বেটুপাত

বেটুপাত

Sunday, 11 June 2017

সুৰ

নিৰ্জনতাৰ পৰা ভাঁহি আহিছে
অনুভৱী সুৰ,
ৰাঙলী হৈ পৰিছে মনৰ
নীৰস নিৰ্লিপ্ত ভাৱনা
আকাশৰ শূণ্যতাৰ মাজত
ৰিঙিয়াই উঠিছে এই সুৰ,
সুৰৰ মূৰ্ছনাত সেউজীয়া হৈছে
আহিনৰ পথাৰ..........
অবিশ্ৰান্তভাৱে ভাঁহি আছে
এই সুৰৰ চঞ্চলতা,
আন্ধাৰৰ মাজত চাই 'লো
মই সুৰৰ অনন্ত ধেমালী।।
            
ভাস্কৰজ্যোতি কলিতা

No comments:

Post a Comment