বেটুপাত

বেটুপাত

Sunday, 11 June 2017

দিছাং পাৰৰ সন্ধিয়া

নিঃশব্দ নিশাৰ অভিমানী আকাশ
তুমি কিয় ইমান উদাস
জোনাকবোৰ সিচি দিছাহি
মোৰ পদুলিত
নিশা গভীৰ হলেই
বুকুৰ কোনোবা খিনিত
শিল হয় ভাল পোৱাবোৰ
তোমাৰ বাৰু মনত আছেনে
দিছাংৰ পাৰৰ সন্ধিয়াৰ সপোনবোৰৰ কথা
তুমি বাৰু জানিছিলানে
কিমান গভীৰ হলে
হৃদয়ৰ পদুলিত শেৱালি ফুলৰ সুবাস নামে
হয়টো এয়াই হব মই মোক হেৰুৱাৰ সময়
এক উজাগৰী উদাসী নিশাৰ
সময়ৰ দোহাই হৃদয় খন নাভাঙিবা
ইয়াত এখন নদী বৈ যাব
কঠিন শিলৰ……….

বি কে দাস

No comments:

Post a Comment