বেটুপাত

বেটুপাত

Friday, 2 June 2017

আজি ফাগুন ফাগুন

আজি ফাগুন ফাগুন
দেহৰ শিৰে শিৰে বৈ যায় ।
চেচাঁ আলশুৱা চুমা এটি দি যায় ।
অকলশৰিয়া হিয়াই কাৰোবাক বিচাৰে,
মনৰে দাপোনত যাক মনে বিচাৰে
আজি যাযাবৰি কবি মই ।
মোৰ মন যাযাবৰ ।
এটি   উৰণীয়া  পক্ষী হৈ উৰি যায় মোৰ মন অসীমলৈ ।
আজি মই যাযাবৰ ।
হাতত থকা কলমটো আৰু ওঁকা কাগজখনি মোৰ জীৱনৰ প্ৰেয়সী ।
নোৱাৰিলোঁ দুখক নেওচিব ,
নোৱাৰিলোঁ চকুলো মুচিব ।
আজি মই যাযাবৰ ।
কাল বতাহৰ মুকলি আকাশে মাতিছে আজি মোক “আহ তই আহ ”
মলয়াই আহি পলকতে আহি কৈ গৈছে আজি বিনম্ৰ হৈ মই বলিম ,তই ৰৈ যা ।
ৰৈ ৰৈ যা ।।
নিজানতাৰ সংগী হৈ থাকো সদায় চিনাকি নদীৰ পাৰত বহি , কলম তুলি ওঁকা কাগজত আৰু লিখো কবিতা ।
আজি যাযাবৰি কবি মই , মোৰ মন যাযাবৰ ।
মোৰ মন যাযাবৰ ।।
সন্ধানহীন আজি মই ধুমুহাৰ কোবাল সোঁতত ।
মোৰ   অতীতৰ  স্মৃতিয়ে আজি হেতালি খেলে মোৰ বুকুত ।
অসংখ্য পক্ষীৰ বিননিত আজি বাজিছে প্ৰেমৰ গান, বোঁৱতি নদীৰ কোলকোলনিত আজি বৈ যাব, উটি যাব মোৰ নিঠৰুৱা প্ৰাণ ।
দুখক নেউচিব নোৱাৰো মই , চকুলোৰ আৰৰ এটি আধৰুৱা হাহিঁ মই ।
আজি যাযাবৰ মই ।
বেদনাৰ চকুলোৱে আজি আচুৰিছে মোক অজান পুৱাৰ দূক - মোকালিতে , এক প্ৰতি পলে ওচুপি কান্দোনৰ দেহা তিতিছে ।
ৰিমজিম ৰিমজিম বৰষুণৰ টুপালে অতীতক নেঁওচে , পাৰ হৈ যোৱা সময়ে প্ৰেয়সী জনিক বিচাৰে ।
কিয় জানো দূৰে দূৰে আজি মনে পোহৰ বিচাৰি নেপায় , কিয় জানো কাষতে মনে  আন্ধাৰকে চিনি পায় ।
হেঙুলি পৰশত চুই যোৱা মৰমে আজি নিচুকণিক আনিছে ।
অবুজন হিয়াই ধূলি খেলি খেলি নিঠৰুৱা হৈ পৰিছে ।।
ওকা কাগজখনিৰ দৰে আজি মোৰ হৃদয়খনি ওকা ।
পূৰাব নোৱাৰো লিখনি প্ৰেমৰ  ব্যাকুলতা ।
আজি সৰি পৰা সৰা পাতৰ শেষ ইচ্ছা মই ।
আজি আপোন পৰিচয় হেৰুৱা মৰাসুতি মই ।
নিজান বাটৰ নিজানতা মই ।
আজি যাযাবৰি কবি মই ,
আজি যাযাবৰ মই ।

জিতুপল দিচাং

No comments:

Post a Comment