বেটুপাত

বেটুপাত

Friday, 2 June 2017

চিলিন্ডাৰ আখ্যান

বিহুৰ দুদিন মান আগৰ কথা ৷ পুৱাই শ্ৰী মতিয়ে ৰঙা চাহৰ গিলাচটো  বিচনাৰ কাষতে থেকেচকৈ থৈ কৈ দিলে নহয় বোলে সোনকালে উঠক আৰু কত কেনেকৈ গেছ পাই আনকগৈ , গেছ শেষ ৷ গেছ শেষ বুলি কথাষাৰ শুনিবলৈ হে পালো, মুখত থকা অক্সিজেনৰ পাইপ ডাল হে যেন কোনোবাই খুলি দিলে  ৷ ইফালে গেছ বেলুনৰ দৰে ফুলা উঠা শ্ৰীমতিৰ মুখ খনলৈ চাই একান্ত বাধ্য ছাত্ৰৰ দৰে গৈ পাকঘৰ পালো ৷ হয়টো, যোৱা মাহৰ ৮ তাৰিখেই লগোৱা, হিচাপ এটা কৰি দেখিলো এমাহ দুদিন গল ৷ ধ্যেত এই বিহুটো সৰকি যোৱা হলেও, খংটো গেষ্ট্ৰিক বঢ়াদি বাঢ়ি আহিল ৷ এও লোকে গেছটো হিচাপ কৰি চলাব নাজানে ৷ গেছৰ ওপৰত পানী উঠাই বৰুৱানীৰ লগত " আমাৰ যে এও, নকব আৰু...." শিৰ্ষক আড্ডা মাৰি থাকোতে কেতিয়া চচপেনৰ পানী শুকাই শেষ হয় গমকে নাপাই ৷ কেৰাহী বহাই চব্জী কটা মানুহ হে ৷ দুআষাৰ মান ভালকৈ শুনাবলৈ মন আছিল বাপ্পেকে পিছে শুনাবলৈ গলে মোক যে একে ফৰ্টি চেভেন মুখৰে থকা সৰকা কৰিব জানি শুনিয়েই একো নকলো ৷ দোষটো মোৰেই ২১ দিনৰ পিছতো চিলিন্ডাৰ বুক কৰিবলৈ পাহৰি থাকিলো, তাতে আনটো চিলিন্ডাৰ সিদিনা দত্তনিয়ে খোজাত দি দিলো ৷ ৱালৰ সিফালৰ পৰা দত্তনীয়ে মিচিকীয়া হাঁহি এটা  বেৰিয়া দাঁতৰ মাজেৰে এৰি দি আকৌ ঘপকৈ মনটো দুখী যেন কৰি বোলে শইকীয়া দা আমাৰ চিলিন্ডাৰ শেষ হল, কালিলৈহে পাম, আজি যেন তেন চলিবলৈ দিয়ক না বুলি কলে,  মইও না কৰিব নোৱাৰি এওক নুসুধাকৈ ডাইৰেক্ট অৰ্ডাৰ দি বোলো দি দিয়া হে, আয়ু বেচেৰিৰ কম কষ্ট হৈছেনে চাগৈ ৷  শ্ৰীমতিয়ে ঘোপাকৈ চাই বোলো যোৱা পাৰিলে নিজেই দি আহা আৰু  ফুলা লুচিৰে সৈত্যে দত্তনীৰ হাতৰ চাহ একাপো খাই আহা ৷ এই মাইকী মানুহবোৰ একদম চচিয়েল নহয় ৷ যি কি নহওক গেছ শেষ হোৱাৰ লগে লগে যে দত্তনীক চিলিন্ডাৰ দিয়া কথাটোও শ্ৰীমতিৰ মনত পৰিছে মুখৰ এপিয়াৰেঞ্চ চাইয়েই গম পালো ৷ ৰুমৰ পৰা বাহিৰলৈ ওলাই আহি ফোনটোলৈ ওচৰ চুবুৰীয়া বন্ধু বান্ধৱ সকলোলৈকে ফোন লগালো ৷ সকলোৰে এটাই উত্তৰ " ইচ শইকীয়া ,যোৱাকালি নতুনটো লগাইছোহে" দত্তনীয়ে বোলে দাদা এজেঞ্চিত ইমান ফোন কৰি আছো জানেনে গেছৰ গাড়ী অহা নাই বুলি কৈ আজি দিম কালিলৈ দিম কৈ আছে ৷ এইটোকে খুলি দিও নেকি?  নাই নাই গেছ পাম তোমালোকে পালে দিলেই হল বুলি মিহিকৈ ক'লো ৷ হাজাৰ হওঁক ওচৰ চুবুৰিয়া ৷ ষ্টৰ ৰুমত আহি পুৰনা ষ্টভটো উলিয়াই চালো তেল নাই ৷ ইন্দাকচন কুকাৰটোৱেও আইছি ইউত মানে  মেকানিকৰ তাত পৰি আছে ৷ আগতে জেউৰা ভাঙিও এষাজ যেন তেন বনাইছিলো, পকী ৱাল দিয়াৰ পৰা সেইটোৰো মুদা মৰিল ৷ কি কৰা যাই ৷ এনেতে দেখিলো লৰা ছোৱালী কেইটাক কাপোৰ কানি পিন্ধাই এও ৰেডি ৷ বোলে ঘৰলৈ যাও, গেছ পালে মাতি দিবা ৷ তুমি এই কেইদিন দত্তনীৰ ঘৰতে খাবা ৷ মই জুই  ফুৱাই ভাত  বনাব নোৱাৰো ৷ ধোৱা লাগিলে এলাৰ্জী হয় তাতে যোৱাকালিহে পাৰ্লাৰৰ পৰা আহিছো ৷  মই পেটে পেটে বোলো যোৱা দুদিন মান মাৰাৰ ঘৰতে থাকি আহা, মই হোটেলতে মাছে মঙহে দকহি খাম ৷ সন্ধিয়া বৰুৱাৰ লগত বহি বিন্দাচ কেক কেকনী নুশুনাকৈ ফুৰ্টি পানীকনৰ লগতে ৰামী খেলিবলৈও পাৰিম ৷ আগৰ দিনৰ দৰে কথাই প্ৰতি মাৰ ঘৰত যাও দম দেখাই লাভ নাই ৷ জমানা সলনি হল ৷ তথাপি মৰম দেখাই বোলো নালাগে যাব গেছ আনি আছো ৰবা ৷ হাতৰ কুঠাৰ খন নিজৰ ভৰিত হে যেন  মাৰিলো,  শ্ৰীমতিও বোলে ঠিক আছে ৷ ধেই এনেই ফুৰ্তি কৰিলো ৷ চিলিন্ডাৰটো বাইকৰ পিছত চাইকেলৰ টিউবৰে ভালদৰে বান্ধি এজেঞ্চী পালোগৈ ৷ দোকানৰ আগত ষ্টক নিল বৰ্ড ৷ খংটো ছুলিৰ আগ পালেগৈ ৷ আগতে ব্লেকত দিয়া আমাৰ ওচৰৰে গজেনলৈ ফোন কৰিলো ৷ সি কলে দাদা  যোৱা কালি শৰ্মাদাৰ ঘৰত দুটা চিলিন্ডাৰ দি আহিলো নহয়,   নহলে আপুনি এটা পালে হেতেঁন  ৷ ডাৱৰ শ্ৰৱনপ্ৰাচ নোখোৱাকৈয়ে স্মাৰ্ট মোৰ ডিমাগটো সক্ৰিয় হৈ উথিল৷ বাইক ষ্টাৰ্ট দিলো ৷ শৰ্মা মানে পিতাম্বৰ শৰ্মা,  মানুহ জন বৰ গোড়া,  কেবল ইটো নাপাই সিটো নাপাই ৷ কথাই প্ৰতি চুৱা লাগে ৷  ঘৰ পাই ভাল বেয়া সুধাৰ চলতে মোৰ পইন্টোলৈ আহিলো ৷ বোলো পুৱাই গেছ শেষ হল তাকে ৰহমানৰ তাত গৈছিলো ৷ শৰ্মাই বোলে ৰহমানে কচাইৰ কামহে কৰে ৷ মই বোলো নহয় দেউ আজি কালি চিলিন্ডাৰ ব্লেক কৰিব নোৱাৰা হল যে ৰহমানৰ ঘৰতহে  গজেনে চিলিন্ডাৰ ৰাখে ৷ মনতে ভাবিছিলো ৰহমানৰ ঘৰৰ চিলিন্ডাৰ শুনিলে শৰ্মাদেউৱে কাহানিও পাকঘৰত সেই চিলিন্ডাৰ নভৰাই ৷  গজেনক ঘুৰাই  দিলেই মই পাই যাম ৷ পিছে মোৰ কথা শুনাৰ পিছতে বুঢ়া উথি গৈ থাল এখনত ফুল তুলসী লৈ কিবা কিবি মুখৰ ভিতৰতে গাই পাকঘৰত থকা আৰু বাৰান্ডাত থকা চিলিন্ডাৰ দুটাত পানি চিটাই ৰঙা ফোট এটা দি চিলিন্ডাৰটোৰ ধৰ্মই সলনি কৰি পেলালে ৷ মোক বোলে বুজিছা শইকীয়া তুমি নোকোৱা হয় গমেই নাপালো হেতেন  নহয় ৷ মই বোলো হয় দেউ আগতে চৰু সকলোকে চুব দিয়া নহৈছিল ৷ ধৰ্ম বৰ্তি আছিল ৷ এতিয়া কাৰ ঘৰৰ পাকঘৰৰ চিলিন্ডাৰ কাৰ ঘৰৰ পাকঘৰত সোমাই থিক নাই ৷ জাত পাত নাইকীয়া হল ৷ সকলোৰে চৰু এক হল ৷ কবলৈ গলে গ্লবেলাইজেচন হল ৷ হওক তেও এইবাৰৰ পৰা চিলিন্ডাৰ চিধা আপোনাৰ তালৈকে আনি ফোঁট পানী দি নিজৰ ধৰ্মত উথাই লম ৷ কামটো ভৱা মতে নহৈ বুঢ়াৰ ওপৰতে টিঙিচকৈ খংটো উথিল ৷ কতো একো নাপাই শেন টো হৈ গৈ ফেঁচাটোৰ দৰে ঘৰ পালোহি ৷ মনতে বোলো গেছ নেদেখিলে আজি শ্ৰীমতিয়ে এসাজ ভালকৈয়ে খুৱাব ৷ পিছে  উৱা ঘৰত আহি দেখিলো কাষৰ ঘৰৰ কলিতাই ডাইনিংত বহি টামাম ফুলা লুচি চাহৰ সৈতে দি আছে ৷ মই ভিতৰলৈ আহি শ্ৰীমতিক সুধিলো বোলো কেচ কি?  গেছ কত পালা ৷ শ্ৰীমতিয়ে বোলে দত্তনিক যি দৰে  তুমি চিলিন্ডাৰ  দিছিলা তেনেদৰে  কলিতাই মোকো দিলে !!!

দেৱজিৎ শইকীয়া
সহকাৰী অধ্যাপক
উদ্ভিদ বিজ্ঞান বিভাগ
চন্দ্ৰনাথ বেজবৰুৱা মহাবিদ্যালয় 

No comments:

Post a Comment