতিয়া সেইটোৱে গোটেই জৰায়ুটোতে শিপাই তাক উশাহ ল'ব নোৱাৰাকৈ আগুৰি ধৰিলে। গতিকে শিপাৰ সৈতে উভালিবলৈ হ'লে জৰায়ুটোকে উঠাব লাগিব।
নাৰ্ছিংহোমখনৰ নাৰ্ছগৰাকীয়ে আগবঢ়াই দিয়া কাগজখনত কঁপা কঁপা হাতেৰে চহীটো কৰোতে তাইৰ দৰে দেউতাকৰো সপোনৰ ঘৰটো তছ নছ হৈছিল নেকি বাৰু। অপাৰেশ্যন চলি থাকোতেই সৰু ককায়েকটো ঢপলিয়াই আহিছিল আৰু এখিনি শূণ্যতা লৈ। ল'ৰাঘৰে খবৰ পথাইছে বংশ ৰক্ষা কৰিব নোৱাৰা বোৱাৰী এজনীক তেওঁলোকে আদৰি ল'ব নোৱাৰিব। অপাৰেশ্যন থিয়েটাৰত প্ৰায় তিনিঘন্টা যুঁজি থাকি যেতিয়া তাই ওলাই আহিছিল পলকতে তাইৰ পৃথিৱীখনে এক নতুন মুৰ লৈছিল। ল'ৰা ঘৰৰ প্ৰত্যাখানত দেউতাকে এটা গম্ভীৰ সিদ্ধান্ত লৈ পেলাইছিল তিনিটা ককায়েকৰ মাজত ভগাই থোৱা মাটি বাৰিৰ দলিলখনত তাইৰ নামটো সংযোগ কৰি। তাইও দেউতাকৰ সিদ্ধান্তক সন্মান জনাই চিৰকাল আবিঐ হৈ থকাৰ সিদ্ধান্ত ল'লে।
ককায়েক,বায়েকহঁতৰ ল'ৰা ছোৱালীবোৰৰ লগত হাঁহি ধেমালি কৰি ব্যস্ত হৈ থাকিলেও বুকুৰ ভিতৰখ্ন কুৰুকি কুৰুকি খাই থকা শূণ্যতাবোৰে আজিও তাইৰ ৰাতিবোৰ গধুৰ কৰি তোলে।

   পৰিস্মীতা গগৈ
   গুৱাহাটী

No comments:

Post a Comment