মৰমৰ 'জোনাক '
ক'ৰ পৰা আৰম্ভ কৰো নাজানোঁ । তুমি যেনেদৰে অচিনাকী পথৰ পথিক আছিলা তেনেদৰেই কিয় নাথাকিলা কোৱা , মোৰ উকা উদাসীন বিৰিখজোপাত সেউজীয়া সানি জীপাল কৰিলা আৰু এতিয়া সেউজীয়াবোৰ আন্ধাৰ হ'বলৈ কিদৰে দিওঁ কোৱা ।
আন্ধাৰকেই সঁচা বুলি আকোঁৱালি লোৱা মোক কিয় আন্ধাৰৰ মাজত থাকিব নিদিলা । নাজানোঁ এই গভীৰ সীমাহীন আকাশ সদৃশ মৰমৰ শেষ ঠিকনা ক'ত ? তোমাক বাদ দি মোৰ কোনো সপোনেই পোখা নেমেলে জানা? ।এই পৃথিৱীৰ প্ৰতিটো সপোনত , প্ৰতিটো ভাৱনাতেই মাথোঁ তোমাৰ অনুভৱ জোনাক । তুমি জানানে মই যে কোনোদিনেই যান্ত্ৰিকতাৰ লগত মিলিব নোৱাৰিলো | এয়াই কিজানি জীৱনৰ আটাইতকৈ ডাঙৰ পৰাজয় মোৰ বাবে ।তুমি চাগে নাজানা জোনাক ??? হয়তো জানিবও পাৰা !!! জীৱনৰ প্ৰতিখোজতে তোমাৰ মৰমৰ ওচৰত মই হাৰি গলো নেকি ? মোক তোমাৰ বুকুৰ মাজত সাৱটি ৰাখানা জোনাক । তোমাৰ জানো মন নাযায় কলংৰ পাৰত হাতত ধৰা ধৰিকৈ খোজ কাঢ়িবলৈ ,কথা পাতিবলৈ !!!! মাথোঁ অনুভৱহে কৰিব পাৰিম এতিয়া এইবোৰ জানা ।মই দুখৰ উচ্চ পৰ্বত বগাই শিখৰ পোৱাৰ পাছত তুমিয়েতো বাট দেখুৱাইছিল জীয়াই থকাৰ ।তোমালৈ মাথোঁ এটাই অনুৰোধ ---মোক যেন বিশাদৰ কথাৰে থকা সৰকা কৰি মোৰ হৃদয়ৰ আৰু যেন এটা অংশও নাভাঙা । মই নাজানোঁ আৱেগক কিয় বাদ দিব নোৱাৰো । কিয় চকুপানীবোৰেহে মাথো সংগ দিয়ে মোক ।
' জোনাক ' জীৱনটো যিমানেই জটিল হঁওক মৰমে সকলো সহজ কৰি তোলে । মাঁথো এবাৰ মোক আকোঁৱালি লৈ তোমাৰ বুকুত জীয়াই ৰাখানা ।
ইতি
তোমাৰ
জোনালী
শ্ৰীমতী লীনাময়ী চৌধুৰী

No comments:
Post a Comment