বেটুপাত

বেটুপাত

Friday, 2 June 2017

স্বসমাধীস্থ

মোৰ সোৱঁৰণী সভাত
মই মোক আদৰিছো
জীৱন নামৰ পেৰাত আবদ্ধ
মই মোক বিচাৰিছোঁ,
আৰু কিমান সময়ৰ পিছত আহিব
আদৰণি সভাৰ পুৰোহিত?
মই মোক হেৰুৱাব বিচাৰিছোঁ
সমাধিত!!
আহ কিমান যন্ত্ৰনা হলে
সমাধি সাজিব পাৰি
তুমি জানো অনুভৱ কৰিব পাৰা …
বহাগৰ উচ্চল নিশা
তুমি হয়তো গাইছা
We are in the same boat brothers


বি কে দাস

No comments:

Post a Comment