বেটুপাত

বেটুপাত

Friday, 2 June 2017

কেনে আছা তুমি অনামিকা

কেনে আছা তুমি অনামিকা?
আজিও লাগি থাকেনে ওঁঠত
তোমাৰ ওঁঠৰ
সেই হাস্নাহানা হাঁহি

বকুল তলত আজি মই অকলে
সোঁৱৰণিৰ তলসৰা পাত বুটলো

মনত পৰেনে তোমাৰ
উৰিয়াম ঘাটৰ গধূলিবোৰ
গৰখীয়া গুটি বিচৰা দিনবোৰ
পথাৰত লেছেৰি বুটলা
সেই পনীয়ল বিচৰা দিনবোৰ…

অতীত আৰু বৰ্তমান
মাজত সুদীৰ্ঘ এটি বাট
লেটেকু বুটলি ৰাখিছো
তোমালৈ এহৃদয়
কাটি কাটি কাঁইটিয়া সময় ৷

অনামিকা,
তুমি বোলে আজিকালি কবিতা লিখা?
আছেনে দীঘল দীঘল প্ৰেমৰ ঠিকনা
তোমাৰ কবিতাৰ ৰন্ধ্ৰে ৰন্ধ্ৰে…
এবাৰলেও কটাইছানে এটা
বিনিদ্ৰ কবিতাৰ ৰাতি
মোৰ নামত
মোৰ সোঁৱৰণত…
আছেনে তোমাৰ কবিতাৰ ভাঁজে ভাঁজে
উৰিয়াম ঘাটৰ বালিৰ সুবাস
ঝাওবনজোপা, পছতীয়া
অথবা বিহলঙনিৰ ঘ্ৰাণ ৷

তুমি বহানে বাৰু
হোষ্টেলৰ খিৰিকিমুখত জোনাকৰ উম লব’লৈ
টোপনি নহা ৰাতিবোৰ কবিতাৰে সজাবলৈ’…

খিৰিকিমুখত বহি তুমি
কি ভাবা আকাশলৈ চায় চায়?
নীলাৰ কথা নে মেঘৰ কথা
নে ভাবা আন বহু কিবা?

আকাশ চুবলৈ হাত নেমেলিবা
আঙুলি ফাঁকেদি সৰি পৰিব পাৰে বিষাদ,
মেঘ চুবলৈ হাত নেমেলিবা
দুচকুত লগাব পাৰে উথপ্ থপ্ বৃষ্টিই ৷

কাৰবাবে তোমাৰ দুচকুত
ইমান নিপোটল সপোন
ইমান অধীৰ অপেক্ষা…

কি ভাবা তুমি?
জোনৰ বুকুত ঘৰ সজাৰ কথা
ভাবিছানেকি বাৰু
স্নিগ্ধতাৰ সুবাস থুপি থুপি…

সমন্নয় ছাত্ৰী নিকেতনৰ
উন্মুক্ত খিৰিকি
তোমাৰ দুচকুত সীমাহীন আকুলতা
কাৰ বাবে ইমান ব্যাকুল
তোমাৰ হৃদয়ৰ কাৰেং
কোনজাক পছোৱাৰ বাবে
মেলি ধৰা তোমাৰ আবেগৰ দুহাত
মোৰ বাবেইনে?

মোৰ বাবে আছেনে
তোমাৰ বুকুত
এখন সাৰুৱা পথাৰ
আজিও
তাহানিৰ দৰেই…

আঘোনৰ ৰবাব টেঙাৰ গোন্ধ
হাতত তোমাৰ খৰখোজীয়া কাঁচি
ধানৰ মুঠি বিচৰাৰ চলতে
কাষ চাপিছিলো তোমাৰ…
আকৌ গুচি আহিছিলো…
লাজতে কোৱাই নহ’ল অ’ তোমাক
বহুতো বুজা-নুবুজা কথা
মাথোঁ দুচকুত ডেউদি নাচি ৰ’ল
ঘামে টল্ বল্ কৰা তোমাৰ
টুলপৰা নিমজ গাল ৷

কেনে আছা তুমি অনামিকা?

ফাগুনত শিমলু-পলাশ ফুলিলে
আহেনে মনলে’
মোৰ কথা, ল’ৰালিৰ কথা ৷
“অলৌগুটি, তলৌগুটি, কচুগুটি লাই…”
আৰু সেই যে
“ৰজাই হুকুম দিছে এডিম-ছেডিম বাই…”
কত যে কি খেলিছিলো!
মনত পৰিলে তোমাৰ
লাগেনে কেতিয়াবা উৰুঙা উৰুঙা
এটা নিজান দুপৰীয়া
অথবা এটা ডুবু ডুবু গধূলি ৷

কেনে আছা তুমি অনামিকা?

আছেনে একেই তোমাৰ
দুচকুৰ তিৰ্ বিৰণি
ভালপোৱানে আজিও
দুডলীয়া বেণী গুঁঠি

বাৰিষাত পানী ধোৱা পদূলি
পথে পথে কেঁচু-কুমটি-পৰুৱাৰ সমদল…
তাহানিৰ দৰে
সাতজাপ মাৰানে ভয়ত আজিও
বোন্দাকেঁচু দেখি?
মেটনি বিলত জাকৈ মাৰোঁতে
চিঞঁৰি উঠানে আজিও
কলাফুলত লাগি ধৰা জোকৰ ভয়ত?

কেনে আছা তুমি অনামিকা?

ৰাতিৰ নিৰ্জনতাই যেতিয়া সাৰপাই উঠে
উঁইচিৰিঙাৰ চিঞঁৰত
স্মৃতিয়ে সলাইনে বাগৰ
তোমাৰ হৃদয়ৰ…
শেতেলীফালি আহেনে এটি বেদনা গধুৰ ৰাতি
চকুপানী হৈ…
ৰিঙিয়াই মাতানে মোক
স্মৃতিয়ে আমনি কৰা দিনবোৰত
উৰিয়াম ঘাটত বহি বহি…
সোধানে মোৰ কথা
অৰিয়াম ঘাটৰ পানীক, কহুঁৱাক,
শৈশৱৰ ৰং সনা বালিক…

কেনে আছা তুমি অনামিকা?
কুশলে আছানে?

 ললিন টায়ে

No comments:

Post a Comment