বেটুপাত

বেটুপাত

Friday, 2 June 2017

মা

মাতৃ দিৱসৰ বিশেষ
মা" এটি মিঠা শব্দ, যিটো শব্দ সন্তানৰ মুখত প্ৰথম বাৰৰ বাবে শুনা যায় । মাকৰ জৰিয়তেই সন্তানে এখন পৃথিৱী দেখিবলৈ পায়, মাকৰ হাতৰ পৰশতেই সন্তানে একোলা দুকোলাকৈ ডাঙৰ হয়। পৃথিৱীখন চোৱাৰ হেঁপাহেৰে আগবাঢ়ি যায় জীৱনৰ নতুন পথত, এই পথত আগবাঢ়ি যাওঁতে প্ৰতিটো ক্ষণতে মাক সদায় সন্তানৰ লগত থাকে । প্ৰতিটো খোজতে আগবাঢ়ি যোৱাৰ বাবে মাকে সহায় কৰে, নিজে এসাঁজ নাখায়ো সন্তানক খোৱায় | এযোৰ কাপোৰ নিজে নিপিন্ধি সন্তানক পিন্ধায়, নিদ্রাহীন হৈ ৰাতি কটাই মাত্র নিজৰ সন্তানৰ প্রগতিৰ কাৰণে।
             কিন্তু আমি কি কৰো ??? যি সময়ত মাৰ কাষত থাকিব লাগে, যেতিয়া তেওঁক আমাৰ প্ৰয়োজন হয় তেওঁৰ কাষত পৰা আঁতৰি যাওঁ । এবাৰো ভাবি নাচাওঁ মায়ে আমাৰ কাৰনে কৰা কষ্টৰ মূল্য কি? পাহৰি যাওঁ সেই দিনবোৰ যিবোৰ দিনত মায়ে মোৰ চকুলো মুচি অশেষ কষ্ট কৰি আমাক ডাঙাৰ কৰা কথা ।
         যেতিয়া আমি ডাঙৰ হৈ শিক্ষিত হওঁ তেতিয়া মাৰ সেই কষ্ট বোৰ পাহৰি যাওঁ, আমাৰ বন্ধু –বান্ধুবী  আগত  চিনাকি দিবলৈ কুণ্ঠাবোধ কৰো । কাৰণ মা" যে অশিক্ষিত, আমাৰ সমাজৰ লগত তেওঁৰ আচাৰ ব্যৱহাৰ, সাজ পোছাক বা খাদ্যাভ্যাস নিমিলে। কিন্তু এইয়া আমাৰ কৰ্তব্য হয়নে? অমি এনে কৰা উচিত জানো ।মা" অশিক্ষিত কিন্তু তেওঁৰ সমান জ্ঞান আৰু কোনো নাই, মাৰ পৰা পোৱা মৰম,  ভালপোৱাবোৰ আন কোনো মানুহে দিব নোৱাৰে......!
(Love U Mom)


পি জে পৰশ নেওগ

No comments:

Post a Comment