বেটুপাত

বেটুপাত

Sunday, 4 June 2017

এজাক সুখৰ বৰষুণ

এজাক সুখৰ বৰষুণত তিতিবলে
কোন চাপৰা মেঘ
ক্ৰমে  ওচৰ চাপি আহিব
জুৰুলা জপৰাকৈ তিয়াই পেলাব অজানিতে

কোনো দিন নবজোৱা বাঁহীত
মাতাল আঙুলি পিয়াহৰ সতৃষ্ণা নিবেদন
জিভাৰে জুখি চোৱা
সুখৰ নদীৰ অমৃত মন্থনত

প্ৰাচু্ৰ্য্যৰ প্ৰবাল  প্ৰাচীৰ ভাঙি
দুখ দৈন্যতাৰ বা মাৰুলি চিগি
টপ্ টপ্ কৈ সৰি পৰিব
এজাক সুখৰ বৰষুণ ৷


 বাণীকান্ত লহকৰ

No comments:

Post a Comment