বেটুপাত

বেটুপাত

Friday, 2 June 2017

মুখাৰ আৰৰ কাহিনী

মানুহ পঢ়িছা ?
নোৱাৰা পঢ়িব মানুহৰ মুখ !
সুন্দৰ মুখবোৰ দেখিছা?
পাৰিবা আতৰাব ক'লা আৱৰণ?
নোৱাৰা !
মানুহ শুনিছা?
বিচাৰ কৰিব পাৰিবা  জানো ……
সত্য নে অসত্য !
মানুহৰ মৰম পাইছা ?
অনুভৱ কৰিব পাৰিবা……
মৰম নে চলনা ?
সভ্যতাৰ জখলাত ওলমি আকাশ চুম্বা মানুহ !!
অচীন অসভ্যতাৰ সাজেৰে নিজকে সজাই চিনাকি দিয়ে……মই সভ্য, মই উচ্চ ।
ধিক্কাৰ…… তেনে মানুহ, মানুহৰ সংগ, মানুহৰ সমাজ !!!!
নিৰ্জনতাৰ পৃথিৱীৰ
সাগৰৰ মাজৰ এটা দ্বীপত বহি একছত্ৰী সাম্ৰাজ্ঞী হৈ
আকাশৰ সৈতে পতায়ে মোৰ জীৱন ধন্য !
মানুহে হয়তো ক'ব………
অসভ্য, অসামাজিক, মতিভ্ৰমী !
মই মাথোন হাঁহিম ……
প্ৰতোত্তৰ নিদিওঁ
কাৰণ মই জানো
সভ্য কোন
আৰু সভ্যতা কি !!!!

অনিন্দিতা মহন্ত

No comments:

Post a Comment