বেটুপাত

বেটুপাত

Friday, 2 June 2017

মগনীয়া

চিনাকি তাইৰ সেই কান্ধত
ওলোমাই লৈ ফুৰা জোলোঙাখনি,
তাতেই যেন সোমাই
আছে তাইৰ অতীত বৰ্তমান আৰু ভৱিষ্যত গোটেই জীৱনটি।

তাতেই তাই সুমুৱাই লৈ ফুৰে মানুহৰ প্ৰবঞ্চনা
তিৰস্কাৰ আৰু গালি শপনি,
এঘৰৰ পাছত এঘৰ ঘূৰি
তৃষ্ণাতুৰ হৈ বিচাৰি ফুৰে এটুপি পানী ।

নহ'লে মাগিফুৰে এমুঠি
অন্নৰ বাবে হাহাকাৰ কৰি......!

যদিও নাপায় তাই কেতিয়াও একো বিচাৰি,
তথাপি ওলাই জোলোঙাখনি আঁৰি ভোকাতুৰ পেটৰ যতনা সহিব নোৱাৰি ।

অৱকাশ নাই তাইৰ জীবনক লৈ
কাৰণ তাই মগনীয়া,
মাগি ফুৰাই যেন তাইৰ
জীবনৰ একমাএ সাধনা।।


পূবালী নেওগ

No comments:

Post a Comment